জো ৰুটৰ সংযমী বেটিঙেৰে লৰ্ডছ টেষ্টৰ প্ৰথম দিনা ভাৰতৰ বিৰুদ্ধে সন্মানজনক স্থিতিত ঘৰুৱা দল
জো ৰুটৰ ধৈৰ্যশীল বেটিং, ঋষভ পন্তৰ আঙুলিৰ আঘাতে নজৰ কাঢ়িলে লৰ্ডছ টেষ্টৰ প্ৰথমদিনাৰ খেলত ৷ ৰুটৰ ইনিংছৰ সুবাদত ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ স্থিতি মজবুত ৷

Published : July 11, 2025 at 11:51 AM IST
লণ্ডন: ভাৰতৰ আৰু ইংলেণ্ডৰ মাজত চলি থকা পাঁচখন টেষ্টৰ শৃংখলাৰ তৃতীয়খন টেষ্টত ভাৰতৰ বিৰুদ্ধে এক সুস্থিৰ অৱস্থাত উপনীত ইংলেণ্ড ৷ লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ প্ৰথম দিনা টছত জিকি ঘৰুৱা দলে ধৈৰ্যৰে ভাৰতৰ ব’লিঙৰ মোকাবিলা কৰি এক সন্মানজনক স্কোৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ভাৰতীয় উইকেটৰক্ষক ঋষভ পন্তৰ আঙুলিৰ আঘাতে কিছু পৰিমাণে চিন্তিত কৰি তুলিছে ভাৰতীয় শিবিৰক ৷ বেজবেলৰ ঠিক বিপৰীত ধাৰাৰে বেটিং কৰি ইংলেণ্ডে প্ৰথম দিনৰ শেষত ৪টা উইকেট হেৰুৱাই ২৫১ ৰান সংগ্ৰহ কৰে।
লৰ্ডছত প্ৰথম দিনটোৰ শেষত টেষ্ট ক্ৰিকেটত ৩৭ সংখ্যক শতক অৰ্জন কৰিবলৈ মাত্ৰ এক ৰানহে বাকী আছে ৰুটৰ। তেওঁ ১৯১টা বলত ৯৯ ৰানেৰ এক অপৰাজিত ইনিংছ খেলি খেলখনৰ প্ৰথমদিনা ভাৰতীয় বলাৰৰ ধৈৰ্য্যৰ পৰীক্ষা লয় । যদিও শতক সম্পূৰ্ণ নকৰাটো ৰুটৰ বাবে হতাশাজনক পৰিঘটনা হ’ব পাৰে, তথাপিও ৩৪ বছৰীয়া ৰ’টে ভাৰতীয় দলৰ বিৰুদ্ধে বিশেষ মাইলৰ খুঁটিত উপনীত হয়।
#NitishKumarReddy's double blow. #RavindraJadeja's post-tea punch. @Jaspritbumrah93's jaffa to rattle Brook. 🎯
— Star Sports (@StarSportsIndia) July 10, 2025
Wickets in bursts, momentum building.
Will India wrap it up early on Day 2?#ENGvIND 👉 3rd TEST Day 2 FRI, JULY 11, 2:30 PM streaming on JioHotstar pic.twitter.com/953k5MYWi4
তেওঁ ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত ৩০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। ৬০ ইনিংছত এই মাইলৰ খুঁটিত উপনীত হয় ৰুটে। ভাৰতৰ বিৰুদ্ধে টেষ্ট খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ৰিকি পণ্টিং (২৫৫৫) আৰু এলিষ্টেয়াৰ কুক (২৪৩১)। শীৰ্ষ পাঁচটা স্থানত আছে ক্ৰমে ষ্টিভ স্মিথ (২৩৫৬) আৰু ক্লাইভ লয়েড (২৩৪৪)।
প্ৰথম সত্ৰত বেন ডাকেট আৰু জেক ক্ৰ’লীৰ প্ৰাৰম্ভিক যুটিটোক উভতাই পঠিয়ায় নীতিশ ৰেড্ডীয়ে। কিন্তু লৰ্ডছত তৃতীয় টেষ্টৰ প্ৰথম দিনাৰ দ্বিতীয় সত্ৰত উইকেটবিহীন হৈ থাকে ভাৰতীয় দল । বৃহস্পতিবাৰে দ্বিতীয় সত্ৰত জো ৰুট আৰু অলি পোপৰ নিৰ্ভৰযোগ্য বেটিঙে ভাৰতীয় বলাৰসকলক বেকফুটলৈ ঠেলি দিয়ে। কিন্তু দ্বিতীয় সত্ৰত বিৰোধী বেটছমেনতকৈ ভাৰতৰ বাবে অধিক চিন্তাৰ কাৰণ হৈ পৰিল ঋষভ পন্ত। উইকেটকীপাৰ-বেটছমেনগৰাকীয়ে বাওঁহাতৰ তৰ্জনী আঙুলিত আঘাত পাই খেলপথাৰ এৰিবলগীয়া হয় । যিটোৱে তৃতীয় টেষ্টৰ আৰম্ভণিতে ভাৰতীয় শিবিৰত চিন্তাৰ সৃষ্টি কৰে।
