বাতিল হ’ব নেকি ভাৰত-বাংলাদেশৰ শৃংখলা ? ৰোহিত-বিৰাটৰ অনুৰাগীৰ স্বপ্নভংগ
অনিশ্চয়তাত ভাৰত-বাংলাদেশৰ মাজত হ’বলগীয়া বগা বলৰ ক্ৰিকেট শৃংখলা ৷

Published : July 1, 2025 at 4:35 PM IST
নতুন দিল্লী: আগষ্ট মাহত ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব টি-20 ক্ৰিকেট শৃংখলা ৷ এই শৃংখলাত অংশগ্ৰহণৰ উদ্দেশ্যে দেশখন ভ্ৰমণ কৰিব ভাৰতে । পিছে এই শৃংখলা অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত সম্প্ৰতি দেখা দিছে অনিশ্চয়তা ৷
কাৰণ এই শৃংখলাৰ বাবে এতিয়াও বি চি চি আইয়ে চৰকাৰৰ পৰা লাভ কৰা নাই অনুমোদন ।
ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশ ভ্ৰমণৰ বাবে চৰকাৰৰ অনুমোদনৰ অপেক্ষাত আছে বি চি চি আই । যাৰ বাবে শৃংখলাটো অনুষ্ঠিত হ’ব নে নহয়, তাক লৈ দেখা দিছে অনিশ্চয়তা ৷ কাৰণ যদিহে চৰকাৰে ভাৰতীয় দলটোক বাংলাদেশলৈ যোৱাৰ অনুমতি নিদিয়ে, তেন্তে কেনেদৰে অনুষ্ঠিত হ’ব শৃংখলাটো ?
সাম্প্ৰতিক সময়ত দুয়োখন দেশৰ ৰাজনৈতিক সম্পৰ্ক বৰ এটা ভাল নহয় ৷ যাৰ প্ৰভাৱ দুয়োখন দেশৰ ক্ৰিকেট দল দুটাৰ ওপৰত প্ৰত্যক্ষভাৱে পৰাৰ সম্ভাৱনা আছে ৷
🚨 INDIA TOUR TO BANGLADESH IN AUGUST 🚨
— Johns. (@CricCrazyJohns) June 30, 2025
- BCCI is awaiting for Government clearance to tour Bangladesh. [Cricbuzz] pic.twitter.com/NzkIySaGXm
বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলামে বিষয়টো সম্পৰ্কে এনেদৰে কয়, ‘‘বি চি চি আইৰ সৈতে আলোচনা চলি আছে । এই আলোচনাবোৰ অতি ইতিবাচক । আমি আলোচনা কৰি আছো যে কেনেকৈ আমি শৃংখলাটো আয়োজন কৰিব পাৰো । যদি আমি এতিয়াই এই শৃংখলা আয়োজন কৰিব নোৱাৰো, তেন্তে আমি ইয়াক পৰৱৰ্তী সময়ত আয়োজন কৰিম ।’’
ভাৰতীয় ক্ৰিকেট দলটোৱে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা এই শৃংখলাত ৩ খন এদিনীয়া আৰু ৩ খন টি-২০ মেচত অংশগ্ৰহণ কৰিব ৷ এই শৃংখলাৰ প্ৰথমখন এদিনীয়া খেল ১৭ আগষ্টত অনুষ্ঠিত হোৱাৰ বিপৰীতে শেষৰখন মেচ ২৩ আগষ্টত অনুষ্ঠিত হ’ব ৷
ভাৰত-বাংলাদেশৰ ক্ৰিকেট ব’ৰ্ড দুখন এই শৃংখলা সন্দৰ্ভত এতিয়াও স্পষ্ট নহয় ৷ ভাৰত আৰু বাংলাদেশৰ মাজত অন্তিমবাৰৰ বাবে এদিনীয়া শৃংখলা অনুষ্ঠিত হৈছিল ২০১৪ চনত । তেতিয়াৰে পৰা এই দুয়োখন দেশৰ মাজত কোনো এদিনীয়া শৃংখলা অনুষ্ঠিত হোৱা নাই ।
যদি কোনো কাৰণত এই শৃংখলা পিছুৱাই দিয়া হয় বা বাতিল কৰা হয়, তেনেহ’লে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অনুৰাগীসকলৰ শীঘ্ৰে স্বপ্নভংগ হ’ব ৷ কাৰণ ৰোহিত আৰু কোহলী দুয়োজনেই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ।
লগতে পঢ়ক: ভাৰত-ইংলেণ্ডৰ দ্বিতীয়খন টেষ্টৰ পূৰ্বে ভাৰতৰ বাবে দুটা ডাঙৰ খবৰ, জানিবলৈ পঢ়ক...

