ETV Bharat / sports

হেণ্ডিংলেত ভাৰতৰ পূৰ্বৰ ৰেকৰ্ড; ২৩ বছৰে পুহি ৰখা বিজয়ৰ আশা পূৰণ হ'ব নে ?

হেণ্ডিংলে'ত ভাৰতৰ ৰেকৰ্ড আশানুৰূপ নহয় । ৭ খনৰ দুখনতহে বিজয়ৰ মুখ দেখিছে ।

Headingley stadium
হেণ্ডিংলে'ত ভাৰত-ইংলেণ্ডৰ প্ৰথম টেষ্ট (AFP Photo)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 2:42 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ২০ জুন অৰ্থাৎ কাইলৈৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত ঐতিহাসিক টেষ্ট শৃংখলা আৰম্ভ হ'ব । লিডছৰ হেডিংলে'ত আৰম্ভ হ'ব ৫ খনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট । দুয়োটা দলৰ বাবে এই শৃংখলা অতি গুৰুত্বপূৰ্ণ হ'ব । কিয়নো ইয়াৰ দ্বাৰা দুয়োটা দলে ২০২৫-২৭ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নতুন চক্ৰৰ অভিযান আৰম্ভ কৰিব ।

প্ৰথমখন মেচ হেডিংলে'ত অনুষ্ঠিত হোৱাৰ বিপৰীতে দুয়োটা দলে এজবেষ্টন, লৰ্ডছ, অ'ল্ড ট্ৰেফৰ্ড আৰু দ্য অ'ভেলত পৰৱৰ্তী মেচ খেলিব ।

২৩ বছৰ পিছত বিজয়ৰ অপেক্ষাত ভাৰত :

ভাৰতীয় দলটোক প্ৰথমবাৰৰ বাবে নতুন অধিনায়কে নেতৃত্ব দিব । দুগৰাকী অভিজ্ঞ খেলুৱৈ ক্ৰমে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অনুপস্থিতিত শুভমন গিলে দলটোক নেতৃত্ব দিব । এই টেষ্টৰ জৰিয়তে ভাৰতীয় ক্ৰিকেটত গিলৰ যুগ আৰম্ভ হ'ব । অৱশ্যে প্ৰত্যাহ্বান যথেষ্ট কঠিন হোৱাৰ সম্ভাৱনা আছে । প্ৰথমখন টেষ্ট অনুষ্ঠিত হ'বলগীয়া হেডিংলে'ত ভাৰতৰ বৰ এটা ভাল অভিলেখ নাই আৰু এই খেলপথাৰত টেষ্ট জয়ৰ বাবে ২৩ বছৰ ধৰি ভাৰতে সংগ্ৰাম কৰি আহিছে ।

হেডিংলে'ত ভাৰতৰ অভিলেখ :

এই ষ্টেডিয়ামত ভাৰতৰ প্ৰদৰ্শন মিশ্ৰিত । ১৯৫২ চনত প্ৰথমখন মেচ খেলাৰ পিছৰে পৰা ভাৰতে খেলা ৭ খন টেষ্ট মেচৰ ভিতৰত মাত্ৰ ২ খন খেলতহে জয়লাভ কৰিছে । ১৯৮৬ চনত কপিল দেৱৰ নেতৃত্বত এখন টেষ্টত জয়ী হৈছিল আৰু ২০০২ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতীয় দলটো জয়ী হৈছিল । ছুইঙৰ বাবে জনাজাত এই খেলপথাৰৰ পিটছ বেটছমেনসকলৰ বাবে প্ৰত্যাহ্বানমূলক হয় ।

হেডিংলে'ত ভাৰতৰ পূৰ্বৰ গুৰুত্বপূৰ্ণ পৰিসংখ্যা :

মেচৰ সংখ্যা : ৭

ফলাফল : ২ জয়, ৪ পৰাজয় আৰু ১ খন ড্ৰ'

সৰ্বাধিক স্কৰ : ২০০২ চনত ৬২৮/৮ (ঘোষণা কৰিছিল)

সৰ্বনিম্ন স্কৰ : ২০২১ চনত ৭৮/১০

সৰ্বাধিক ৰাণ : দিলীপ ভেংসৰকাৰ (২২৮)

সৰ্বাধিক উইকেট : ৰ'জাৰ বিনী (৭)

হেডিংলে' টেষ্ট সম্পৰ্কীয় আন কিছু তথ্য :

  • ১৯৫২ চনত হেডিংলে'ত ভাৰতৰ প্ৰথমখন টেষ্ট মেচত লিঅ'নাৰ্ড হাটনৰ নেতৃত্বত আয়োজক দলটোৱে ৭ উইকেটত জয়ী হৈছিল ।
  • হেডিংলে'ত ভাৰতৰ প্ৰথমটো জয় ১৯৮৬ চনৰ জুন মাহত কপিল দেৱৰ নেতৃত্বত আছিল । ইংলেণ্ডক ২৭৯ ৰাণত পৰাস্ত কৰিছিল ।
  • দ্বিতীয় আৰু অন্তিম জয় ২০০২ চনৰ আগষ্ট মাহত সৌৰভ গাংগুলীৰ নেতৃত্বত আছিল । ভাৰতীয় দলটোৱে ইংলেণ্ডক ২৭৯ ৰাণত পৰাস্ত কৰিছিল ।
  • হেডিংলে'ত ভাৰত আৰু ইংলেণ্ডৰ মাজত অন্তিমখন মেচ ২০২১ চনত অনুষ্ঠিত হৈছিল, য'ত জ' ৰুটৰ নেতৃত্বত গঠিত ইংলেণ্ড দলটোৱে বিৰাট কোহলীৰ ভাৰতীয় দলটোক এটা ইনিংছ আৰু ৭৬ ৰাণত পৰাস্ত কৰিছিল ।

লগতে পঢ়ক: আই চি চি মহিলা টি-২০ বিশ্বকাপ 2026 ৰ সূচী ঘোষণা - WOMENS T20 WORLD CUP 2026