টি-20 বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে বিৰাট কোহলী সন্দৰ্ভত ডাঙৰ মন্তব্য ৰোহিত শৰ্মাৰ: কি ক’লে হিটমেনে ? - T20 WC 2024
Rohit Sharma On Virat Kohli's Form: টি-20 বিশ্বকাপৰ আৰম্ভণিৰে পৰা দুৰ্বল ফৰ্মত দেখা গৈছে ভাৰতৰ তাৰকা বেটাৰ বিৰাট কোহলীক ৷ ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ভাৰত ফাইনেলত উপনীত হোৱাৰ পিচত অধিনায়ক ৰোহিত শৰ্মাই মন্তব্য কৰিছে যে আগৰ বিস্ফোৰক ৰূপলৈ উভতি আহিব বিৰাট আৰু ফাইনেলৰ বাবেই হয়তো নিজৰ সমস্ত শক্তি আৰু ৰাণ সঞ্চয় কৰি থৈছে বিৰাটে ৷


Published : June 28, 2024 at 7:13 PM IST
স্প’ৰ্টছ ডেস্ক, 28 জুন: ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক টি-20 বিশ্বকাপ 2024 ৰ ছেমিফাইনেলত 68 ৰাণৰ ব্যৱধানত পৰাস্ত কৰি 2022 চনৰ টি-20 বিশ্বকাপৰ ছেমিফাইনেলত পৰাজয়ৰ প্ৰতিশোধ ল’লে ভাৰতে ৷ ইয়াৰ পিচতেই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই ৷ ভাৰতৰ তাৰকা বেটাৰ বিৰাট কোহলীয়ে ফাইনেলত কি কৰিব এই সন্দৰ্ভত এই মন্তব্য কৰিছে হিটমেনে ৷ 29 জুনত কেনছিংটন অ’ভেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-20 বিশ্বকাপ 2024 ৰ ফাইনেল মেচ ৷
টি-20 বিশ্বকাপত এইবাৰ একেবাৰে দুৰ্বল ফৰ্মত দেখা গৈছে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বিস্ফোৰক বেটাৰ বিৰাট কোহলীক ৷ যিকোনো দেশৰ বলাৰে ক্ৰীজত কোহলী থকা অৱস্থাত কিছু ভয় খাই থাকে যদিও এইবাৰৰ টি-20 বিশ্বকাপত কোহলীৰ সেই ‘বিৰাট ৰূপ’ প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত হৈছে ক্ৰিকেট অনুৰাগী ৷
লগতে পঢ়ক: 2022 ৰ মধুৰ প্ৰতিশোধ পূৰ্ণ কৰি টি 20 বিশ্বকাপৰ ফাইনেলত মেন ইন ব্লু - T 20 WORLD CUP 2024
টি-20 বিশ্বকাপৰ 7 টা ইনিংছত 100 ষ্ট্ৰাইক ৰেটেৰে 75 টা বলত মাত্ৰ 75 ৰাণহে কৰিবলৈ সক্ষম হৈছে কোহলী ৷ নিজৰ ক্ৰিকেট কেৰিয়াৰত সম্ভৱতঃ এইটোৱেই হৈছে কোহলীৰ আটাইতকৈ দুৰ্বল প্ৰদৰ্শন ৷ অৱশ্য়ে এতিয়াও যিহেতু এখন খেল বাকী আছে, গতিকে সকলোৱে কোহলীৰ পৰা অন্ততঃ এটা অৰ্ধশতক আশা কৰিছে ৷
অৱশ্যে দুৰ্বল ফৰ্মত থাকিলেও ফাইনেলত মুখামুখি হ’বলগীয়া দঃ আফ্ৰিকাই কোহলীক সহজভাৱে নলয়, কাৰণ এবাৰ ছন্দ ঘূৰাই পালে খেলৰ দৃশ্যপট সলনি কৰিব পৰা ক্ষমতা আছে বিৰাটৰ ৷ সেই কথা দঃ আফ্ৰিকাই ভালদৰেই জানে ৷
লগতে পঢ়ক: লক্ষ্য ফাইনেল : বাৰ্বাডোছত উপস্থিত ভাৰতীয় দল - T20 World Cup 2024
ছেমিফাইনেলৰ শেষত যেতিয়া ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক কোহলীৰ ফৰ্মৰ বিষয়ে সোধা হৈছিল, তেতিয়া ৰোহিতে কয় যে কোহলীৰ ফৰ্মক লৈ তেওঁ চিন্তিত নহয় ৷ লগতে তেওঁ দৃঢ়তা প্ৰকাশ কৰে যে সম্ভৱতঃ কোহলীয়ে নিজৰ সমস্ত শক্তি আৰু ৰাণ ফাইনেল মেচখনৰ বাবে সাঁচি ৰাখিছে ৷
