ETV Bharat / sports

হিন্দুৰ ওপৰত অত্যাচাৰ আৰু খেল...একেলগে কিয় ? ভাৰত-বাংলাদেশ টেষ্ট শৃংখলাৰ বিৰুদ্ধাচৰণ শিৱসেনাৰ নেতাৰ - IND VS BAN TEST SERIES

IND vs BAN: বৃহস্পতিবাৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব টীম ইণ্ডিয়াই ৷ পিছে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ । কোনো ক্ৰিকেটপ্ৰেমী নহয়, বৰং প্ৰতিবাদকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে শিৱসেনাৰ নেতা ৷

IND VS BAN TEST SERIES
ভাৰত বনাম বাংলাদেশ (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : September 18, 2024 at 1:17 PM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক, 18 ছেপ্টেম্বৰ: 19 ছেপ্টেম্বৰৰ পৰা টীম ইণ্ডিয়াই বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷ কিন্তু শৃংখলাৰ পূৰ্বে শিৱসেনাৰ নেতা আদিত্য থাকৰেই কৰে ইয়াৰ বিৰোধিতা ৷ আদিত্য থাকৰে হৈছে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ এগৰাকী নেতা ৷

সামাজিক মাধ্যমৰ একাউণ্ট এক্সত প্ৰকাশ কৰা অনুসৰি, বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বাবে কোনোধৰণৰ খেল অনুষ্ঠিত কৰাৰ পক্ষপাতী নহয় শিৱসেনাৰ নেতাগৰাকী ৷ তেওঁ বি চি চি আই আৰু চৰকাৰ দুয়োকে লক্ষ্য কৰি এই মন্তব্য প্ৰকাশ কৰে ।

ভাৰত-বাংলাদেশৰ শৃংখলাৰ বিৰুদ্ধে আদিত্য থাকৰেৰ প্ৰতিবাদ

আদিত্য থাকৰেই সামাজিক মাধ্যমত এই শৃংখলাৰ বিৰোধিতাৰে এনেদৰে লিখিছে, "তেতিয়াহ’লে ভাৰত ভ্ৰমণত সম্প্ৰতি ব্যস্ত বাংলাদেশ ক্ৰিকেট দল । মাত্ৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা জানিব বিচাৰিছো যে, একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমে দাবী কৰাৰ দৰে বিগত দুমাহত বাংলাদেশৰ হিন্দুসকল হিংসাৰ সন্মুখীন হৈছে নেকি ? যদি হয়, তেন্তে হিন্দু আৰু আন সংখ্যালঘুসকলে হিংসাৰ সন্মুখীন হৈছে ৷ তেনেক্ষেত্ৰত বিজেপি নেতৃত্বাধীন ভাৰত চৰকাৰে বি চি চি আইৰ ওপৰত ইমান সদয় হৈ কিয় এই ভ্ৰমণৰ অনুমতি দিছে ?"

বিজেপি আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সন্দৰ্ভত আদিত্য থাকৰে

শিৱসেনাৰ নেতাগৰাকীয়ে লগতে কয়, "আৰু যদিহে এনে নহয়, তেন্তে বাংলাদেশত হিংসাত্মক ঘটনা সন্দৰ্ভত সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা বাতৰিৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় একমত নেকি ? ইয়াত তেওঁলোকৰ ট্ৰ’লবোৰে আন এখন দেশ বাংলাদেশত হিংসাৰ অজুহাতত ভাৰতীয়ৰ মাজত ঘৃণাৰ সৃষ্টি কৰিছে ৷ আনহাতে, বি চি চি আইয়ে ক্ৰিকেটৰ বাবে একেটা বাংলাদেশী দলকে আতিথ্য দিছে । মই ভাবো এই হিংসাৰ বিৰুদ্ধে সক্ৰিয়ভাৱে প্ৰচাৰ চলাই থকাসকলে বি চি চি আইৰ সৈতে কথা কিয় নাপাতে, কিয় প্ৰশ্ন নকৰে ? নে এয়া কেৱল ভাৰতত ঘৃণাৰ সৃষ্টি কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰৰ এক কৌশলহে ?"

19-23 ছেপ্টেম্বৰলৈ ভাৰত-বাংলাদেশৰ মাজত চেন্নাইত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট মেচ । ভাৰতীয় দলটোৱে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ৰোহিত শৰ্মাৰ অধিনায়কত্বত বাংলাদেশৰ বিৰুদ্ধে এই মেচত অংশগ্ৰহণ কৰিব ৷

শৃংখলাৰ দ্বিতীয়খন মেত কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । দ্বিতীয়খন মেচ 27 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: আই চি চি ৰেংকিঙত খেলুৱৈৰ ৰেটিং ব্যৱস্থা আৰু নিয়ম কি ? - ICC cricket players ranking