মাজত মাথো কেইটামান মুহূৰ্ত: বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ সাম্ভাব্য মূল একাদশ - IND VS BAN TEST SERIES
Team India's Possible playing 11: 19 ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্টত ভাৰতে 3 গৰাকী স্পিনাৰক ফিল্ডিং কৰিবলৈ দলত অন্তৰ্ভুক্ত কৰিব পাৰে । অৰ্থাৎ ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে মাত্ৰ দুজন দ্ৰুত বলাৰক লৈ বাংলাদেশৰ বিৰুদ্ধে নামিব খেলপথাৰত ৷

Published : September 18, 2024 at 5:52 PM IST
স্প’ৰ্টছ ডেস্ক, 18 ছেপ্টেম্বৰ: পাঁচ মাহৰ দীৰ্ঘ ব্যৱধানৰ অন্তত ভাৰতীয় ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব টেষ্ট শৃংখলাত ৷ 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই শৃংখলাৰ প্ৰথমখন মেচ ৷

এই মুহূৰ্তত সকলোৰে মনত এটাই প্ৰশ্ন হয়তো উত্থাপন হৈছে ৷ কোনকেইগৰাকী খেলুৱৈয়ে বাংলাদেশৰ বিৰুদ্ধে সমুখ সমৰত অৱতীৰ্ণ হ’ব ৷ অৱশ্য বহুকেইগৰাকী খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে বাংলাদেশৰ বিৰুদ্ধে টেষ্টত অংশগ্ৰহণৰ সুযোগ পোৱাটো নিশ্চিত হৈ পৰিছে ।
ভাৰতৰ 3 জন স্পিনাৰ আৰু দুজন ফাষ্ট বলাৰ
দলটোত থাকিব 6 জন তাৰকা বেটছমেন, য’ত অন্তৰ্ভুক্ত থাকিব এজন উইকেটকীপাৰ ৷ যদি ঋষভ পন্তে দলত স্তান লাভ কৰে, তেন্তে তেওঁ উইকেটকীপাৰ বেটছমেন হিচাপে মূল একাদশৰ অংশ হ’ব ৷ অৰ্থাৎ ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত উন্নত প্ৰদৰ্শন দাঙি ধৰা ধ্ৰুৱ জুৰেলে হয়তো অতিৰিক্ত খেলুৱৈ হিচাপে দলত মজুত থাকিব ৷
বেটিং অৰ্ডাৰ এনেকুৱা হোৱাৰ সম্ভাৱনা
বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ভাৰতীয় অ’পেনাৰৰ দায়িত্ব চম্ভালি থকা যুৱ বাওঁহতীয়া বেটছমেন যশস্বী জয়ছোৱালক দলটোত দেখা যাব । তেওঁৰ বাহিৰেও শুভমন গিলে তিনি নম্বৰত বেটিং কৰিব পাৰে । তাৰপিছত বেটছমেনৰ তালিকাত আছে বিৰাট কোহলী, কে এল ৰাহুল আৰু ঋষভ পন্তৰ নাম ।
এই বলাৰসকল হ’ব পাৰে দলটোৰ অংশ
চেন্নাইত টীম ইণ্ডিয়াৰ মেনেজমেণ্টৰ প্ৰথম পছন্দ হ’ব পাৰে আৰ অশ্বিন আৰু জাদেজা । তৃতীয় স্পিনাৰ হিচাপে সুযোগা লাভ কৰিব পাৰে অক্ষৰ পেটেল বা কুলদীপ যাদৱৰ কোনো এজনে ৷ ভাৰতীয় দলটোত স্থান লাভৰ সম্ভাৱনা থকা দুজন দ্ৰুত বলাৰৰ এজন হ’ব পাৰে যশপ্ৰীত বুমৰাহ আৰু আনজন মহম্মদ চিৰাজ ।

প্ৰথমবাৰৰ বাবে বুমৰাহ আৰু যশস্বী
ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে যশপ্ৰীত বুমৰাহ আৰু যশস্বী জয়ছোৱালৰ ।
বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ভাৰতৰ সাম্ভাব্য 11 জনীয়া দলটো
ৰোহিত শৰ্মা(অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পন্ত(উইকেটকীপাৰ), আৰ অশ্বিন, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ ৷

