ETV Bharat / sports

বিচিচিআইক আইচিচিৰ কঠোৰ সতৰ্কবাণী ! চেম্পিয়নছ ট্ৰফী কিটত 'পাকিস্তান' নিলিখিলে লোৱা হ'ব ব্যৱস্থা

বিচিচিআয়ে টীম ইণ্ডিয়াৰ চেম্পিয়নছ ট্ৰফী ২০২৫ কিটত 'পাকিস্তান' নিলিখাৰ পৰিপ্ৰেক্ষিতত আইচিচিয়ে কি পদক্ষেপ ল'ব পাৰে? পঢ়ক এই প্ৰতিবেদন

ETV Bharat
বিৰাট কোহলী আৰু ৰোহিত শৰ্মা-ফাইল ছবি (এএফপি)
author img

By ETV Bharat Assamese Team

Published : January 22, 2025 at 12:21 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থা বিচিচিআয়ে, প্ৰতিযোগিতাখনৰ লোগো হিচাপে দলটোৰ চেম্পিয়নছ ট্ৰফী কিটত 'পাকিস্তান' লিখিবলৈ অস্বীকাৰ কৰাৰ অভিযোগক লৈ হোৱা বিতৰ্কৰ মাজতে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) পৰা এক কঠোৰ বাৰ্তা লাভ কৰিছে।

চেম্পিয়নছ ট্ৰফী ২০২৫ 'জাৰ্চি বিতৰ্ক'ত নতুন আপডেট

সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বিচিচিআইয়ে 'হোষ্ট নেশ্যন ৰেগুলেশ্যন'ৰ অনুযায়ী ভাৰতীয় দলৰ কিটত 'পাকিস্তান' লিখাত অমান্তি হৈছে, কিয়নো ভাৰতীয় দলে হাইব্ৰিড মডেলৰ অধীনত দুবাইত তেওঁলোকৰ চেম্পিয়নছ ট্ৰফীৰ সকলোবোৰ মেচ খেলিব।

এই সন্দৰ্ভত ইতিমধ্যে আয়োজক পাকিস্তানে নিজৰ অসন্তুষ্টি ব্যক্ত কৰি আইচিচিৰ হস্তক্ষেপ বিচৰা বুলিও জানিব পৰা গৈছে ৷ তাৰ মাজতে আহি পৰিছে আন এক গুৰুত্বপূৰ্ণ আপডেট ৷ সেই খবৰ অনুসৰি, এতিয়া আইচিচিয়ে বিচিচিআইক কৈছে যে পাকিস্তান প্ৰতিযোগিতাখনৰ আয়োজক দেশ হোৱা বাবে ভাৰতীয় দলে নিজৰ কিটত 'পাকিস্তান' লিখাটো বাধ্যতামূলক।

বিচিচিআইৰ ওপৰত কি কাৰ্যব্যৱস্থা ল'ব পাৰে আইচিচিয়ে?

পাকিস্তানৰ টিভি চেনেল এ-স্পৰ্টছে আইচিচিৰ এজন বিষয়াৰ উদ্ধৃতি দি এইদৰে কয়, "প্ৰতিটো দলৰ দায়িত্ব তেওঁলোকৰ জাৰ্চীত প্ৰতিযোগিতাৰ লোগো সন্নিবিষ্ট কৰা। সকলো দলে এই নিয়ম অনুসৰণ কৰাটো বাধ্যতামূলক।” আইচিচি বিষয়াজনে লগতে কথিত ৰূপত এই কথা কোৱা বুলিও জনা গৈছে যে যদি ভাৰতীয় খেলুৱৈৰ কিটত আয়োজক ৰাষ্ট্ৰ পাকিস্তানৰ নাম সংলগ্ন চেম্পিয়নছ ট্ৰফীৰ লোগো পোৱা নাযায় তেন্তে টীম ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব পাৰে ।

উল্লেখ্য যে আইচিচিৰ নিয়ম অনুসৰি, অংশগ্ৰহণকাৰী দলবোৰে মেচ য'তেই খেলি নাথাকক, জাৰ্চীত আইচিচি টুৰ্ণামেণ্টৰ আয়োজকৰ নাম লিখাটো বাধ্যতামূলক।

বিচিচিআইয়ে জাৰ্চীত পাকিস্তান লিখাটো নিবিচাৰে

ইয়াৰ পূৰ্বে আইএএনএছৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে বিচিচিআইয়ে ভাৰতীয় দলৰ পোছাকত পাকিস্তান লিখিব নিবিচাৰে, কিন্তু পাকিস্তান ক্ৰিকেট বোৰ্ডে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ পৰা এনে ধৰণৰ কোনো তথ্য পোৱাৰ কথা অস্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে।

গভীৰ হৈছে বিচিচিআই আৰু পিচিবিৰ মাজত বিবাদ

এইখিনিতে আপোনালোকৰ জ্ঞাতাৰ্থে আমি কৈ কওঁ যে যোৱা কেইমাহমানত বিচিচিআই আৰু পিচিবিৰ মাজত যথেষ্ট উত্তেজনা বৃদ্ধি পাইছে। ভাৰতীয় বোৰ্ডে নিজৰ দলটো চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল। অৱশেষত, ভাৰতে হাইব্ৰিড মডেলৰ অধীনত দুবাইত নিজৰ খেলসমূহ খেলাক লৈ দুয়োখন বোৰ্ডৰ মাজত বুজাবুজি হয় যদিও বিচিচিআইয়ে ভৱিষ্যতে ইয়াৰ বাবে যথেষ্ট লোকচান বহন কৰিব লগা হ'ব পাৰে, কিয়নো পিচিবিয়ে কেৱল ভৱিষ্যতে ভাৰতলৈ আহি আইচিচি টুৰ্ণামেণ্টত অংশগ্ৰহণ নকৰাৰ চৰ্তত হে হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফী ২০২৫ অনুষ্ঠিত কৰিবলৈ সন্মত হৈছে।

লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফী ২০২৫: ভাৰতীয় জাৰ্চীত পাকিস্তানক স্থান দিবলৈ অস্বীকাৰ বিচিচিআইৰ - CHAMPIONS TROPHY 2025