ভাৰত বনাম বাংলাদেশ দ্বিতীয় টেষ্ট: কম পোহৰ-বৰষুণৰ বাবে পৰিত্যক্ত কানপুৰ টেষ্টৰ প্ৰথম দিনাৰ খেল - IND vs BAN 2nd test
India vs Bangladesh Kanpur test day 1 called off : কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্ট মেচৰ প্ৰথম দিনাৰ খেল বৰষুণ আৰু কম পোহৰৰ বাবে বাতিল কৰা হৈছে। সম্পূৰ্ণ পঢ়ক…

Published : September 27, 2024 at 4:37 PM IST
স্পোৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰ: ভাৰত আৰু বাংলাদেশৰ মাজত টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। বৰষুণ আৰু কম পোহৰৰ বাবে এই খেলখনৰ প্ৰথম দিনৰ খেল বাতিল কৰা হৈছে। খেলখন আৰম্ভ হোৱাৰ ডেৰ ঘণ্টাৰ পিছত বৰষুণৰ বাবে বাধাপ্ৰাপ্ত হৈছিল আৰু বন্ধ কৰিবলগীয়া হৈছিল। তাৰ পিছত, খেলখন পুনৰ আৰম্ভ কৰিব পৰা নগ’ল আৰু দিনটোৰ খেল বাতিল কৰিব লগা হ'ল।
কি হ’ল খেলখনত ?
প্ৰতিকূল বতৰৰ বাবে খেলখনৰ টছত এঘণ্টা পলম হয় ,য'ত ভাৰতে টছত জয়ী হৈ আৰু প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়। নিৰ্ধাৰিত সময়তকৈ খেলখন এঘণ্টা পলমকৈ আৰম্ভ হয়। বৰষুণ অহাৰ আগলৈকে বাংলাদেশে 35 অভাৰত 3 টা উইকেট হেৰুৱাই 107 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ আকাশ দীপে 2 টা আৰু ৰবিচন্দ্ৰন অশ্বিনে 1টা উইকেট দখল কৰে। বাংলাদেশৰ হৈ প্ৰাৰম্ভিক বেটছমেন জাকিৰ হাছানে কোনো ৰাণ নকৰাকৈ পেভিলিয়নলৈ উভতি যায়। তাৰ পিছত, শ্বাদমান ইছলামে আউট হোৱাৰ আগতে 24 ৰাণ কৰে। অধিনায়ক নাজমুল হোছেইন শান্তো 31 ৰাণৰ ব্যক্তিগত স্ক'ৰত অশ্বিনৰ চিকাৰ হয়। খেল পৰিত্যক্ত হোৱাৰ সময়লৈকে মমিনুল হক 40 ৰাণ আৰু মুশফিকুৰ ৰহিম 6 ৰাণত অপৰাজিত হৈ আছে।
UPDATE 🚨
— BCCI (@BCCI) September 27, 2024
Due to incessant rains, play on Day 1 has been called off in Kanpur.
Scorecard - https://t.co/JBVX2gyyPf#TeamIndia | #INDvBAN | @IDFCFIRSTBank pic.twitter.com/HSctfZChvp
কানপুৰত বতৰ হৈ থাকিব এক প্ৰত্যাহ্বান
খেলখনৰ প্ৰথম 4 দিনৰ বতৰৰ পূৰ্বানুমান যথেষ্ট হতাশাজনক। একুৱেদাৰৰ প্ৰতিবেদন অনুসৰি, প্ৰথম দিনটোত বৰষুণ হোৱাৰ সম্ভাৱনা 93%, আনহাতে গোটেই দিনটো বতাহ আৰু ধুমুহা হ'ব বুলি ভৱিষ্যতবাণী কৰা হৈছে। দ্বিতীয় দিনাও পৰিস্থিতিত কোনো গুৰুত্বপূৰ্ণ উন্নতি হোৱাৰ সম্ভাৱনা নাই, বৰষুণৰ 80% সম্ভাৱনা আছে। খেলখন পৰবৰ্তী দিনবোৰলৈ আগুৱাই যোৱাৰ লগে লগে, বৰষুণৰ সম্ভাৱনা অব্যাহত থাকিব। তৃতীয় দিনা এই সম্ভাৱনা 65% আৰু চতুৰ্থ দিনা হৈছে 59%, যি অন্তিম দিনটোত মাত্ৰ 5% লৈ হ্ৰাস হ'ব।

