ICC ৰ এদিনীয়া ৰেংকিঙৰ পৰা অন্তৰ্ধান হ’ল বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নাম, জানক আচল কাৰণ
শেহতীয়াকৈ প্ৰকাশ পোৱা আই চি চিৰ এদিনীয়া ৰেংকিঙত নাছিল তাৰকা ভাৰতীয় যুটি ৰোহিত শৰ্মা আৰু বিৰাট কোহলী নাম । তাৰ পাছতেই সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷

Published : August 21, 2025 at 11:09 AM IST
নতুন দিল্লী : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শেহতীয়াকৈ প্ৰকাশ কৰা ৰেংকিঙত এটা অদ্ভুত কাণ্ড দেখা গ’ল, যেতিয়া ভাৰতৰ দুগৰাকী তাৰকা খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ৰেংকিং তালিকাৰ পৰা নোহোৱা হয় । ইতিমধ্যে টেষ্ট আৰু টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লোৱা এই ভাৰতীয় যুটিটো আই চি চিৰ শেহতীয়া এদিনীয়া ৰেংকিঙৰ পৰাও অন্তৰ্ধান হোৱা দেখা গৈছিল ।
দৰাচলতে যোৱা সপ্তাহত ৰোহিতে ৭৫৬ পইণ্টেৰে এদিনীয়া ৰেংকিঙত দ্বিতীয় স্থানত আছিল । ৭৮৪ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত আছে কোহলী । এতিয়া শুভমন গিলে ৭৮৪ ৰেটিং পইণ্টেৰে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে শ্ৰেয়াস আয়াৰে ৭০৪ পইণ্টেৰে ষষ্ঠ স্থানত আছে । শীৰ্ষ ২০ ৰ ভিতৰত থকা আনজন ভাৰতীয় কে এল ৰাহুল, তেওঁ ৬৩৮ পইণ্টেৰে ১৩ নম্বৰ স্থানত আছে । আশ্চৰ্যজনকভাৱে শেহতীয়া আপডেটত কাৰিকৰী ত্ৰুটিৰ বাবে ৰোহিত বা কোহলী কোনো এজনকেই এই তালিকাত দেখা পোৱা হোৱা নাই ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ পিছত ৰোহিত আৰু কোহলীক খেলপথাৰত দেখিবলৈ পোৱা হোৱা নাই । তেওঁলোকক অন্তিমবাৰ নিউজীলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত দেখা গৈছিল ।
আই চি চিৰ ৰেংকিঙৰ পৰা কেতিয়া নোহোৱা হয় খেলুৱৈ ?
বিৰাট আৰু ৰোহিতৰ ৰেংকিঙৰ পৰা অন্তৰ্ধান হোৱাটো আছিল কাৰিকৰী ত্ৰুটি । অৱশ্যে কিছুমান বিশেষ পৰিস্থিতিত এজন খেলুৱৈক শীৰ্ষ ১০০ ৰ পৰা আঁতৰাব পাৰি ।
আই চি চিৰ ৰেংকিং নিয়ম অনুসৰি শীৰ্ষ ১০০ ৰ ভিতৰত থকা খেলুৱৈয়ে যোগ্যতা অৰ্জনৰ সময়ছোৱাত কোনো মেচ খেলিব নোৱাৰিলে তেওঁলোকে স্থান হেৰুৱায়, যিটো এদিনীয়া আৰু টি-২০ৰ বাবে ৯-১২ মাহ হয় ।

ইয়াৰ বাহিৰেও কোনো খেলুৱৈয়ে কোনো বিশেষ ফৰ্মেটৰ পৰা বিদায় লয় বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ লয় তেন্তে তেওঁক আঁতৰাব পাৰি । উদাহৰণস্বৰূপে, ২০১৪ চনত এম এছ ধোনীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল, সেয়েহে তেওঁক টেষ্ট ৰেংকিঙৰ পৰা আঁতৰাই দিয়া হৈছিল ।
আই চি চি য়ে নিজৰ ভুল শুধৰালে
ৰেংকিঙৰ পৰা তাৰকা বেটছমেন ৰোহিত আৰু বিৰাটৰ নোহোৱা হোৱাটোৱে বহুতকে আচৰিত কৰিছিল যদিও কেইঘণ্টামানৰ পিছত আই চি চিয়ে ৰেংকিং আপডেট কৰে । উন্নত ৰেংকিঙত ৰোহিতে পুনৰবাৰ দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে বিৰাট চতুৰ্থ স্থানত থাকে । দুয়োৰে অনুপস্থিতিয়ে তেওঁলোকৰ এদিনীয়াৰ পৰা অৱসৰ লোৱাৰ আলোচনাত ইন্ধন যোগাইছিল ।

