ETV Bharat / sports

অলিম্পিকত স্থায়ী হ’ব ক্ৰিকেট ! ব্রীজবেন অলিম্পিকৰ মুখ্য কাৰ্যবাহী বিষয়াক সাক্ষাৎ আই চি চিৰ অধ্যক্ষৰ

1 ডিচেম্বৰত আই চি চিৰ অধ্যক্ষৰ দায়িত্ব লোৱাৰ পিছত জয় শ্বাহে 2032 চনৰ ব্রিজবেন অলিম্পিকৰ মুখ্য কাৰ্যবাহী বিষয়াক সাক্ষাৎ কৰে ৷

Jay Shah meets Cindy Hook
আই চি চিৰ অধ্যক্ষ জয় শ্বাহ (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : December 12, 2024 at 7:16 PM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক: আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষ জয় শ্বাহে বৃহস্পতিবাৰে ব্ৰীছবেন 2032 অলিম্পিক আৰু পেৰালিম্পিক গেমছ আয়োজক সমিতিৰ (অ’ চি অ' জি) মুখ্য কাৰ্যবাহী বিষয়া চিণ্ডি হুকক সাক্ষাৎ কৰে ৷

হুকৰ সৈতে জয় শ্বাহৰ সাক্ষাৎ

জয় শ্বাহে সামাজিক মাধ্যমৰ একাউণ্ট এক্সত হুকৰ সৈতে হোৱা বৈঠকৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি এনেদৰে লিখিছিল, "অলিম্পিক আন্দোলনত ক্ৰিকেটৰ অংশগ্ৰহণৰ বাবে এক অতি ৰোমাঞ্চকৰ সময় - আজি অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত @Brisbane_2032 আয়োজক সমিতিৰ সৈতে বৈঠক" ৷

এই বিষয়ত আলোচনা

ক্ৰিকেটক কেনেদৰে লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগীয়া 2028 চনৰ অলিম্পিকৰ কাৰ্যসূচীৰ পৰাই স্থায়ী কৰিব পাৰি, সেই সন্দৰ্ভত আই চি চিৰ লক্ষ্য সম্পৰ্কে এই বৈঠকত আলোকপাত কৰা হয় ৷ 1900 চনৰ অলিম্পিকত এবাৰৰ বাবে ক্ৰিকেটক অন্তৰ্ভুক্ত কৰাৰ পিছত 2028 চনৰ লছ এঞ্জেলছ অলিম্পিকত ঐতিহাসিক প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু কৰা হৈছে খেলবিধ ৷

অধিক লোকৰ কাষ চপাৰ লক্ষ্য

1 ডিচেম্বৰত আই চি চিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা শ্বাহে তেওঁৰ প্ৰথম ৰাজহুৱা বিবৃতিত খেলখন অধিক দৰ্শকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজনীয়তা আৰু সমগ্ৰ বিশ্বৰ অনুৰাগীসকলৰ আশা-আকাংক্ষা পূৰণ ৰখাৰ বাবে ইয়াৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ।

শ্বাহে কয়, "ক্ৰিকেটৰ বাবে এক পৰিৱৰ্তনশীল পৰ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে খেলখনৰ বিশ্বব্যাপী প্ৰসাৰ বৃদ্ধি কৰিবলৈ আৰু ইয়াৰ বিকাশৰ বাবে নতুন পথ গঢ়ি তুলিবলৈ আই চি চি আৰু সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে কাম কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ" ৷

তেওঁ লগতে কয়, "তৃণমূল পৰ্যায়ৰ পদক্ষেপৰ পৰা ডাঙৰ অনুষ্ঠানলৈকে মোৰ লক্ষ্য হৈছে ক্ৰিকেট অধিক লোকৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰা ৷ আনহাতে, ইয়াৰ বিকাশে সমগ্ৰ বিশ্বৰ অনুৰাগীসকলৰ আশা-আকাংক্ষা পূৰণ কৰাটো নিশ্চিত কৰা" ৷

ব্ৰীছবেনে 2032 চনৰ অলিম্পিক গেমছ আয়োজন কৰিব

2032 ৰ অলিম্পিক আয়োজক চহৰ ব্ৰীছবেনৰ 37 টা প্ৰস্তাৱিত স্থান, কুইন্সলেণ্ডৰ চাৰিওফালে কেইবাখনো সহ-আয়োজক চহৰৰ লগতে মেলব’ৰ্ণ আৰু ছিডনীৰ নিৰ্বাচিত স্থানত এই ইভেণ্ট অনুষ্ঠিত কৰা হ'ব । ব্ৰীছবেনে 2032 চনত 28 টা অলিম্পিক আৰু 22 টা পেৰালিম্পিক ক্ৰীড়া আয়োজন কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক: এইখন দেশৰ ওপৰত 2034 চনৰ ফিফা বিশ্বকাপৰ আয়োজকৰ দায়িত্ব; সিদ্ধান্তত সুখী নহয় সদস্য দেশ