ETV Bharat / sports

মহিলা এছিয়া কাপ ২০২৫ ৰ বাবে ভাৰতৰ দল ঘোষণা

মহিলা এছিয়া কাপৰ বিজয়ীয়ে এফ আই এইচ মহিলা হকী বিশ্বকাপ ২০২৬ ৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰাৰ সুযোগ লাভ কৰিব ।

Womens Asia Cup 2025
ভাৰতীয় মহিলা হকী দল (ANI Photo)
author img

By ANI

Published : August 21, 2025 at 6:06 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ৫ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ চীনৰ হাংঝোত অনুষ্ঠিত হ’বলগীয়া মহিলা এছিয়া কাপ ২০২৫ ৰ বাবে বৃহস্পতিবাৰে হকী ইণ্ডিয়াই ঘোষণা কৰে ২০ জনীয়া ভাৰতীয় মহিলা হকীৰ দলটো ।

হকী ইণ্ডিয়াৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এই প্ৰতিযোগিতাখনো তাৎপৰ্যপূৰ্ণ ৷ কাৰণ মহিলা এছিয়া কাপৰ বিজয়ীয়ে এফ আই এইচ মহিলা হকী বিশ্বকাপ ২০২৬ ৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰাৰ সুযোগ লাভ কৰিব, যাৰ ফলত ই আন্তঃৰাষ্ট্ৰীয় হকী কেলেণ্ডাৰত এক গুৰুত্বপূৰ্ণ ইভেণ্ট হিচাপে পৰিগণিত হ’ব ।

ভাৰতক পুল বিত স্থান দিয়া হৈছে ৷ দলটোৱে জাপান, থাইলেণ্ড আৰু ছিংগাপুৰৰ বিৰুদ্ধে খেলিব লাগিব । ৫ ছেপ্টেম্বৰত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব ৷ তাৰপিছত ক্ৰমে ৬ ছেপ্টেম্বৰত জাপানৰ বিৰুদ্ধে আৰু ৮ ছেপ্টেম্বৰত ভাৰতে ছিংগাপুৰৰ বিৰুদ্ধে অন্তিমখন পুল পৰ্যায়ৰ মেচ খেলিব ।

ছালিমা টেটে নেতৃত্বাধীন ভাৰতীয় হকী দলটো যুৱ আৰু অভিজ্ঞ খেলুৱৈৰে গঠিত ৷ গ’লৰক্ষক বনছাৰী ছোলাংকী আৰু বিচু দেৱী খাৰিবামে দলটোক শক্তিশালী কৰি তোলা পৰিলক্ষিত হৈছে ৷ আনহাতে, ডিফেন্স লাইনত অভিজ্ঞ খেলুৱৈ নিকিু প্ৰধান আৰু উদিতাই সহযোগ কৰিব মনীষা চৌহান, জ্যোতি, সুমন দেৱী থৌদাম আৰু ইশিকা চৌধাৰীক ।

মিডফিল্ডত নেহা, অধিনায়ক ছালিমা টেটে, লালৰেমছিয়ামী, শৰ্মিলা দেৱী, সুনেলিতা টপ্পো আৰু বৈষ্ণৱী বিঠাল ফালকেৰ দৰে শক্তিশালী খেলুৱৈসকলৰ নাম আছে ৷ যিয়ে স্থিৰতা আৰু গতিশীলতা দুয়োটাকে নিৰ্ধাৰণ কৰিব পাৰে ৷ ফৰৱাৰ্ড লাইনত অভিজ্ঞ আৰু উদীয়মান তাৰকা ক্ৰমে- নৱনীত কৌৰ, সংগীতা কুমাৰী, মমতাজ খান, দীপিকা, বিউটি ডাংডুং আৰু ৰুতুজা দাদাশো পিছাল আছে ৷

হকী ইণ্ডিয়াৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ভাৰতীয় মহিলা দলৰ মুখ্য প্ৰশিক্ষক হৰেন্দ্ৰ সিঙে দলটোৰ বিষয়ে কয়, ‘‘হাংঝোত অনুষ্ঠিত হ’বলগীয়া মহিলা এছিয়া কাপৰ বাবে আমি নিৰ্বাচিত কৰা দলটোক লৈ আমি উৎসাহিত হৈছো । অতি কঠোৰ প্ৰশিক্ষণ লোৱা দলটোৰ অভিজ্ঞ খেলুৱৈ আৰু যুৱ প্ৰতিভাৰ মাজত সঠিক ভাৰসাম্য বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছো । আমাৰ গুৰুত্ব আক্ৰমণাত্মক আৰু অনুশাসনমূলক হকী খেলাত থাকিব আৰু আমি বিশ্বাস কৰোঁ যে এই দলটোৱে এছিয়াৰ শ্ৰেষ্ঠ দলসমূহৰ বিৰুদ্ধে শক্তিশালীভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।’’

তেওঁ লগতে কয়, “মহিলা এছিয়া কাপ কেৱল এক সন্মানীয় মহাদেশীয় চেম্পিয়নশ্বিপ নহয়, ২০২৬ চনৰ এফ আই এইচ মহিলা হকী বিশ্বকাপৰ বাবে পোনপটীয়া যোগ্যতা অৰ্জনৰো ইভেণ্ট । প্ৰতিখন মেচতে আমাৰ ধৈৰ্য, ফিটনেছ আৰু কৌশলগত নিষ্পাদন পৰীক্ষা কৰা হ’ব । খেলুৱৈসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হৈছে আৰু আমি নিশ্চিত যে আমি এনে এক প্ৰদৰ্শন আগবঢ়াম, যিয়ে ভাৰতক গৌৰৱান্বিত কৰিব ।”

মহিলা এছিয়া কাপ ২০২৫ ৰ বাবে ভাৰতৰ দলটো

গ’লকীপাৰসকল:

বনছাৰী ছোলাংকী আৰু বিচু দেৱী খাৰিবাম

ডিফেণ্ডাৰসকল:

মনীষা চৌহান

উদিতা

জ্যোতি

সুমন দেৱী থৌদাম

নিকি প্ৰধান

ইশিকা চৌধাৰী

মিডফিল্ডাৰসকল

নেহা

বৈষ্ণৱী বিঠাল ফালকে

ছালিমা টেটে

শৰ্মিলা দেৱী

লালৰেমচিয়ামি

সুনেলিতা টপ্পো

ফৰৱাৰ্ড লাইনৰ খেলুৱৈসকল

নৱনীত কৌৰ

ৰুতুজা দাদাশো পিছাল

বিউটি ডাংডুং

মমতাজ খান

দীপিকা আৰু

সংগীতা কুমাৰী

লগতে পঢ়ক: ICC ৰ এদিনীয়া ৰেংকিঙৰ পৰা অন্তৰ্ধান হ’ল বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নাম, জানক আচল কাৰণ