36 ৰাণত জয়ী গুজৰাট; একেৰাহে দ্বিতীয়বাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হাৰ্দিকৰ দল
আহমেদাবাদৰ ঘৰুৱা খেলপথাৰ মুম্বাই ইণ্ডিয়ানছক ৩৬ ৰাণত পৰাস্ত কৰি গুজৰাট টাইটানছে ছিজনৰ প্ৰথমটো জয় পঞ্জীয়ন কৰে ।

Published : March 30, 2025 at 8:00 AM IST
আহমেদাবাদ: আই পি এল ২০২৫ৰ নৱম মেচত গুজৰাট টাইটানছে(জি টি) মুম্বাই ইণ্ডিয়ানছ(এম আই)ক ৩৬ ৰাণত পৰাস্ত কৰে । গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেটিং কৰি ১৯৬ ৰাণ সংগ্ৰহ কৰে । গুজৰাটে নিৰ্ধাৰণ কৰি দিয়া ১৯৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি মুম্বাই ইণ্ডিয়ানছে ২০ অভাৰত ৬ উইকেট হেৰুৱাই মাত্ৰ ১৬০ ৰাণহে সংগ্ৰহ কৰে আৰু মেচখনত ৩৬ ৰাণত পৰাস্ত হয় । প্ৰতিযোগিতাখনত মুম্বাইৰ এইটো আছিল একেৰাহে দ্বিতীয়টো পৰাজয়, আনহাতে গুজৰাটৰ এইটো প্ৰথম জয় ।
৩৬ ৰাণত পৰাস্ত মুম্বাই
গুজৰাট টাইটানছৰ ১৯৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি মুম্বাইৰ হৈ ইনিংছ মুকলি কৰিবলৈ আহিছিল ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটন । প্ৰথম অভাৰতে ৰোহিতক (৮) ক্লীন বল কৰে মহম্মদ চিৰাজে । ইয়াৰ পিছতে ছিৰাজে ৰিকেলটনকো (৬) আউট কৰে । ৪.৩ অভাৰত ৩৫ ৰাণত ২ উইকেট হেৰুৱায় মুম্বাইয়ে ।
Thrilling the home crowd with a performance to cherish 🤩
— IndianPremierLeague (@IPL) March 29, 2025
Gujarat Titans get their #TATAIPL 2025 campaign off the mark 💪
Scorecard ▶ https://t.co/lDF4SwnuVR #GTvMI | @gujarat_titans pic.twitter.com/iy60R0cOwZ
শেষৰ অভাৰত হাৰ্দিক পাণ্ডিয়া, মিচেল ছাণ্টনাৰ আৰু নমন ধীৰে সকলোকে হতাশ কৰে আৰু কোনো ডাঙৰ শ্বট মৰাত ব্যৰ্থ হয় । এই খেলপথাৰত ১৯৭ ৰাণৰ লক্ষ্য উপনীত হোৱাতো অতি সহজে আছিল । কিন্তু, মুম্বাই দলটোৱে আৰম্ভণিৰে পৰাই গুজৰাটৰ বলাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰা দেখা গৈছিল । সূৰ্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাৰ বাহিৰে মুম্বাইৰ সকলো বেটছমেনে ভাল আৰম্ভণিৰ পাছতো ডাঙৰ ইনিংছ খেলাত ব্যৰ্থ হয় ।
𝙄.𝘾.𝙔.𝙈.𝙄
— IndianPremierLeague (@IPL) March 29, 2025
Sit back and enjoy Mohammed Siraj's sizzling timber strikes that rocked #MI's chase early on⚡🙌
Scorecard ▶ https://t.co/lDF4SwnuVR #TATAIPL | #GTvMI | @gujarat_titans | @mdsirajofficial pic.twitter.com/BN2umNV1HT
তিলক আৰু সূৰ্য আউট হোৱাৰ লগে লগে দলটো বিশৃংখল হৈ পৰে
মুম্বাইৰ হৈ তিলক বাৰ্মা আৰু সূৰ্যকুমাৰ যাদৱে তৃতীয় উইকেটৰ বাবে ৯০ ৰাণৰ অংশীদাৰিত্ব কৰে । এম আইৰ হৈ তিলক বাৰ্মাই ৩৬টা বলত ৩টা চাৰি আৰু ১টা ছয়ৰে ৩৯ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে ২৮টা বলত ১টা চাৰি আৰু ৪টা ছয়ৰে ৪৮ ৰাণ অৰিহণা যোগায় । এই দুজন আউট হোৱাৰ লগে লগে মুম্বাইৰ দলটো ছিন্নভিন্ন হৈ পৰে । গুজৰাটৰ হৈ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ২টাকৈ আৰু ৰছিদ খানে ১ উইকেট দখল কৰে ।
