মহিলা বিশ্বকাপ ২০২৫: আজি অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব ভাৰত
৭ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব ভাৰতীয় মহিলা দল । শীৰ্ষ চাৰিটা স্থানত থাকিবলৈ আজিৰ মেচত ভাৰতে জয়ী হ'ব লাগিব ।

Published : October 12, 2025 at 2:07 PM IST
হায়দৰাবাদ : আইচিচিৰ এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ত আজি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ'ব । ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব ভাৰত । শীৰ্ষ চাৰিটা স্থানত থাকিবলৈ ভাৰতে এই মেচখনত জয়ী হ'ব । অন্যথা প্ৰতিযোগিতাৰ পিছলৈ দলটোৰ বাবে কিছু কঠিন হ'ব ।
৩ খন মেচৰ ভিতৰত ভাৰতে দুখনত জয়ী হৈছে আৰু পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে । অষ্ট্ৰেলিয়াই ২ খন মেচত জয়ী হৈছে আৰু এখন খেল বাতিল হৈছে । দলটো দ্বিতীয় স্থানত আছে । ৩ খন মেচৰ আটাইকেইখনতে জয়ী হৈ ইংলেণ্ড দল শীৰ্ষস্থানত আছে । আনহাতে দক্ষিণ আফ্ৰিকাই দুখনত জয়ী হৈ চতুৰ্থ স্থানত আছে ।
Emerging from any situation will define the 𝘾𝙝𝙖𝙧𝙖𝙘𝙩𝙚𝙧 💪
— BCCI Women (@BCCIWomen) October 12, 2025
Sneh Rana & #TeamIndia are ready for a Super Sunday clash against Australia 🏟
Get your #CWC25 tickets 🎟 now: https://t.co/vGzkkgwpDw#WomenInBlue | #INDvAUS | @SnehRana15 pic.twitter.com/iUk70GfV95
অষ্ট্ৰেলিয়াৰ পিছতে ভাৰত এই প্ৰতিযোগিতাৰ প্ৰিয় দল হিচাপে পৰিগণিত হৈছে । প্ৰথমটো আইচিচি বিশ্বকাপ খিতাপ জয়ৰ লক্ষ্যৰে ভাৰতে এইবাৰ অভিযান আৰম্ভ কৰিছিল । সহ-আয়োজক শ্ৰীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে প্ৰথম দুখন মেচত জয়লাভ কৰি অভিযান আৰম্ভ কৰিছিল ভাৰতে । কিন্তু তৃতীয়খন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয় ।
অষ্ট্ৰেলিয়াই নিউজীলেণ্ডৰ বিৰুদ্ধে এক দৰ্শনীয় জয়ৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰে । ইয়াৰ পিছত শ্ৰীলংকাৰ বিৰুদ্ধে এখন মেচ বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয় আৰু তাৰ পিছত তৃতীয়খন মেচত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰে । এই দৰ্শনীয় জয়ে অষ্ট্ৰেলিয়াৰ দলটোৰ মনোবল বৃদ্ধি কৰে ।
All-rounder #SnehRana & #TeamIndia are well aware of the defending champions' approach & are fully prepared for the challenge! 💪🇮🇳#CWC25 👉 #INDvAUS | SUN, 12th OCT, 2 PM Star Sports & JioHotstar! pic.twitter.com/6W6xyHkfBH
— Star Sports (@StarSportsIndia) October 12, 2025
ভাৰত বনাম অষ্ট্ৰেলিয়া :
হেড টু হেড ৰেকৰ্ড লক্ষ্য কৰিলে অষ্ট্ৰেলিয়াৰ দলটো বহু আগবাঢ়ি আছে । দুয়োটা দলৰ মাজত এতিয়ালৈকে মুঠ ৫৯ খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে । যাৰ ভিতৰত অষ্ট্ৰেলিয়াই ৪৮ খনত জয়ী হোৱাৰ বিপৰীতে ভাৰতে মাত্ৰ ১১ খন মেচত জয়লাভ কৰিছে । ২০১৭ চনৰ বিশ্বকাপৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৬ খন খেলৰ ভিতৰত মাত্ৰ দুখন খেলতহে জয়লাভ কৰিছে ভাৰতে ।
পিটছ ৰিপৰ্ট :
ড৹ ৱাই.এছ. ৰাজশেখৰ ৰেড্ডী এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামৰ পিটছ শ্ল' হোৱাৰ সম্ভাৱনা আছে আৰু বেটিঙৰ বাবে অলপ কঠিন হ'ব বুলি আশা কৰা হৈছে । স্পিনাৰসকলৰ বহুত সহায় হ'ব, কিন্তু বেটছমেনৰ প্ৰদৰ্শনো ভাল হ'ব । ইনিংছৰ দ্বিতীয় অংশত বেটিং অলপ সহজ হ’ব আৰু দ্ৰুত বলাৰসকলে ডেথ অভাৰত আক্ৰমণাত্মক বেটিঙৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ।
No fear. Just focus. 🔥#SnehRana & #TeamIndia are ready to bring the heat against Australia.#CWC25 👉 #INDvAUS | SUN, 12th OCT, 2 PM Star Sports & JioHotstar! pic.twitter.com/LNDBU1cZbx
— Star Sports (@StarSportsIndia) October 11, 2025
ভাৰতৰ সম্ভাৱ্য প্লেয়িং ১১ : প্ৰতিকা ৰাৱাল, স্মৃতি মান্ধনা, হৰলীন দেওল, হৰমনপ্ৰীত কৌৰ(অধিনায়ক), জেমিমাহ ৰড্ৰিগেছ, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেটকীপাৰ), অমনজোৎ কৌৰ, স্নেহ ৰাণা, ক্ৰান্তি গৌড়, ৰেনুকা সিং ঠাকুৰ ।
অষ্ট্ৰেলিয়াৰ সম্ভাৱ্য প্লেয়িং : এলিছা হিলি (অধিনায়ক আৰু উইকেটকীপাৰ), ফোবে লিচফিল্ড, এলিজ পেৰী, বেথ মানি, এনাবেল সথৰলেণ্ড, এছলে গাৰ্ডনাৰ, তাহলিয়া মেকগ্ৰাথ, জৰ্জিয়া ৱেৰহাম, কিম গাৰ্থ, অলানা কিং, মেগান শ্বুট ।
লগতে পঢ়ক :ৰোহিত আৰু ধোনীক অতিক্ৰম কৰি বৃহৎ কৃতিত্ব অৰ্জন শুভমন গিলৰ

