Bihar Election Results 2025

ETV Bharat / sports

ভাৰত বনাম বাংলাদেশ; কানপুৰ টেষ্টৰ পূৰ্বে বি চি চি আইৰ ভাৰতীয় দল ঘোষণা - IND VS BAN 2ND TEST

India Squad For Kanpur Test: প্ৰথমখন টেষ্টত জয় লাভ কৰাৰ পিছত দ্বিতীয় টেষ্টলৈ সাজু হৈছে টীম ইণ্ডিয়া ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বি চি চি আই) ভাৰত-বাংলাদেশৰ মাজত কানপুৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টেষ্টৰ বাবে ঘোষণা কৰিছে ভাৰতীয় দল ।

IND VS BAN 2ND TEST
ভাৰতীয় ক্ৰিকেট দল (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : September 22, 2024 at 2:33 PM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰ: ভাৰত আৰু বাংলাদেশৰ মাজৰ প্ৰথম টেষ্টৰ চতুৰ্থ দিনটোতে বাংলাদেশৰ বিৰুদ্ধে 280 ৰাণত জয় লাভ কৰে টীম ইণ্ডিয়াই ৷ দেওবাৰে বি চি চি আইয়ে কানপুৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টেষ্ট মেচৰ বাবে ঘোষণা কৰিছে ভাৰতীয় দলটো ৷ চেন্নাই টেষ্টৰ ফলাফল ঘোষণা হোৱাৰ পিছতে বি চি চি আয়ে দ্বিতীয় টেষ্টৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰে ৷

বি চি চি আইয়ে নিজৰ অফিচিয়েল সামাজিক মাধ্যমৰ একাউণ্ট এক্সত পোষ্ট কৰি এই কথা ৰাজহুৱা কৰে ৷ অৱশ্যে কানপুৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন টেষ্টৰ বাবে দলটোত কৰা হোৱা নাই কোনো পৰিৱৰ্তন ৷ পূৰ্বে অন্যতম তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই দ্বিতীয় টেষ্টত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছিল যদিও সম্প্ৰতি ক্ৰিকেটাৰগৰাকীয়ে এই টেষ্টত স্থান লাভ নকৰাটো নিশ্চিত হৈছে ৷

চেন্নাই টেষ্টত ভাৰতে তিনিগৰাকী দ্ৰুত বলাৰ আৰু দুগৰাকী স্পিনাৰৰ সৈতে খেলপথাৰত নামিছিল ৷ প্ৰথম টেষ্টত দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল বলাৰসকলে ৷ দলৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে মেচখনত শতক অৰ্জন কৰাৰ উপৰিও দখল কৰিছিল 6 টাকৈ উইকেট ৷ আনহাতে, জাদেজাই 86 ৰাণৰ বৰঙণি আগবঢ়োৱাৰ লগতে দখল কৰিছিল 5 টা উইকেট ৷

যশপ্ৰীত বুমৰাহে প্ৰথম ইনিংছত 4 টা আৰু দ্বিতীয় ইনিংছত 2 টা উইকেট দখল কৰিছিল । আকাশদ্বীপেও প্ৰথম ইনিংছত দুটা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল । বেটিঙৰ দিশলৈ লক্ষ্য কৰিলে ক’ব পৰা যায় যে, পথ দুৰ্ঘটনাৰ পিছত সুদীৰ্ঘ সময়ৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱা ঋষভ পন্তেও অৰ্জন কৰিছিল শতক ৷ সমান্তৰালকৈ শুভমন গিলেও এক সুন্দৰ শতক অৰ্জন কৰে ।

এই মেচখনত অৱশ্যে চৰফৰাজ খানক মূল একাদশত স্থান দিয়া হোৱা নাছিল ৷ কিয়নো খেলুৱৈগৰাকীৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছিল কে এল ৰাহুলক ৷

দ্বিতীয় টেষ্টৰ বাবে ভাৰতীয় দল

ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, চৰফৰাজ খান, ঋষভ পন্ত (উইকেটৰক্ষক), ধ্ৰুৱ জুৰেল (উইকেটৰক্ষক), আৰ অশ্বিন, আৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, আকাশদ্বীপ, যশপ্ৰীত বুমৰাহ আৰু যশদয়াল ৷

লগতে পঢ়ক: চেন্নাই টেষ্টত বাংলাদেশৰ বিৰুদ্ধে 280 ৰাণত বিজয়ী ভাৰত; অশ্বিনলৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা - IND VS BAN 1ST TEST