দিনটোৰ দ্বিতীয় সত্ৰত ইংলেণ্ডৰ ইনিংছৰ ৩৪ সংখ্যক অভাৰত, অলি পোপক বুমৰাহৰ বলত পন্তে লেগছাইডৰ বাহিৰত নিজৰ বাওঁফালে জপিয়াই কেচ আউট কৰে। সেই সময়ত ভাৰতীয় সহ-অধিনায়কজনে আঙুলিত আঘাত পায়। বিষত হুমুনিয়াহ কাঢ়ি থকাও পৰিলক্ষিত হয় উইকেটকীপাৰজনক। হাতত টেপ লগাই ফিজিঅ’ৰ পৰা প্ৰাৰম্ভিক চিকিৎসা গ্ৰহণ কৰাৰ পিছত বাকীথকা অভাৰটো চম্ভালি কৰি খেলপথাৰ এৰিবলৈ বাধ্য হয় পন্ত। তেওঁৰ পৰিৱৰ্তে উইকেট ৰক্ষকৰ দায়িত্ব পালন কৰিবলৈ সোমাই আহে ধ্ৰুৱ জুৰেল।
তাৰকা ষ্টাম্পাৰ-বেটছমেনৰ অৱস্থা কেনেকুৱা ? টেষ্টৰ বাকী সময়ছোৱাত পন্তে খেলপথাৰত নামিব পাৰিবনে ? অনুৰাগীৰ মাজত প্ৰশ্নৰ অৱতাৰণা হোৱা আৰম্ভ হয় । ইয়াৰ অলপ সময়ৰ পিছতে ব’ৰ্ডে পন্তৰ আঘাতৰ বিষয়ে এটা আপডেট জাৰী কৰে। ইয়াত কোৱা হয়, "টিম ইণ্ডিয়াৰ সহ-অধিনায়কগৰাকীয়ে বাওঁ তৰ্জনী আঙুলিত আঘাত পাইছে। বৰ্তমান তেওঁক চিকিৎসা দলৰ পৰ্যবেক্ষণত আছে। তেওঁৰ পৰিৱৰ্তে ধ্ৰুৱ জুৰেলে উইকেটৰক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছে।" অৰ্থাৎ দ্বিতীয় দিনা পন্ত নিজক ভূমিকা পালন কৰিব পাৰিব বা বেটিং কৰিব পাৰিব নে নাই সেই সম্পৰ্কে সন্দেহ দূৰ হোৱা নাই। মুঠতে তৃতীয় টেষ্টৰ আৰম্ভণিতে ভাৰতৰ বাবে এয়া এক চাপ সদৃশ পৰিস্থিতি ।
𝙏𝙬𝙤 good, @NKReddy07🔥
— Star Sports (@StarSportsIndia) July 10, 2025
He came on to bowl in just the 14th over and struck twice, sending #BenDuckett and #ZakCrawley back! 💪
Fun fact: In a single over, NKR registered his best Test figures - 2/5* 😎#ENGvIND 👉 3rd TEST, DAY 1 | LIVE NOW on JioHotstar ➡… pic.twitter.com/C6FHgSVB8Z
ইয়াৰ পূৰ্বে খেলৰ আৰম্ভণিতে ইংলেণ্ডে টছত জয়লাভ কৰি লৰ্ডছ টেষ্টত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । জো ৰুটৰ দৃঢ়তাৰে ভৰা বেটিঙৰ সৌজন্যত দিনটোৰ শেষত এক সন্মানজনক স্থিতিত উপনীত হৈছে ঘৰুৱা দল। যদিও প্ৰথম দুখন টেষ্টত বেটৰ সৈতে নীৰৱে আছিল ৰুট, কিন্তু তৃতীয় টেষ্টত দলটোৰ আটাইতকৈ অভিজ্ঞ বেটছমেনজন শতকৰ কাষ চাপিছে।
ইয়াৰ উপৰিও অধিনায়ক বেন ষ্ট’কছ ১০২ বলত ৩৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়।
দিনটোৰ তৃতীয় সত্ৰত ৰুটৰ সৈতে তৃতীয় উইকেটৰ বাবে ১০৯ ৰান সংযোজন কৰাৰ পিছত অলি পোপ আউট হয় । তেওঁক ৪৪ ৰানত জাদেজাই পেভেলিয়নমুখী কৰে। তাৰ পাছত লৰ্ডছ টেষ্টত মূল একাদশলৈ ঘূৰি অহা যশপ্ৰীত বুমৰাহে ইয়াৰ আগৰ মেচত শতক অৰ্জনকাৰী হেৰী ব্ৰুকক ব্যক্তিগত ১১ ৰানত বিদায় দিয়ে । আনহাতে এজবাষ্টন টেষ্টৰ জয়ৰ নায়ক আকাশদীপ ১৭ অভাৰ বলিং কৰাৰ পিছতো উইকেটবিহীন হৈ থাকে।
লগতে পঢ়ক: টেষ্টৰ পৰা কিয় অৱসৰ গ্ৰহণ কৰিলে ? অৱশেষত মুখ খুলিলে কিং কোহলীয়ে - KOHLI ON TEST RETIREMENT

