ETV Bharat / sports

৮ বছৰীয়া অপেক্ষাৰ অন্ত; আজিৰে পৰা আৰম্ভ চেম্পিয়নছ ট্ৰফী

বুধবাৰৰ পৰা আৰম্ভ হ’ব আই চি চি পুৰুষ চেম্পিয়নছ ট্ৰফী ২০২৫ । প্ৰতিযোগিতাখনৰ সৰু-বৰ সকলো তথ্য এই প্ৰতিবেদনত প্ৰকাশ কৰা হ’ল ৷

CHAMPIONS TROPHY 2025
চেম্পিয়নছ ট্ৰফীৰ সামগ্ৰিক তথ্যসমূহ (AFP Photo)
author img

By ETV Bharat Assamese Team

Published : February 19, 2025 at 5:06 PM IST

6 Min Read
Choose ETV Bharat

নতুন দিল্লী: এদিনীয়া ফৰ্মেটৰ ৮ টা শ্ৰেষ্ঠ দলে চেম্পিয়নছ ট্ৰফী ২০২৫ ত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে । বুধবাৰৰ পৰা (১৯ ফেব্ৰুৱাৰী) আৰম্ভ হ’ব আই চি চি পুৰুষ চেম্পিয়নছ ট্ৰফীৰ নৱম সংস্কৰণ । ২০১৭ চনত পাকিস্তানে প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰাৰ পিছত এই প্ৰতিযোগিতাখন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ।

ডিফেণ্ডিং চেম্পিয়ন পাকিস্তানে এই প্ৰতিযোগিতাখন আয়োজন কৰিছে ৷ আনহাতে, ভাৰতে নিজৰ আটাইকেইখন খেল সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ডুবাইত খেলিব । প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত আয়োজক পাকিস্তানে কৰাচীত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ।

এই প্ৰতিযোগিতাখনৰ বিষয়ে সামগ্ৰিক তথ্যসমূহ এনেধৰণৰ...

চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ আটাইকেইটা দলকে দুটা গ্ৰুপত ভাগ কৰা হৈছে ।

  • গ্ৰুপ এ : পাকিস্তান, ভাৰত, বাংলাদেশ, নিউজিলেণ্ড ।
  • গ্ৰুপ বি : অষ্ট্ৰেলিয়া, আফগানিস্তান, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা ।

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে দলসমূহ

গ্ৰুপ এ-ৰ আটাইকেইটা দল

ভাৰত: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়ছ আয়াৰ, কে এল ৰাহুল, ঋষভ পন্ত, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছামী, অৰ্শদীপ সিং, ৰবীন্দ্ৰ জাদেজা, বৰুণ চক্ৰৱৰ্তী ।

বাংলাদেশ: নাজমুল হোছেইন শান্তো (অধিনায়ক), সৌম্য সৰকাৰ, তাঞ্জিদ হাছান, তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম, এম ডি মাহমুদ উল্লাহ, জেকাৰ আলী অনিক, মেহদি হাছান মিৰাজ, ৰিছাদ হোছেইন, তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, পাৰভেজ হোছেইন ইমন, নাছুম আহমেদ, তনজিম হাছান চাকিব, নাহিদ ৰাণা ।

নিউজিলেণ্ড: মিচেল ছাণ্টনাৰ (অধিনায়ক), মাইকেল ব্ৰেচৱেল, মাৰ্ক চেপমেন, ডেভন কনৱে, লকি ফাৰ্গুচন, মেট হেনৰী, টম লেথাম, ডেৰিল মিচেল, উইল অ’ৰ’ৰ্ক, গ্লেন ফিলিপছ, ৰাচিন ৰবীন্দ্ৰ, নাথান স্মিথ, কেন উইলিয়ামছন, উইল ইয়ং, জেকব ডাফী ।

পাকিস্তান: মহম্মদ ৰিজৱান (অধিনায়ক), বাবৰ আজম, ফখৰ জামান, কামৰাণ গুলাম, চৌদ শ্বাকিল, তয়াব তাহিৰ, ফাহীম আছৰাফ, খুছদিল শ্বাহ, ছলমান আলী আগা, উছমান খান, আব্ৰাৰ আহমেদ, হৰিশ ৰৌফ, মহম্মদ হাছনাইন, নছিম শ্বাহ, শ্বাহিন শ্বাহ আফ্ৰিদী ।

আফগানিস্তান: হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), ইব্ৰাহীম জাদ্ৰান, ৰহমানুল্লাহ গুৰবাজ, ছেদিকুল্লাহ অটল, ৰহমত শ্বাহ, ইক্ৰাম আলিখিল, গুলবাদিন নাইব, আজমাতুল্লাহ উমেৰজাই, মহম্মদ নবী, ৰছিদ খান, নংগিয়াল খাৰোতি, নুৰ আহমেদ, ফজলহাক ফাৰুকী, ফৰেদ মালিক, নভিদ জাদ্ৰান । সংৰক্ষিত: দৰৱেশ ৰসৌলি, বিলাল ছামী ।

