ETV Bharat / sports

এসপ্তাহৰ ভিতৰতে ১২.৭৫ কোটি টকাৰ লোকচান গুজৰাট টাইটানছৰ - TATA IPL 2025

বিপদে লগ নেৰা হৈছে গুজৰাট টাইটানছৰ । ৰাবাডাৰ পিছত এইবাৰ গ্লেন ফিলিপছো দলৰ বাহিৰ ।

IPL 2025
এসপ্তাহৰ ভিতৰতে ১২.৭৫ কোটি টকাৰ লোকচান গুজৰাট টাইটানছৰ (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 4:01 PM IST

2 Min Read

গুজৰাট : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চলি থকাৰ মাজতে গুজৰাট টাইটানছৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান । আইপিএলৰ পৰা বাহিৰ হ'ল দলটোৰ অন্যতম তাৰকা অলৰাউণ্ডাৰ গ্লেন ফিলিপছ । কঁকালৰ আঘাতৰ বাবে নিউজীলেণ্ডৰ খেলুৱৈগৰাকী স্বদেশলৈ উভতি গৈছে । ৬ এপ্ৰিলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলৰ সময়ত বিদেশী খেলুৱৈগৰাকী আঘাতপ্ৰাপ্ত হৈছিল ।

আইপিএলৰ পৰা বাহিৰ গ্লেন ফিলিপছ

ফ্ৰেঞ্চাইজিৰ পৰা জাৰি কৰা বিবৃতিত কৈছে, "গুজৰাট টাইটানছৰ অলৰাউণ্ডাৰ গ্লেন ফিলিপছ ৬ এপ্ৰিলত ছানাইৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মেচৰ সময়ত আঘাতৰ পিছত নিউজীলেণ্ডলৈ উভতি গৈছে । গুজৰাট টাইটানছে গ্লেনৰ আশু আৰোগ্যৰ কামনা কৰিছে ।"

উল্লেখ্য যে গ্লেন ফিলিপছ এতিয়ালৈ দলটোৰ প্লেয়িং-১১ৰ অংশ নাছিল । কিন্তু হায়দৰাবাদৰ বিৰুদ্ধে খেলখনত বিকল্প ফিল্ডাৰ হিচাপে ফিলিপছ খেলপথাৰলৈ আহিছিল । হায়দৰাবাদৰ ইনিংছৰ অন্তিম অভাৰত ফিলিপছ আঘাতপ্ৰাপ্ত হৈছিল । ফিলিপছ তেতিয়া পইণ্টত ফিল্ডিং কৰি আছিল । ঈশান কিষানৰ এটা শ্বটত ফিলিপছে বলটো ধৰিবলৈ দৌৰি গৈছিল । কিন্তু যেতিয়াই তেওঁ বলটো দলিয়াইছিল তেতিয়া নিউজীলেণ্ডৰ অলৰাউণ্ডাৰজনে আঘাত অনুভৱ কৰিছিল । ফিলিপছ প্ৰচণ্ড বিষত খেলপথাৰতে বাগৰি পৰে । পৰৱৰ্তী সময়ত দলৰ সদস্যৰ সহযোগত তেওঁক খেলপথাৰৰ বাহিৰলৈ লৈ যোৱা হয় ।

ৰাবাডাৰ পিছত ফিলিপছো স্বদেশলৈ উভতিল

লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ বলাৰ কাগিছো ৰাবাডাও গুজৰাট টাইটানছৰ কেম্পৰ পৰা বাহিৰ হৈছিল । ৰাবাডাই ব্যক্তিগত কাৰণত স্বদেশলৈ উভতি গৈছিল । গুজৰাটে নিশ্চিতভাৱে এই দুই তাৰকা খেলুৱৈৰ অভাৱ অনুভৱ কৰিব ।

গুজৰাটৰ ১২.৭৫ কোটিৰ লোকচান

আইপিএলৰ পৰা বাহিৰ হৈ এই দুই খেলুৱৈৰ স্বদেশলৈ উভতি যোৱাৰ ফলত এসপ্তাহৰ ভিতৰতে গুজৰাটৰ ১২.৭৫ কোটি টকাৰ লোকচান হয় । আইপিএল ২০২৫ৰ বাবে মেগা নিলামত গুজৰাটে ৰাবাডাক ১০.৭৫ কোটি আৰু ফিলিপছক ২ কোটি টকাত ক্ৰয় কৰিছিল ।

লগতে পঢ়ক :প্ৰথম মেচতে ব্যৰ্থ অধিনায়ক ধোনী ! ৮ উইকেটত জয় কলকাতা নাইট ৰাইডাৰ্ছৰ - IPL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.