আই চি চি মহিলা টি-২০ বিশ্বকাপ 2026 ৰ সূচী ঘোষণা
৫ জুলাইত লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৬ ৰ ফাইনেল মেচ ।

Published : June 19, 2025 at 9:02 AM IST
হায়দৰাবাদ: অহা বছৰৰ ১২ জুনৰ পৰা আৰম্ভ হ’ব আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৬ ৷ এই মেগা ইভেণ্টৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে ৷
প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন ৫ জুলাইত লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব । আনহাতে, সমগ্ৰ প্ৰতিযোগিতাখন ইংলেণ্ড আৰু ৱেলছৰ ছটাকৈ স্থানত অনুষ্ঠিত হ’ব ।
সূচী ঘোষণা কৰাৰ পিছত কোনটো দলক কোনটো গ্ৰুপত স্থান দিয়া হৈছে, সেয়া সিদ্ধান্তও লোৱা হৈছে । অনুৰাগীসকলে জানি ভালপাব যে ভাৰত আৰু পাকিস্তানক পুনৰ একেটা গ্ৰুপতে স্থান দিয়া হৈছে ৷ এই দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এখন বৃহৎ মেচৰ দিনো ইতিমধ্যে ঘোষণা কৰা হৈছে ।
মহিলা টি-২০ বিশ্বকাপ ২০২৬ ৰ উদ্বোধনী মেচ
মহিলা টি-২০ বিশ্বকাপ ২০২৬ ৰ উদ্বোধনী মেচখন ১২ জুনত আয়োজক দেশ ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব । এয়া মহিলা টি-২০ বিশ্বকাপৰ দশমটো ছিজন । ইয়াত মুঠ ১২ টা দলে অংশগ্ৰহণ কৰিব ৷ গতিকে অহা বছৰৰ বিশ্বকাপ প্ৰতিযোগিতাখন সৰ্ববৃহৎ বিশ্বকাপ বুলিব পাৰি ।
Mark your calendars 🗓
— ICC (@ICC) June 18, 2025
The fixtures for the ICC Women’s T20 World Cup 2026 are out 😍
Full details ➡ https://t.co/X2BqQphwSC pic.twitter.com/gqkxaMudEP
গ্ৰুপসমূহ
ইয়াৰ বাবে আই চি চিয়ে দুটা গ্ৰুপ গঠন কৰিছে । অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বাহিৰেও ভাৰত আৰু পাকিস্তানক গ্ৰুপ ১-ত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰোপৰি গ্ৰুপটোত আন দুটা দল থাকিব, যাৰ সিদ্ধান্ত কোৱালিফায়াৰৰ পিছত লোৱা হ’ব ।
আনহাতে, গ্ৰুপ ২-ত থাকিব আয়োজক ইংলেণ্ডৰ উপৰিও নিউজিলেণ্ড, শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজ ৷ ইয়াতো কোৱালিফায়াৰ খেলাৰ পিছতহে গ্ৰুপত আন দুটা দলে স্থান লাভ কৰিব ৷ দুয়োটা গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমি ফাইনেলত মুখামুখি হ’ব ।
প্ৰথমখন ছেমি ফাইনেল ৩০ জুনত আৰু দ্বিতীয়খন ২ জুলাইত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ৫ জুলাইত লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ ।
ভাৰত বনাম পাকিস্তান
ভাৰত-পাকিস্তানৰ মাজৰ এই মেচখন ২০২৬ চনৰ ১৪ জুনত এডগবাষ্টনত অনুষ্ঠিত হ’ব ৷ ভাৰত আৰু পাকিস্তান এই প্ৰতিযোগিতাৰা একেটা গ্ৰুপতে আছে । ভাৰত-পাকিস্তানৰ দলসমূহে এতিয়া কেৱল আই চি চি বা এ চি চি প্ৰতিযোগিতাতহে মুখামুখি হয়, যাৰ বাবে চিৰবৈৰী দেশ দুখনৰ দল দুটাৰ খেল উপভোগ কৰিবলৈ সদায়ে উদগ্ৰীৱ হৈ থাকে অনুৰাগীসকল ৷
📍 England and Wales
— BCCI Women (@BCCIWomen) June 18, 2025
🗓️ 2026
Here are #TeamIndia's fixtures for ICC Women's T20 World Cup 2026! 🙌 pic.twitter.com/PTtPmpDCZX
আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৬ ৰ গ্ৰুপসমূহ
গ্ৰুপ ১: অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ভাৰত, পাকিস্তান, (কোৱালিফায়াৰ, কোৱালিফায়াৰ)
গ্ৰুপ ২: ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড, নিউজিলেণ্ড, শ্ৰীলংকা, (কোৱালিফায়াৰ, কোৱালিফায়াৰ)
আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৬ ৰ সম্পূৰ্ণ সূচী
- ১২ জুন: ইংলেণ্ড বনাম শ্ৰীলংকা, এডগবাষ্টন
- ১৩ জুন: কোৱালিফায়াৰ বনাম কোৱালিফায়াৰ, অ’ল্ড ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰ
- ১৩ জুন: অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, অ’ল্ড ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰ
- ১৩ জুন : ৱেষ্ট ইণ্ডিজ বনাম নিউজিলেণ্ড, হেম্পশ্বাৰ বাউল
- ১৪ জুন: কোৱালিফায়াৰ বনাম কোৱালিফায়াৰ, এডগবাষ্টন
- ১৪ জুন: ভাৰত বনাম পাকিস্তান, এডগবাষ্টন
- ১৬ জুন: নিউজিলেণ্ড বনাম শ্ৰীলংকা, হেম্পশ্বাৰ বাউল
- ১৬ জুন: ইংলেণ্ড বনাম কোৱালিফায়াৰ, হেম্পশ্বাৰ বাউল
- ১৭ জুন: অষ্ট্ৰেলিয়া বনাম কোৱালিফায়াৰ, হেডিংলি
- ১৭ জুন: ভাৰত বনাম কোৱালিফায়াৰ, হেডিংলি
- ১৭ জুন: দক্ষিণ আফ্ৰিকা বনাম পাকিস্তান, এডগবাষ্টন
- ১৮ জুন: ৱেষ্ট ইণ্ডিজ বনাম কোৱালিফায়াৰ, হেডিংলি
- ১৯ জুন: নিউজিলেণ্ড বনাম কোৱালিফায়াৰ, হেম্পশ্বাৰ বাউল
- ২০ জুন: অষ্ট্ৰেলিয়া বনাম কোৱালিফায়াৰ, হেম্পশ্বাৰ বাউল
- ২০ জুন: পাকিস্তান বনাম কোৱালিফায়াৰ, হেম্পশ্বাৰ
- ২০ জুন: ইংলেণ্ড বনাম কোৱালিফায়াৰ, হেডিংলি
- ২১ জুন: ৱেষ্ট ইণ্ডিজ বনাম শ্ৰীলংকা, ব্রিষ্টল কাউণ্টি খেলপথাৰ
- ২১ জুন: দক্ষিণ আফ্ৰিকা বনাম ভাৰত, অ’ল্ড ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰ
- ২৩ জুন: নিউজিলেণ্ড বনাম কোৱালিফায়াৰ, ব্রিষ্টল কাউণ্টি খেলপথাৰ
- ২৩ জুন: শ্ৰীলংকা বনাম কোৱালিফায়াৰ, ব্রিষ্টল কাউণ্টি খেলপথাৰ
- ২৩ জুন: অষ্ট্ৰেলিয়া বনাম পাকিস্তান, হেডিংলি
- ২৪ জুন: ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, লৰ্ডছ ক্ৰিকেট খেলপথাৰ
- ২৫ জুন: ভাৰত বনাম কোৱালিফায়াৰ, অ’ল্ড ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰ
- ২৫ জুন: দক্ষিণ আফ্ৰিকা বনাম কোৱালিফায়াৰ, ব্রিষ্টল কাউণ্টি খেলপথাৰ
- ২৬ জুন: শ্ৰীলংকা বনাম কোৱালিফায়াৰ, অ’ল্ড ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰ
- ২৭ জুন: পাকিস্তান বনাম কোৱালিফায়াৰ, ব্রিষ্টল কাউণ্টি খেলপথাৰ
- ২৭ জুন: ৱেষ্ট ইণ্ডিজ বনাম কোৱালিফায়াৰ, ব্রিষ্টল কাউণ্টি খেলপথাৰ
- ২৭ জুন: ইংলেণ্ড বনাম নিউজিলেণ্ড, দ্য অভেল
- ২৮ জুন: দক্ষিণ আফ্ৰিকা বনাম কোৱালিফায়াৰ, লৰ্ডছ ক্ৰিকেট খেলপথাৰ
- ২৮ জুন: অষ্ট্ৰেলিয়া বনাম ভাৰত, লৰ্ডছ ক্ৰিকেট খেলপথাৰ
- ৩০ জুন: টি বি চি বনাম টি বি চি (প্ৰথমখন ছেমি ফাইনেল), দ্য অভেল
- ২ জুলাই: টি বি চি বনাম টি বি চি (দ্বিতীয়খন ছেমি ফাইনেল), দ্য অভেল
- ৫ জুলাই: টি বি চি বনাম টি বি চি (ফাইনেল), লৰ্ডছ ক্ৰিকেট খেলপথাৰ
লগতে পঢ়ক: গুজৰাটত আৰম্ভ হৈ কেৰালাত শেষ : ভাৰত-নিউজিলেণ্ডৰ শৃংখলাৰ কাৰ্যসূচী ঘোষণা