ইংলেণ্ড: জছ বাটলাৰ (অধিনায়ক), জোফ্ৰা আৰ্চাৰ, গাছ এটকিনছন, টম বেণ্টন, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, বেন ডাকেট, জেমী অভাৰটন, জেমী স্মিথ, লিয়াম লিভিংষ্টন, আদিল ৰছিদ, জো ৰুট, ছাকিব মাহমুদ, ফিল ছল্ট, মাৰ্ক উড ।

অষ্ট্ৰেলিয়া: ষ্টিভ স্মিথ (অধিনায়ক), শ্বেন এবট, এলেক্স কেৰী, বেন দ্বাৰশ্বিছ, নাথান এলিছ, জেক ফ্ৰেজাৰ-মেকগাৰ্ক, এৰন হাৰ্ডি, ট্ৰেভিছ হেড, জোছ ইংলিছ, স্পেন্সৰ জনছন, মাৰ্নাছ লাবুশ্বাগনে, গ্লেন মেক্সৱেল, টানভিৰ সংঘ, মেথিউ শ্বৰ্ট, এডাম জাম্পা । সংৰক্ষিত খেলুৱৈ: কুপাৰ কনলি ।

দক্ষিণ আফ্ৰিকা: টেম্বা বাভুমা (অধিনায়ক), টনি ডি জোৰ্জি, মাৰ্কো জান্সেন, হাইনৰিখ ক্লাচেন, কেশৱ মহাৰাজ, আইডেন মাৰ্ক্ৰাম, ডেভিদ মিলাৰ, উইয়ান মুল্ডাৰ, লুংগি এনগিডি, কাগিছ’ ৰাবাডা, ৰিয়ান ৰিকেলটন, টাব্ৰাইজ শ্বামচি, ট্ৰিষ্টান ষ্টাবছ, ৰাছি ভান ডেৰ ডাচেন, কৰ্বিন বছ ৷ সংৰক্ষিত খেলুৱৈ: ক্ৱেনা ম্ফাকা ।

চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ ফৰ্মেট

২০০৬ চনত আঠটা দলৰ প্ৰৱৰ্তনৰ পিছৰ পৰাই প্ৰতিযোগিতাখনৰ ফৰ্মেট একেই আছে । আঠটা দলকে চাৰিটাকৈ দুটাকৈ গ্ৰুপত ভাগ কৰা হৈছে, প্ৰতিটো দলে গ্ৰুপৰ আন প্ৰতিটো দলৰ বিৰুদ্ধে এবাৰ খেলিছে ।

প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰে, য’ৰ পৰাই সিদ্ধান্ত লোৱা হয় যে কোন দুটা দলে শীৰ্ষ মেচত খেলিব ।

চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ পুৰস্কাৰৰ ধন

২০১৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে আই চি চি চেম্পিয়নছ ট্ৰফীৰ প্ৰত্যাৱৰ্তনৰ বাবে ২২.৪ মিলিয়ন ডলাৰ (USD) পুৰস্কাৰৰ ধন লাভ কৰিবলৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আঠটা দলে । প্ৰতিযোগিতাখনৰ ৰাণাৰ্ছ আপৰ দলে ১১.১২ মিলিয়ন ডলাৰ লাভ কৰাৰ বিপৰীতে পৰাজিত ছেমি ফাইনেলিষ্টসকলে ৫ লাখ ৬০ হাজাৰ ডলাৰকৈ লাভ কৰিব ।

২০১৭ চনৰ সংস্কৰণৰ পৰা ৫৩ শতাংশ বৃদ্ধি পাই ৬৯ লাখ ডলাৰ হৈছে মুঠ পুৰস্কাৰ পুঁজি । বিজয়ী দলটোৱে লাভ কৰিব প্ৰায় ২০ কোটি টকা ।

চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ মেচৰ স্থান, তাৰিখ আৰু সময়

