তিনি দিনতেই আত্মসমৰ্পণ: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ জয়
প্ৰথম টেষ্টত এক ইনিংছ আৰু ১৪০ ৰাণৰ জয়ৰে ভাৰতৰ ১-০ৰ অগ্ৰগতি । অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক প্ৰদান কৰা হয় 'মেন অৱ দ্য মেচ' ।

Published : October 4, 2025 at 3:20 PM IST
হায়দৰাবাদ : তিনি দিনতেই আত্মসমৰ্পণ কেৰিবিয়ান বাহিনীৰ । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলে ৱেষ্ট ইণ্ডিজে । এয়া হৈছে টেষ্ট ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ জয় । দুখন মেচৰ টেষ্ট শৃংখলাত ভাৰতে এই বিজয় সূত্ৰে ১-০ৰ অগ্ৰগতি লাভ কৰিলে ।
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে এক ইনিংছ আৰু ১৪০ ৰাণৰ ব্য়ৱধানত বিজয় সাব্য়স্ত কৰিবলৈ সক্ষম হয় । প্ৰথম টেষ্ট মেচৰ তৃতীয় দিনা দ্বিতীয় ইনিংছত ভাৰতীয় দলটোৱে ১৪৬ ৰাণত বিপক্ষক অল আউট কৰে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ সৰ্ববৃহৎ জয় হৈছে এক ইনিংছ আৰু ২৭২ ৰাণ ।
উল্লেখ্য় যে জয়ৰ ব্যৱধানত আৰু এটা ৰাণ হ'লে এইটো কেৰিবিয়ান দলৰ বিৰুদ্ধে দ্বিতীয় সৰ্ববৃহৎ জয় হ’লহেঁতেন । ভাৰতৰ এই জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক 'মেন অৱ দ্য মেচ'ৰ সন্মান প্ৰদান কৰা হয় ।
এই মেচখনত তিনিগৰাকী ভাৰতীয় বেটাৰে শতৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । কে এল ৰাহুলৰ লগতে ধ্ৰুৱ জুৰেল আৰু ৰবীন্দ্ৰ জাদেজাই শতকীয় ইনিংছ ভাৰতীয় ক্ৰিকেট অনুৰাগীক উপহাৰ দিয়ে । আনহাতে ভাৰতৰ বেগী বলাৰ মহম্মদ চিৰাজে দুয়োটা ইনিংছত ৭টা উইকেট দখল কৰে । ভাৰতে আৰম্ভণিৰে পৰাই আধিপত্য বিস্তাৰ কৰে । ভাৰতীয় বলাৰৰ তীব্ৰ আক্ৰমণত দিশহাৰা ৱেষ্ট ইণ্ডিজে প্ৰথম ইনিংছত মাত্ৰ ১৬২ ৰাণহে সংগ্ৰহ কৰে । যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ যুটিয়ে ৭টা উইকেট দখল কৰে ।
বেষ্ট ইণ্ডিজে সংগ্ৰহ কৰা ১৬২ ৰাণৰ প্ৰত্য়ুত্তৰত ভাৰতে কে এল ৰাহুলৰ ১০০, ধ্ৰুৱ জুৰেলৰ ১২৫ আৰু ৰবীন্দ্ৰ জাদেজাৰ অপৰাজিত ১০৪ ৰাণৰ সহায়ত ৫ ইউকেটত ৪৪৮ ৰাণ সংগ্ৰহ কৰে । দ্বিতীয় দিনাৰ শেষলৈকে ভাৰতে ২৮৬ ৰাণত আগবাঢ়ি আছিল আৰু মেচখনত আধিপত্য় বিস্তাৰ কৰে । অৱশ্য়ে ভাৰতে তৃতীয় দিনা বেটিং কৰাৰ পৰিৱৰ্তে ইনিংছ ঘোষণা কৰে ।
তৃতীয় দিনা ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছ আৰম্ভ কৰিয়েই বিপৰ্যয়ৰ সন্মুখীন হয় । ভাৰতীয় বলাৰৰ বলিং আক্ৰমণত উফৰি পৰিল কেৰিবিয়ানৰ বেটাৰসকল । দ্বিতীয় ইনিংছত জাদেজাই ৪টা উইকেট দখল কৰাৰ বিপৰীতে চিৰাজে ৩টা উইকেট লাভ কৰে । আনহাতে কুলদীপ যাদৱে দুটা আৰু ৱাশ্বিংটন সুন্দৰে এটা উইকেট দখল কৰিবলৈ সক্ষম হয় । উল্লেখ্য় যে এই শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট ১০ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

