১৫ লাখৰ সোণৰ মোবাইল ক'ভাৰেৰে বিৰাট কোহলীক সন্মান এগৰাকী অনুৰাগীৰ
ক্ৰিকেটাৰ বিৰাট কোহলীৰ চুৰাটৰ এজন অনুৰাগীয়ে কোহলীৰ ছবি আৰু নামেৰে সোণৰ মোবাইল ক'ভাৰ বনাইছে ।

Published : September 24, 2025 at 1:42 PM IST
চুৰাট : ক্ৰিকেটৰ কিং নামেৰে খ্যাত বিৰাট কোহলীৰ অনুৰাগী সমগ্ৰ বিশ্বতে আছে । এই অনুৰাগীসকলে কোহলীক প্ৰাণভৰি ভাল পায় । লগতে নিজৰ প্ৰিয় খেলুৱৈগৰাকীক বিভিন্ন ধৰণে সন্মানিত কৰাৰো চেষ্টা চলায় ।
কিন্তু চুৰাটৰ কুডছাদ গাঁৱৰ এগৰাকী অনন্য অনুৰাগী আছে । অংকিত পেটেল নামৰ এইগৰাকী অনুৰাগীয়ে খেলপথাৰত বিৰাট কোহলীৰ প্ৰদৰ্শনত ইমানেই আপ্লুত যে তেওঁ বিৰাট কোহলীক ক্ৰিকেটৰ গডফাদাৰ হিচাপে গণ্য কৰে ।
সেয়ে নিজৰ প্ৰিয় ক্ৰিকেটাৰজনৰ প্ৰতি সন্মান জনাই অংকিত পেটেলে ১৫ লাখ টকাৰ ১৫ তোলা সোণৰ মোবাইল ক'ভাৰৰ লগতে সোণৰ ব্ৰেচলেট নিৰ্মাণ কৰিছে । সোণৰ মোবাইলৰ ক'ভাৰত বিৰাট কোহলীৰ ছবি আৰু নাম অংকন কৰা হৈছে । কোহলীৰ সন্মানত নিৰ্মিত এই সোণৰ মোবাইল ক'ভাৰটো বৰ্তমান চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে ।

অংকিতে নিৰ্মাণ কৰা সোণৰ মোবাইল ক'ভাৰটো চাবলৈ চহৰখনৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ আৰু কৌতুহল সৃষ্টি হৈছে । আনহাতে, কোহলীৰ প্ৰতি অংকিতৰ এই প্ৰশংসা দেখি সকলো আচৰিত হৈ পৰিছে ।
তাৰকা ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ দেশত বহু অনুৰাগী আছে যদিও সোঁহতীয়া বেটছমেনগৰাকীক সন্মান জনোৱাৰ বাবে অংকিতে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে । অংকিতে কোহলীৰ কেৰিয়াৰৰ আৰম্ভণিৰে পৰা তেওঁক অনুসৰণ কৰি আহিছে আৰু তেওঁৰ এগৰাকী ডাঙৰ অনুৰাগী হৈ পৰিছে ।

কেৱল নিজৰ প্ৰিয় ক্ৰিকেটাৰক লগ কৰিবলৈয়ে অংকিতে তিনিবাৰ লণ্ডন ভ্ৰমণ কৰিছে । অংকিত পেটেলে বিৰাট কোহলীক নিজৰ ক্ৰিকেট গুৰু বুলি গণ্য কৰি টিভিত বিৰাটৰ বেটিং চাই ক্ৰিকেট খেল শিকিছে । তেওঁ এই কৃতিত্ব অৰ্জন আৰু ক্ৰিকেটত সফলতাৰ কৃতিত্বও বিৰাট কোহলীক দিয়ে । অংকিত নিজেও এজন মানসম্পন্ন ক্ৰিকেটাৰ আৰু ক্ৰিকেট মেচত বহু ভাল প্ৰদৰ্শন আগবঢ়াইছে ।

অৱশ্যে এক আচৰিত কথা যে অংকিত পেটেলে এতিয়ালৈকে বহু ভাৰতীয় ক্ৰিকেটাৰক লগ পাইছে যদিও বিৰাট কোহলীক এতিয়ালৈকে লগ কৰিব পৰা নাই । জীৱনত এবাৰ হ'লেও বিৰাট কোহলীক লগ কৰিব বিচাৰিছে অংকিতে । অংকিত পেটেলৰ বিৰাট কোহলীৰ প্ৰতি থকা অদম্য মৰম দেখি তেওঁৰ বন্ধুসকলো আচৰিত হৈছে । লগতে তেওঁলোকেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে অংকিতে বিৰাট কোহলীক সোনকালে লগ পায় ।