#GT's first win of the season - Aava De! 💪
— Star Sports (@StarSportsIndia) March 29, 2025
With that, this is the 8th time #MI have lost their first two matches in a season! 😳#IPLonJioStar 👉 #DCvSRH | SUN, 30 MAR, 2:30 PM | LIVE on Star Sports 2, Star Sports 2 Hindi & JioHotstar! | #IndianPossibleLeague pic.twitter.com/oWh1N8uNvu
শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত প্ৰসিদ্ধ কৃষ্ণ
আই পি এলৰ ১৮ সংখ্যক ছিজনত গুজৰাট টাইটানছৰ দৰ্শনীয় জয়ৰ নায়ক আছিল বেগী বলাৰ প্ৰসিদ্ধ কৃষ্ণ, যিয়ে ৪ অভাৰত মাত্ৰ ১৮ ৰাণত ২ উইকেট দখল কৰে । শেষৰ অভাৰত প্ৰসিদ্ধ কৃষ্ণই সঠিক লাইন আৰু দৈৰ্ঘৰে উজ্জ্বল বলিং কৰি জি টিৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই মেচ বিজয়ী প্ৰদৰ্শনৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচেৰে সন্মান প্ৰদান কৰা হয় ।
A spell of the highest authority! 🫡
— IndianPremierLeague (@IPL) March 29, 2025
Prasidh Krishna bags the Player of the Match award for his match-winning figures of 2⃣/ 1⃣8⃣💙
Scorecard ▶ https://t.co/lDF4SwnuVR #TATAIPL | #GTvMI | @gujarat_titans | @prasidh43 pic.twitter.com/NYnpsZUILg
ছাই সুদৰ্শনৰ অৰ্ধশতক
ইয়াৰ পূৰ্বে টছত পৰাস্ত হোৱাৰ পিছত গুজৰাট টাইটানছে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৬ ৰাণ সংগ্ৰহ কৰে । জি টিৰ হৈ শুভমন গিল আৰু ছাই সুদৰ্শনে ইনিংছ মুকলি কৰে আৰু সুদৰ্শনেও অৰ্ধশতক অৰ্জন কৰে । গুজৰাট টাইটানছৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি অৰ্ধশতকীয় ইনিংছ খেলিছিল ছাই সুদৰ্শনে । ৪টা চাৰিটা আৰু ২টা ছয়ৰ সহায়ত ৪১টা বলত ৬৩ ৰাণৰ উজ্জ্বল ইনিংছ খেলিছিল সুদৰ্শনে ।
Innings Break! #MI make a comeback with the ball, but #GT finish with 1⃣9⃣6⃣ on the board! 👌
— IndianPremierLeague (@IPL) March 29, 2025
Who will end up with 2⃣ points tonight? 🤔
Scorecard ▶ https://t.co/lDF4SwnuVR #TATAIPL | #GTvMI | @gujarat_titans | @mipaltan pic.twitter.com/o5xdBI0AlE
গুজৰাটৰ হৈ শুভমন গিলে ২৭টা বলত ৪টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ৩৮ ৰাণৰ ইনিংছ খেলে । বাটলাৰে ২৪টা বলত ৫টা চাৰি আৰু ১টা ছয়ৰ সৈতে ৩৯ ৰাণ অৰিহণা যোগায় । এই তিনিজনৰ বাহিৰে আন কোনো বেটছমেনে ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে । মুম্বাই ইণ্ডিয়ানছৰ হৈ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ৪ অভাৰত ২৯ ৰাণত ২টা উইকেট দখল কৰাৰ বিপৰীতে ট্ৰেণ্ট ব’ল্ট, দীপক চহৰ, সত্যনাৰায়ণ ৰাজু আৰু মুজীব ওৰ ৰহমানে ১টাকৈ উইকেট দখল কৰে ।
লগতে পঢ়ক: ২০০৮ৰ পিছত চেন্নাইত CSKৰ বিৰুদ্ধে প্ৰথম বিজয়ৰ সোৱাদ ল'বলৈ আগ্ৰহী RCB !