‘‘তেওঁ এগৰাকী খ্যাতি থকা খেলুৱৈ ৷ যিকোনো খেলুৱৈয়েই এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় ৷ এনে এখন ডাঙৰ টুৰ্ণামেন্টত তেওঁৰ গুৰুত্ব আৰু তেওঁৰ স্থান আমি বুজি পোৱা উচিত ৷ যেতিয়া আপুনি 15 বছৰ ধৰি ক্ৰিকেট খেলে, তেতিয়া ফৰ্মটো কেতিয়াও এটা সমস্যা হ’ব নোৱাৰে ৷ তেওঁক ভালেই দেখা গৈছে ৷ উদ্দেশ্য তাতেই আছে, তেওঁ সম্ভৱতঃ ফাইনেলৰ বাবে ৰাণ আৰু শক্তি সাঁচি ৰাখিছে ৷’’ ৰোহিতে কয় ৷
লগতে পঢ়ক: দক্ষিণ আফ্ৰিকাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিব এইসকল ভাৰতীয় বলাৰ - India vs South Africa Final
ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত টি-20 বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত প্ৰথমাৱস্থাত আক্ৰমণাত্মক দেখা গৈছিল বিৰাটক ৷ মিড-উইকেটৰ ওপৰেৰে ৰীচ টপলীৰ বলত এটা বিশাল ছিক্সাৰ কোবাইছিল বিৰাটে ৷ কিন্তু তাৰ পিচতেই তেওঁৰ ছন্দপতন ঘটে ৷ মাত্ৰ 9 ৰাণ কৰিয়েই পেভিলিয়নমুখী হোৱা কোহলীয়ে খেলপথাৰত তেওঁৰ সহযোগী অপেনাৰ ৰোহিতক এৰি গ’ল এটা ডাঙৰ কাম কৰিবলৈ ৷ সেয়া হ’ল ইংলেণ্ডৰ বিৰুদ্ধে এক শক্তিশালী স্ক’ৰ গঢ়া ৷
ৰোহিত শৰ্মাই এই টুৰ্ণামেন্টৰ ব্যক্তিগত তৃতীয়টো অৰ্ধশতক কোবাই আৰু তেওঁৰ পিচতে সুন্দৰ ফৰ্মত থকা সূৰ্য কুমাৰ যাদৱে 47 ৰাণৰ ইনিংছ খেলে ৷ নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত ভাৰতে 171 ৰাণ সংগ্ৰহ কৰে ৷
লগতে পঢ়ক: ছেমিত ভাৰতে জয় লাভ কৰাক লৈ প্ৰশংসাত পঞ্চমুখ প্ৰাক্তন ক্ৰিকেটাৰসকল - T20 World Cup 2024
ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডৰ অধিয়ানকে শক্তিশালী আৰম্ভণিৰে 13 টা বলত 22 ৰাণ সংগ্ৰহ কৰে ৷ কিন্তু ভাৰতীয় অধিনায়কে কৌশলগতভাৱে অক্ষৰ পেটেলৰ হাতত বলটো তুলি দিয়ে, এই কৌশল কামত আহিল আৰু বাটলাৰে উইকেট কীপাৰ পন্টৰ হাতত কেচ দি আউট হয় ৷ তাৰ পিচত ইংলেণ্ডৰ খেলুৱৈয়ে ভাৰতীয় স্পিন আক্ৰমণৰ সমুখত তিষ্ঠি থাকিবলৈ সংঘৰ্ষ কৰিবলগীয়া হয় ৷
দুই স্পীনাৰ আৰু পেচ স্পীয়াৰহেড যশপ্ৰীত বুমৰাহে নিয়মীয়া গতিত ইংলেণ্ডৰ উইকেট ল’বলৈ ধৰে ৷ 2022 চনৰ টি-20 বিশ্বকাপৰ ছেমিফাইনেলত 16 অভাৰতে 169 ৰাণৰ লক্ষ্য অতিক্ৰম কৰা ইংলেণ্ডক এইবাৰ ভাৰতে মাত্ৰ 103 ৰাণতে বান্ধি ৰাখে ৷ 68 ৰাণত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলৰ দৌৰৰ পৰা প্ৰস্থানৰ বাট দেখুৱাই দিলে ভাৰতে ৷
বাওঁহতীয়া স্পীনাৰ অক্ষম পেটেলক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ৷ 4 অভাৰত 23 ৰাণ দি 3 টা উইকেট দখল কৰাৰ লগতে 6 টা বলত 10 ৰাণ সংগ্ৰহ কৰি দলৰ স্ক’ৰ ব’ৰ্ড শক্তিশালী কৰিছিল অক্ষৰ পেটেলে ৷ এতিয়া অপেক্ষা ফাইনেললৈ...৷
লগতে পঢ়ক: টি 20 বিশ্বকাপ : সৰ্বকালৰ সৰ্বাধিক সফল অধিনায়কত পৰিণত ৰোহিত শৰ্মা - T20 World Cup 2024