  • ১৯ ফেব্ৰুৱাৰী, পাকিস্তান বনাম নিউজিলেণ্ড, কৰাচী, পাকিস্তান
  • ২০ ফেব্ৰুৱাৰী, বাংলাদেশ বনাম ভাৰত, ডুবাই
  • ২১ ফেব্ৰুৱাৰী, আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা, কৰাচী, পাকিস্তান
  • ২২ ফেব্ৰুৱাৰী, অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, লাহোৰ, পাকিস্তান
  • ২৩ ফেব্ৰুৱাৰী, পাকিস্তান বনাম ভাৰত, ডুবাই
  • ২৪ ফেব্ৰুৱাৰী, বাংলাদেশ বনাম নিউজিলেণ্ড, ৰাৱালপিণ্ডি, পাকিস্তান
  • ২৫ ফেব্ৰুৱাৰী, অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৰাৱালপিণ্ডি, পাকিস্তান
  • ২৬ ফেব্ৰুৱাৰী, আফগানিস্তান বনাম ইংলেণ্ড, লাহোৰ, পাকিস্তান
  • ২৭ ফেব্ৰুৱাৰী, পাকিস্তান বনাম বাংলাদেশ, ৰাৱালপিণ্ডি, পাকিস্তান
  • ২৮ ফেব্ৰুৱাৰী, আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, লাহোৰ, পাকিস্তান
  • ১ মাৰ্চ, দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, কৰাচী, পাকিস্তান
  • ২ মাৰ্চ, নিউজিলেণ্ড বনাম ভাৰত, ডুবাই
  • ৪ মাৰ্চ, ছেমি ফাইনেল ১, ডুবাই
  • ৫ মাৰ্চ, ছেমি ফাইনেল ২, লাহোৰ, পাকিস্তান
  • ৯ মাৰ্চ, ফাইনেল, লাহোৰ (ভাৰত যোগ্যতা অৰ্জন নকৰিলে পাকিস্তানত খেলিব, ভাৰতে যোগ্যতা অৰ্জন কৰিলে ডুবাইত খেলিব)
  • ১০ মাৰ্চ, সংৰক্ষিত দিৱস (ফাইনেলৰ বাবে সংৰক্ষিত দিন)

বি:দ্ৰ: এই আটাইকেইখন খেল ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব ।

ক'ত উপভোগ কৰিব পাৰিব চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ পোনপটীয়া খেল

ভাৰত: জিঅ’ষ্টাৰ (জিঅ’ হটষ্টাৰত লাইভ ষ্ট্ৰীমিং, ষ্টাৰ আৰু নেটৱৰ্ক ১৮ চেনেলত টেলিভিছন কভাৰেজ)

পাকিস্তান: পিটিভি আৰু টেন স্প’ৰ্টছ, ষ্ট্ৰীমিং বিকল্প: মাইকো আৰু তামাছা এপ

সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু মেনা: ক্ৰিকলাইফ মেক্স আৰু ক্ৰিকলাইফ মেক্স ২, ষ্ট্ৰীমিং বিকল্প: ষ্টাৰজপ্লে

বৃটেইন: স্কাই স্প’ৰ্টছ ক্ৰিকেট, স্কাই স্প’ৰ্টছ মেইন ইভেণ্ট, স্কাই স্প’ৰ্টছ একচনত লাইভ সম্প্ৰচাৰ, স্কাইগ’, নাও আৰু স্কাই স্প’ৰ্টছ এপৰ জৰিয়তে ডিজিটেল কভাৰেজ

আমেৰিকা আৰু কানাডা: উইলোটিভিৰ জৰিয়তে উইলোত ষ্ট্ৰীমিং, ক্ৰিকবাজ এপ (হিন্দী কভাৰেজ উপলব্ধ)

কেৰিবিয়ান দেশসমূহত: ই এছ পি এনকেৰিবিয়ান টিভিত, ই এছ পি এন প্লে কেৰিবিয়ান এপৰ জৰিয়তে ষ্ট্ৰীমিং

অষ্ট্ৰেলিয়া: PrimeVideo (কভাৰেজ হিন্দীতো উপলব্ধ)

নিউজিলেণ্ড: স্কাই স্প’ৰ্টছ এনজেড, নাও আৰু স্কাই স্প’ৰ্টছ এপ স্কাইগ’ এপৰ জৰিয়তে ডিজিটেল কভাৰেজ।

দক্ষিণ আফ্ৰিকা আৰু উপ-চাহাৰা অঞ্চল: ছুপাৰস্প’ৰ্ট আৰু ছুপাৰস্প’ৰ্ট এপ

বাংলাদেশ: টফি এপৰ জৰিয়তে ৰৈখিক, ডিজিটেল সম্প্ৰচাৰ কৰিব নাগোৰিক টিভি আৰু টি-স্প’ৰ্টছ

আফগানিস্তান: এ টি এন

শ্ৰীলংকা: মহাৰাজা টিভিৰ জৰিয়তে ডিজিটেল (টিভি ১ ত ৰৈখিক), ছিৰছা

লগতে পঢ়ক: পাকিস্তানৰ ষ্টেডিয়ামত কিয় নাই ভাৰতৰ পতাকা ? পাকিস্তানে স্পষ্ট কৰিলে স্থিতি