১০০০০ মিটাৰ দৌৰত ১৬ বছৰীয়া ৰাষ্ট্ৰীয় অভিলেখ ভংগ গুলৱীৰ সিঙৰ
Paris Olympic 2024 : কেলিফৰ্ণিয়াৰ ছান জুয়ান কেপিষ্ট্ৰানোত অনুষ্ঠিত হোৱা দ্য টেন ইভেণ্টত পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত দ্বিতীয় স্থান দখল কৰে গুলৱীৰ সিঙে ৷ অৱশ্যে ৪১ ছেকেণ্ডৰ ব্যৱধানৰ বাবে গুলৱীৰ সিঙে পেৰিছ অলিম্পিকৰ বাবে অৰ্হতা অৰ্জনত ব্যৰ্থ হয় ৷

Published : March 17, 2024 at 3:09 PM IST
স্পৰ্টছ ডেস্ক, ১৭ মাৰ্চ : পেৰিছ অলিম্পিক ২০২৪ ৰ বাবে পুনৰবাৰ হতাশাৰ সন্মুখীন হ’ল ভাৰত । এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী গুলৱীৰ সিঙে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে ৷
অৱশ্যে পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হ’লে এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈ গুলৱীৰ সিঙে ১৬ বছৰীয়া এক ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ৷ কেলিফৰ্ণিয়াৰ ছান জুয়ান কেপিষ্ট্ৰানোত অনুষ্ঠিত হোৱা দ্য টেন ইভেণ্টত পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত নিজৰ হিটত দ্বিতীয় স্থান দখল কৰি এক নতুন অভিলেখৰ গৰাকী হয় ২৫ বছৰীয়া খেলুৱৈয়ে গুলৱীৰ সিং ৷
গুলৱীৰ সিঙে শনিবাৰে নিজৰ ইভেণ্টত ২৭ মিনিট ৪১.৮১ ছেকেণ্ড সময় লৈ ২০০৮ চনৰ সুৰেন্দ্ৰ সিঙৰ ২৮ মিনিট ০২.৮৯ ছেকেণ্ডৰ অভিলেখ ভংগ কৰে ৷ কিন্তু অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে গুলৱীৰৰ এই প্ৰচেষ্টা যথেষ্ট নাছিল ।
পেৰিছ অলিম্পিক গেমছৰ অৰ্হতাৰ সময় ২৭ মিনিট ৷ কিন্তু ভাৰতীয় খেলুৱৈগৰাকীয়ে ৪১ ছেকেণ্ডৰ ব্যৱধানত পেৰিছলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হয় ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আন এজন ভাৰতীয় খেলুৱৈ কাৰ্তিক কুমাৰে ২৮ মিনিট ০১.৯০ ছেকেণ্ড সময়েৰে নৱম স্থান দখল কৰে । সুৰেন্দ্ৰ সিঙৰ পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখতকৈও তেওঁৰ সময় ভাল ।
আন এজন ভাৰতীয় খেলুৱৈ অবিনাশ ছেবলে একেটা ইভেণ্টতে নিজৰ দৌৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে । ১৫ নং লেপত ৬০০০ মিটাৰ দূৰত্ব সম্পূৰ্ণ কৰি হাত দাঙি দিয়ে ৷ মহিলাৰ শাখাত ১০০০ মিটাৰ দৌৰত ৩২ মিনিট, ০২.০৮ ছেকেণ্ডৰ সময়েৰে ২০ নম্বৰ স্থান দখল কৰে ভাৰতৰ পাৰুল চৌধৰীয়ে । কিন্তু তেওঁ পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনৰ সময় ৩০ মিনিট ৪০.০০ ছেকেণ্ডত ধৰি ৰখাত ব্যৰ্থ হয় ।
লগতে পঢ়ক : ৪২ সংখ্যক সৰ্বভাৰতীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ অৰ্জন আই অ’ চি এলৰ

