ETV Bharat / sports

আই চি চিৰ চাবুক চলিল এখন ডাঙৰ দেশৰ ওপৰত, ক্ৰিকেট ব'ৰ্ডক কৰিলে নিলম্বন

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মঙলবাৰে গ্ৰহণ কৰে এক ডাঙৰ সিদ্ধান্ত । তাৎক্ষণিকভাৱে প্ৰভাৱ পৰাকৈ এখন দেশৰ ক্ৰিকেট ব'ৰ্ডক কৰিলে নিলম্বন ।

ICC SUSPEND USA CRICKET
আই চি চিৰ চাবুক চলিল এখন ডাঙৰ দেশত ওপৰত (AFP)
author img

By ETV Bharat Assamese Team

Published : September 24, 2025 at 1:34 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মঙলবাৰে ইউ এছ এক ক্ৰিকেটৰ সদস্য পদৰ পৰা তাৎক্ষণিকভাৱে প্ৰভাৱ পৰাকৈ নিলম্বন কৰা বুলি ঘোষণা কৰে । ICC এ কয় যে এই সিদ্ধান্ত যোৱা এটা বছৰত কৰা গভীৰ সমীক্ষা আৰু মুখ্য বিষয়ববীয়াৰ সৈতে কৰা গুৰুত্বপূৰ্ণ আলোচনাৰ পাছত লোৱা হৈছে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে কয়, "যোৱা এটা বছৰত এই বিষয়টোৰ ওপৰত কৰা গভীৰ সমীক্ষা আৰু মুখ্য বিষয়ববীয়াসকলৰ সৈতে কৰা আলোচনাৰ পাছত আজি ইউ এছ এক ক্ৰিকেটৰ ICC ৰ সদস্য পদৰ পৰা তাৎক্ষণিকভাৱে প্ৰভাৱ পৰাকৈ নিলম্বন কৰা হৈছে ।"

অলিম্পিকৰ প্ৰস্তুতিৰ বাবে অনুমতি:

এক প্ৰেছ বিবৃতিযোগে ICC এ ইউ এছ এ ক্ৰিকেটৰ ওপৰত সদস্যৰূপে নিজৰ দায়িত্বসমূহ বাৰে বাৰে উলংঘন কৰি অহাৰ অভিযোগ উত্থাপন কৰে । এই সিদ্ধান্ত লছ এঞ্জেলছ অলিম্পিক ২০২৮ ৰ পূৰ্বে লোৱা হয় । কিন্তু ICC এ আমেৰিকাৰ টীমক লছ এঞ্জেলছ অলিম্পিকত প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা আৰু ব্যাপকভাৱে আয়োজন কৰাৰ অনুমতি প্ৰদান কৰে ।

বিবৃতিত কি ক'লে ICC এ:

ICC এ এক বিবৃতিত কয়,"ICC ব'ৰ্ডৰ দ্বাৰা অনুষ্ঠিত কৰা এক বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্ত ইউ এছ এ ক্ৰিকেটে নিজৰ দায়িত্বসমূহ বাৰে বাৰে উলংঘন কৰাৰ ওপৰত আধাৰিত ।"

"ইয়াৰ ভিতৰত কাৰ্যক্ষম শাসন প্ৰণালী গঠন কৰাৰ ক্ষেত্ৰত বিফলতা, সংযুক্ত ৰাষ্ট্ৰ অলিম্পিক আৰু পেৰা অলিম্পিক সমিতিৰ সৈতে ৰাষ্ট্ৰীয় শাসনমূলক সংস্থাৰ স্থিতি লাভ কৰাৰ দিশত আগবাঢ়িব নোৱৰা আৰু সংযুক্ত ৰাষ্ট্ৰ আমেৰিকা আৰু বিশ্বত ক্ৰিকেটক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত লোকচান কৰাৰ দৰে বিষয়সমূহৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।" বিবৃতিটোত কোৱা হয় ৷

T-20 বিশ্বকাপত পাকিস্তানক পৰাভূত:

আমেৰিকান ক্ৰিকেট টীমে T-20 বিশ্বকাপ ২০২৪ ত অংশগ্ৰহণ কৰিছিল । আমেৰিকান ক্ৰিকেট টীমটোৱে মেগা ICC টুৰ্ণামেণ্টত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছিল । চুপাৰ অভাৰত পাকিস্তানক হৰুৱাই এক বৃহৎ প্ৰত্যাৱৰ্তন কৰিছিল । আমেৰিকান টীমটোত কেইবাজনো ভাৰতীয়মূলৰ খেলুৱৈও আছিল । ৩৩ বছৰীয়া মুম্বাইৰ ফাৰ্ষ্ট বলাৰ সৌৰভ নেত্ৰৱলকাৰে ভাৰতৰ বিৰুদ্ধে খেলা মেচত বিৰাট কোহলীক আউট কৰি শিৰোনাম দখল কৰিছিল ।

আমেৰিকান ক্ৰিকেট টীম T-20 বিশ্বকাপ আৰু অলিম্পিকত অংশগ্ৰহণ কৰাৰ যোগ্য:

এই সিদ্ধান্তৰ সৈতে ICC এ এই কথাও স্পষ্ট কৰে যে আমেৰিকান ক্ৰিকেট টীম ভাৰত আৰু শ্ৰীলংকাৰ দ্বাৰা সংযুক্তভাৱে আয়োজিত T-20 বিশ্বকাপ ২০২৬ত অংশগ্ৰহণ কৰাৰ বাবে যোগ্য হ'ব । আমেৰিকাৰ টীম T-20 বিশ্বকাপ ২০২৪ত চুপাৰ-৮ ত স্থান পাইছিল । সেয়ে, আমেৰিকান ক্ৰিকেট টীমো যোগ্য হ'ব । আমেৰিকাৰ লছ এঞ্জেলছ ২০২৮ অলিম্পিকত ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ।

লগতে পঢ়ক: এছিয়া কাপ ২০২৫ ছুপাৰ ৪: শ্ৰীলংকাক পৰাস্ত কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত পাকিস্তান

এদিনীয়া ৰেংকিঙত উল্লেখনীয় উত্তৰণ দীপ্তি শৰ্মাৰ