ETV Bharat / sports

ইয়াতকৈ গৌৰৱৰ বিষয় কি হ'ব পাৰে, ICC মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত ৪০ মিনিট জুবিন গাৰ্গৰ বাবে

প্ৰিয় শিল্পীৰ বিয়োগৰ পাছতে ICC ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । গুৱাহাটীত ICC মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ।

ICC Women's World Cup 2025 To Begin With 40-Minute Tribute To Zubeen Garg
ICC মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত ৪০ মিনিট জুবিন গাৰ্গৰ বাবে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 21, 2025 at 8:18 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ICC মহিলা বিশ্বকাপ ২০২৫ৰ উদ্বোধনী অনুষ্ঠানত বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব অসমীয়াৰ কলিজাৰ এফাল জুবিন গাৰ্গক । ৩০ ছেপ্টেম্বৰত অসম ক্ৰিকেট এছোচিয়েশ্যনৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী মেচ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব । BCCIৰ সচিব দেৱজিৎ শইকীয়াই সদৰী কৰে এই কথা ।

শইকীয়াই এক বিবৃতিযোগে কয়, "অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ইহলীলা সম্বৰণ কৰিছে । আজি তেওঁৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীলৈ অনা হয় আৰু লাখ লাখ অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে ২টাকৈ দিনৰ বাবে ৰখা হ'ব । অসমত এতিয়া শোকাকুল পৰিৱেশ । সেয়ে এগৰাকী বিশিষ্ট ব্যক্তি হিচাপে তেওঁক সন্মান জনোৱা উচিত । সেয়ে অসম ক্ৰিকেট এছোচিয়েশ্যনে বিচিচিআইৰ সৈতে মিলি মহিলা বিশ্বকাপ ২০২৫ উদ্বোধনৰ সময়ত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আয়োজন কৰিব । সেয়ে কিছু পৰিকল্পনা কৰি থকা হৈছে, আজিৰ ভিতৰতে ইয়াক চূড়ান্ত কৰা হ'ব । জুবিন গাৰ্গৰ নামত ৪০ মিনিটৰ কাৰ্যসূচী ৰখা হ'ব ।"

উদ্বোধনী কাৰ্যসূচীচ বিশ্বকাপৰ সংগীত 'ব্ৰিং ইট হোম' পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে । সমাৰোহত মহিলা ক্ৰিকেট বিশ্বকাপৰ ১৩ সংখ্যক সংস্কৰণৰ মঞ্চ তৈয়াৰ কৰিব, য'ত ভাৰত আৰু শ্ৰীলংকাই সংযুক্তভাৱে ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈকে আয়োজন কৰিছে । ভাৰতে চতুৰ্থবাৰৰ বাবে এই টুৰ্ণামেণ্টৰ আয়োজন কৰিছে ।

জুবিন গাৰ্গ, অসমৰ সৰ্বোচ্চ সাংস্কৃতিক প্ৰতীকসমূহৰ ভিতৰত অন্যতম, এইটো সপ্তাহতে ছিংগাপুৰত তেওঁ প্ৰাণ ত্যাগ কৰে । তেওঁৰ বিয়োগে শোকৰ সাগৰত পেলাই সমগ্ৰ ৰাজ্যবাসীক । অসম চৰকাৰেও তিনিদিনৰ বাবে ৰাজ্যিক শোক দিৱস ঘোষণা কৰাৰ লগতে অগনন অনুৰাগীয়েও শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে একগোট হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন গাৰ্গক এনেদৰে বিদায় জনোৱা হ'ব যাতে তেওঁ উচিত সন্মান লাভ কৰে ।

ইয়াৰ মাজতে মহিলা বিশ্বকাপত শ্ৰদ্ধাঞ্জলি, উদ্বোধনী অনুষ্ঠান - আটাইটকৈ ডাঙৰকৈ হোৱাৰ সম্ভাৱনা আছে । ইয়াত কেৱল জুবিন গাৰ্গৰ অসমীয়া তথা ভাৰতীয় সংগীতলৈ আগবঢ়োৱা অৱদানেই নহয়, বৰঞ্চ অসমৰ সাংস্কৃতিক গৌৰৱ হিচাপে বিশ্বৰ দৰ্শকৰ আগত তেওঁক দাঙি ধৰা হ'ব ।

লগতে পঢ়ক: জনসমুদ্ৰৰ মাজেৰে জুবিনৰ শেষ যাত্ৰা; কাহিলীপাৰা ঘৰৰ পৰা সৰুসজাইলৈ যাত্ৰা

৭ ঘণ্টাত ২২ টা গীত বাণীবদ্ধ কৰিছিল জুবিন গাৰ্গে; ক'ত আছে সেই বিশেষ ষ্টুডিঅ'টো ?