ETV Bharat / sports

কামাখ্যা মন্দিৰসহ গুৱাহাটীৰ ১০টা স্থানত হিৰো এছিয়ান কাপ হকীৰ ট্ৰফী প্ৰদৰ্শন

নতুন দিল্লীৰ পৰা বিমানত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অনা হয় ট্ৰফীটো । বৰঝাৰ বিমানবন্দৰত ট্ৰফীটোক আদৰিলে অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াই ।

Hero Asian Cup Hockey Trophy
কামাখ্যা মন্দিৰসহ গুৱাহাটীৰ ১০টা স্থানত হিৰো এছিয়ান কাপ হকীৰ ট্ৰফী প্ৰদৰ্শন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 26, 2025 at 9:25 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : বিহাৰৰ ৰাজগীৰত অহা ২৯ আগষ্টৰ পৰা আৰম্ভ হ'ব এছিয়ান কাপ হকী ২০২৫ প্ৰতিযোগিতা । প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ প্ৰাকমুহূৰ্তত ২৫ আগষ্টত ৰাজধানী নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীয়ে ট্ৰফীটো উদ্বোধন কৰে ৷ এই ট্ৰফীটো দেশৰ ৬খন ৰাজ্যৰ ৰাজধানী চহৰৰ ভিতৰত গুৱাহাটীৰ ১০ টা স্থানত মঙলবাৰে প্ৰথম প্ৰদৰ্শন কৰা হয় ।

আজি পুৱা ৮.২০ বজাত নতুন দিল্লীৰ পৰা বিমানত ট্ৰফীটো বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অনা হয় । বিমানবন্দৰত অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ অশোক কুমাৰ ভৰালীকে ধৰি সন্থাৰ একাংশ বিষয়ববীয়াই ট্ৰফীটো লৈ অনা বিহাৰ অলিম্পিক সন্থাৰ দলটোক আদৰণি জনায় । তাৰ পাছত পোনে পোনে ট্ৰফীটো শক্তিপীঠ কামাখ্যা মন্দিৰলৈ লৈ যোৱা হয় ।

Hero Asian Cup Hockey Trophy
কামাখ্যা মন্দিৰসহ গুৱাহাটীৰ ১০টা স্থানত হিৰো এছিয়ান কাপ হকীৰ ট্ৰফী প্ৰদৰ্শন (ETV Bharat Assam)

কামাখ্যা মন্দিৰৰ বৰ দলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মা, সৰু দলৈ হিমাদ্ৰী শৰ্মাকে ধৰি দলৈ সমাজৰ একাংশ বিষয়ববীয়াই মাংগলিক কাৰ্যৰ মাজেৰে ট্ৰফীটোক যাবতীয় পূজা অৰ্চনা কৰে আৰু প্ৰতিযোগিতাখনত ভাৰতে জয়লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে মা কামাখ্যাই আশীৰ্বাদ দিব বুলি আশা ব্যক্ত কৰে ।

মন্দিৰ চৌহদত মালিগাঁও যোগাকেন্দ্ৰৰ প্ৰধান আচাৰ্য শুভাশীষ কৰ, অসম হকী সন্থাৰ সাধাৰণ সম্পাদক তপন দাসকে ধৰি সন্থাৰ একাংশ বিষয়ববীয়া উপস্থিত থাকে । সকলোৱে ভাৰতীয় হকী দলটোৰ বিজয় লাভৰ বাবে প্ৰাৰ্থনা জনোৱাৰ পাছত গুৱাহাটী পানবজাৰস্থিত হেৰিটেজ উদ্যান, গুৱাহাটী টাউন ক্লাব, আইকন একাডেমী , আই এ এছ একাডেমী, দিছপুৰ সচিবালয় চৌহদ, হকী ষ্টেডিয়াম , জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয় চৌহদলৈ ট্ৰফীটো লৈ যোৱা হয় ।

উক্ত স্থানত ট্ৰফীটো ৰাজহুৱা প্ৰদৰ্শন কৰাৰ পাছত সন্ধিয়া ৬.৪৫ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা ট্ৰফীটো নতুন দিল্লীলৈ লৈ যোৱা হয় ।

লগতে পঢ়ক : এছিয়া কাপৰ দল ঘোষণাৰ দুদিন পিছতে ভাৰতীয় ক্ৰিকেটাৰে ত্যাগ কৰিলে অধিনায়কত্ব