ৰোহিত শৰ্মাৰ ফিটনেছ সন্দৰ্ভত কি ক'লে সঞ্জয় বাংগাৰে ?
অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ৰোহিত শৰ্মাৰ পৰিৱৰ্তিত ফিটনেছক লৈ চৰ্চা আৰম্ভ হৈছে ।

Published : October 13, 2025 at 2:47 PM IST
হায়দৰাবাদ : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ নতুন ৰূপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । তেওঁ ওজন প্ৰায় ১০ কিলোগ্ৰাম কমাইছে । এতিয়া নতুন অৱতাৰত দেখা গৈছে ৰোহিতক । তেওঁক যথেষ্ট ফিট যেন লাগিছে । ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে দলটোত অন্তৰ্ভুক্ত হৈছে ৰোহিত শৰ্মা । তেওঁৰ স্থানত এদিনীয়া মেচত অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে শুভমন গিলক ।
ৰোহিতৰ ফিটনেছ সন্দৰ্ভত জ্যেষ্ঠ ক্ৰিকেটাৰৰ মন্তব্য
ৰোহিতক এদিনীয়া ক্ৰিকেটৰ অধিনায়ক পদৰ পৰা অব্যাহতি দিয়াক লৈ অনুৰাগীৰ মাজত ব্যাপক চৰ্চা হৈছে । ইয়াৰ ভিতৰত মুখ্য প্ৰশ্ন হ'ল টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ লোৱাৰ পিছত ৰোহিতৰ ক্ৰিকেট কেৰিয়াৰ কিমান দিনলৈ চলিব । তেওঁ এদিনীয়া বিশ্বকাপ ২০২৭ত দলৰ অংশ হ'বনে ? এই প্ৰশ্নৰ মাজতে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰশিক্ষক সঞ্জয় বাংগাৰে ষ্টাৰ স্প'ৰ্টছত মন্তব্য দিছে ।
সঞ্জয় বাংগাৰে কয়, "ৰোহিত শৰ্মাই ২০১১ চনৰ বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ পিছত অন্তিমবাৰৰ বাবে এনে ফিটনেছ ট্ৰেন্সফৰ্মেচন কৰিছিল । তেওঁৰ কাৰণে এই আঘাত যথেষ্ট গভীৰ আছিল । মোৰ বিশ্বাস তেওঁ একেধৰণৰ প্ৰচেষ্টা চলাইছে, কিয়নো ২০১২ চনৰ পৰা ২০২৪ চনলৈকে তেওঁৰ এক উল্লেখযোগ্য কেৰিয়াৰ আছিল । এই আঘাত তেওঁৰ হৃদয়ত লাগিছে আৰু মই বিশ্বাস কৰোঁ যে তেওঁ ইয়াৰ বাবে প্ৰস্তুতি চলাইছে ।"
সঞ্জয় বাংগাৰে লগতে কয়, "ৰোহিত শৰ্মা এতিয়া যথেষ্ট ৰাণৰ ভোকত আছে আৰু ফিটনেছ দেখুৱাইছে । অধিনায়ক হিচাপে আপুনি ৩০ গজৰ লাইনৰ ভিতৰত থাকিব নোৱাৰিব; এতিয়া ফিল্ডিং কৰিবলৈ বাউণ্ডেৰী লাইনলৈ যাব লাগিব । ফিল্ডাৰ হিচাপেও অৰিহণা যোগাব লাগিব । গতিকে তেওঁ নিজকে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি আছে আৰু সেয়া ভাল কথা ।"
শুভমন গিলৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলটোৱে অহা ১৯ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব । এই ভ্ৰমণত ভাৰতে তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলিব । এদিনীয়া শৃংখলাৰ অংশ হ'ব ৰোহিত আৰু বিৰাট কোহলী । ভাৰতীয় সময় অনুসৰি পুৱা ৯:০০ বজাৰ পৰা আৰম্ভ হ'ব প্ৰতিখন এদিনীয়া মেচ ।
- ভাৰত বনাম অষ্ট্ৰেলিয়া : প্ৰথম এদিনীয়া - ১৯ অক্টোবৰ (পাৰ্থ)
- ভাৰত বনাম অষ্ট্ৰেলিয়া : দ্বিতীয় এদিনীয়া - ২৩ অক্টোবৰ (এডিলেইড)
- ভাৰত বনাম অষ্ট্ৰেলিয়া : তৃতীয় এদিনীয়া - ২৫ অক্টোবৰ (ছিডনী)
লগতে পঢ়ক :ৰোহিত আৰু ধোনীক অতিক্ৰম কৰি বৃহৎ কৃতিত্ব অৰ্জন শুভমন গিলৰ

