ETV Bharat / sports

ভাৰতীয় ক্ৰিকেটত 'গিল-পণ্ট' যুগৰ আৰম্ভণি; বেকফুটত ইংলেণ্ড

এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী ২০২৫ৰ প্ৰথম টেষ্টৰ প্ৰথম দিনটোতে ভাৰতীয় যুৱ তাৰকাৰ দপদপনি । ২ ভাৰতীয়ই অৰ্জন কৰিলে শতক ।

IND vs ENG Test
ভাৰতীয় ক্ৰিকেটত 'গিল-পণ্ট' যুগৰ আৰম্ভণি (AP Photo)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 11:53 AM IST

3 Min Read
Choose ETV Bharat

হেডিংলে' : ভাৰত আৰু ইংলেণ্ডৰ মাজত ঐতিহাসিক এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফী আৰম্ভ হৈছে । ৫ খনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে । মেচখনৰ প্ৰথম দিনটো সম্পূৰ্ণৰূপে ভাৰতীয় খেলুৱৈৰ নামত আছিল । কিয়নো টছৰ বাহিৰে যেন ইংলেণ্ডৰ পক্ষত একোৱে নাথাকিল । খেলৰ প্ৰথম দিনাই ভাৰতীয় অ'পেনাৰ বেটছমেন যশস্বী জয়ছোৱাল আৰু অধিনায়ক শুভমন গিলে শতক অৰ্জন কৰে ।

ফলত প্ৰথম দিনাৰ খেল শেষ হোৱাৰ সময়ত ভাৰতীয় দলৰ স্ক'ৰ আছিল ৮৫ অভাৰত ৩ উইকেটত ৩৫৯ ৰাণ । অধিনায়ক গিলে ১৭৫ টা বলত ১২৭ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হোৱাৰ বিপৰীতে উপ-অধিনায়ক ঋষভ পণ্টে ৬ টা চাৰি আৰু ২ টা ছিক্সাৰৰ সহায়ত ৬৫ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ আছে ।

জয়ছোৱাল আৰু ৰাহুলৰ সুন্দৰ আৰম্ভণি

দিনটোৰ প্রথম ছেচনত অ'পেনাৰ কে এল ৰাহুল (৪২) আৰু জয়ছোৱালে ইংলেণ্ডৰ আক্রমণৰ মুখামুখি হৈ প্রথম উইকেটত ৯১ ৰাণ সংযোজন কৰি দলটোক শক্তিশালী আৰম্ভণি দিয়ে ৷ ৩৯ বছৰৰ পাছত ভাৰতীয় অ'পেনাৰ যুটিটোৱে লিডছত অৰ্ধশতকৰ পাৰ্টনাৰশ্বিপ কৰে । ইংলেণ্ডৰ বলাৰ ষ্ট'কছ, ব্ৰাইডন কাৰ্ছ, জোছ টংগ আৰু ক্ৰীছ ৱ'কেছে ৰাহুল আৰু জয়ছোৱালক দমন কৰিব নোৱাৰিলে ।

জয়ছোৱালৰ আকৰ্ষণীয় শতক

দিনটোৰ দ্বিতীয় ছেচনত বাওঁহাতৰ তাৰকা বেটছমেন যশস্বী জয়ছোৱালে ১৪৪ টা বলত ১৬ টা চাৰি আৰু ১ টা ছিক্সাৰৰ সহায়ত কেৰিয়াৰৰ পঞ্চম টেষ্ট শতক অৰ্জন কৰে । অৱশ্যে চাহ বিৰতিৰ পিছত ১০১ ৰাণত জয়ছোৱাল আউট হয় । ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট'কছে জয়ছোৱাল আৰু গিলৰ পাৰ্টনাৰশ্বিপ ভংগ কৰে । ষ্ট'কছে যশস্বী জয়ছোৱালক আউট কৰে । কিন্তু তাৰ পূৰ্বে দুয়োজনে ১২৮ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ি ভাৰতক শক্তিশালী স্থিতিলৈ লৈ যায় ।

শুভমন গিলৰো শতক অৰ্জন

ইফালে ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে দিনটোৰ অন্তিম ছেচনত শতক অৰ্জন কৰে । টেষ্টৰ অধিনায়ক হিচাপে গিলৰ এইখন প্ৰথম মেচ । ইয়াৰ লগে লগে তেওঁ অধিনায়কত্বৰ অভিষেকত টেষ্টত শতক অৰ্জন কৰা পঞ্চম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় । তেওঁৰ পূৰ্বে বিজয় হাজাৰে, সুনীল গাভাস্কাৰ, দিলীপ ভেংসৰকাৰ আৰু বিৰাট কোহলীয়ে এই কৃতিত্ব অৰ্জন কৰিছে ।

ইয়াৰ লগে লগে টেষ্ট মেচৰ প্ৰথম দিনটোত ২ ভাৰতীয় বেটছমেনে শতক অৰ্জন কৰাৰ অভিলেখো সৃষ্টি হয় । ইয়াৰ পূৰ্বে মাত্ৰ দুবাৰ হে এনে হৈছিল । ইয়াৰ পূৰ্বে ২০০১ চনত দক্ষিণ আফ্ৰিকা আৰু ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতীয় বেটছমেনে এই কৃতিত্ব অৰ্জন কৰিছিল ।

পণ্ট আৰু গিলৰ মাজত শতকৰ পাৰ্টনাৰশ্বিপ

ভাৰতৰ উপ-অধিনায়ক ঋষভ পণ্টে প্ৰথমে সতৰ্কতাৰে বেটিং কৰে যদিও তাৰ পিছত হাত খুলিবলৈ আৰম্ভ কৰে । ৮১ নম্বৰ অভাৰত ৯১ টা বলৰ মুখামুখি হৈ তেওঁ অৰ্ধশতক সম্পূৰ্ণ কৰে । পণ্ট আৰু গিলে ১৯৮ টা বলত ১৩৮ ৰাণৰ অপৰাজিত পাৰ্টনাৰশ্বিপ ইনিংছ খেলে । যাৰ বাবে প্ৰথম দিনাই ভাৰতৰ স্ক'ৰ ৩৫৯ত উপনীত হয় ।

এতিয়া শনিবাৰে টেষ্টৰ দ্বিতীয় দিনা ভাৰতীয় অনুৰাগীসকলে আশা কৰিছে যে তেওঁলোকৰ প্ৰিয় দলটোৱে দ্বিতীয় দিনা এই স্ক'ৰ ৫০০+লৈ লৈ যাব । উপ-অধিনায়ক ঋষভ পণ্টেও শতক সম্পূৰ্ণ কৰিব বুলিও আশা কৰা হৈছে ।

লগতে পঢ়ক :প্ৰথম টেষ্টৰ পূৰ্বে গিল আৰু পন্তক লৈ গুৰুত্বপূৰ্ণ মন্তব্য তেণ্ডুলকাৰৰ - ANDERSON TENDULKAR TROPHY