দিল্লীক ৭ উইকেটত পৰাস্ত কৰি গুজৰাটে ৰচিলে ইতিহাস
GT vs DC: ১৯.২ অভাৰত ২০৪ ৰাণৰ লক্ষ্য অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে গুজৰাট টাইটানছে ।

Published : April 19, 2025 at 10:17 PM IST
হায়দৰাবাদ : গুজৰাট টাইটানছ বনাম দিল্লী কেপিটেলছ - আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা IPL ২০২৫ৰ ৩৫ সংখ্যক মেচত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে । এই জয়ৰ জৰিয়তে গুজৰাটে পইণ্ট তালিকাৰ প্ৰথম স্থান দখল কৰাৰ বিপৰীতে দিল্লী কেপিটেলছ দ্বিতীয় স্থানলৈ আগবাঢ়িছে ।
দুয়োটা দলে ৭খন খেলৰ অন্তত ১০ পইণ্ট লাভ কৰিছে যদিও ৰাণ ৰেটৰ ক্ষেত্ৰত গুজৰাট দিল্লীতকৈ আগবাঢ়ি আছে, যাৰ বাবেই প্ৰথম স্থানত উপনীত হৈছে ।
জোছ বাটলাৰৰ ৯৭ ৰাণৰ অপৰাজিত ইনিংছৰ বাবেই গুজৰাট টাইটানছৰ ৪টা বল বাকী থকা অৱস্থাত ২০৪ ৰাণৰ বিশাল লক্ষ্যত উপনীত হয় । বাটলাৰে ১১টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ৫৪টা বলত ৯৭ ৰাণ সংগ্ৰহ কৰে ।
A special knock in the chase ✅
— IndianPremierLeague (@IPL) April 19, 2025
🔝 of the table ✅#GT come up with a brilliant effort to seal the all-important 2️⃣ points
Updates ▶ https://t.co/skzhhRWvEt#TATAIPL | #GTvDC | @gujarat_titans pic.twitter.com/MZeRAEA2Xi
ইয়াৰ উপৰিও শ্বাৰফান ৰাদাৰফোৰ্ডে (৪৩ ৰাণ, ৩৪ বল, ১ চাৰি, ৩ ছয়)ও ভাল ইনিংছ খেলিছিল । গুজৰাটৰ অন্তিম অভাৰত জয়ী হ’বলৈ দহ ৰাণৰ প্ৰয়োজন হৈছিল আৰু ৰাহুল তেৱাতিয়াই মিচেল ষ্টাৰকৰ প্ৰথম দুটা বলত ছয় আৰু তাৰ পাছত চাৰি ৰাণ দি গুজৰাটক জয়ৰ সুবিধা প্ৰদান কৰে ।
- দিল্লীৰ বিৰুদ্ধে যিকোনো দলৰ সৰ্বাধিক সফল ৰাণ-চেজ
এই জয়েৰে গুজৰাটে নিজৰ নামত দুটা ডাঙৰ অভিলেখ পঞ্জীয়ন কৰিছে । দিল্লীৰ বিৰুদ্ধে সৰ্বাধিক সফল ৰাণ চেজ কৰা দল হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে এই অভিলেখ আছিল চেন্নাইৰ নামত, যিয়ে ২০০৮ চনত দিল্লীৰ বিৰুদ্ধে ১৮৮ ৰাণ খেদিছিল।
- দিল্লীৰ বিৰুদ্ধে সৰ্বাধিক সফল ৰাণ চেজ
- ২০৪ - গুজৰাট, আহমেদাবাদ, ২০২৫
- ১৮৮ - চেন্নাই, দিল্লী, ২০০৮
- ১৮৮ - হায়দৰাবাদ, দিল্লী, ২০১৮
- ১৮৬ - চেন্নাই, দিল্লী, ২০১০
- ১৮৫ - ৰাজস্থান, দিল্লী, ২০১৫
- গুজৰাটে প্ৰথমবাৰৰ বাবে ২০০ প্লাছ ৰাণ খেদিলে
ইয়াৰ বাহিৰেও এইটো গুজৰাটৰ সফল ৰাণ-চেজ । ইয়াৰ পূৰ্বে আৰচিবিৰ বিৰুদ্ধে ১৯৮ ৰাণ খেদিছিল । কিন্তু এতিয়া ২০৪ ৰাণ খেদি নতুন অভিলেখ সৃষ্টি হৈছে ।
- গুজৰাটৰ সফল ৰাণ-চেজ
- ২০৪ বনাম দিল্লী, আহমেদাবাদ, ২০২৫
- ১৯৮ বনাম আৰ চি বি, বাংগালুৰু, ২০২৩
- ১৯৭ বনাম ৰাজস্থান, জয়পুৰ, ২০২৪
- ১৯৬ বনাম হায়দৰাবাদ, মুম্বাই, ২০২২
- ১৯০ বনাম পঞ্জাব, ব্ৰাবৰ্ণ, ২০২২
- GT vs DC মেচৰ হাইলাইট
মেচখনৰ কথা ক’বলৈ গ’লে টছত পৰাস্ত হোৱাৰ পিছত দিল্লীক প্ৰথমে বেটিং কৰিবলৈ কোৱা হৈছিল আৰু তেওঁলোকে অক্ষৰ পেটেল ৩৯ আৰু আশুতোষ শৰ্মাৰ সহায়ত ২০ অভাৰত ২০৩/৮ ৰাণ সংগ্ৰহ কৰিছিল জোছ বাটলাৰৰ ৯৭ ৰণৰ অপৰাজিত ইনিংছৰ বাবেই দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে ।
Another 200+ chase, another last over thriller and another #GT win! 😮💨🔥#JosButtler’s classy 97* guides #GujaratTitans to its 5th win in #TATAIPL 2025! 🙌🏻
— Star Sports (@StarSportsIndia) April 19, 2025
UP NEXT ON #IPLonJioStar 👉 #RRvLSG | LIVE NOW on Star Sports 1, Star Sports 1 Hindi, Star Sports 2 & JioHotstar! pic.twitter.com/WFTjuTEm2A
- জোছ বাটলাৰে এক উজ্জ্বল ইনিংছ খেলিছিল
যদিও বাটলাৰে নিজৰ শতক সম্পূৰ্ণ কৰিব নোৱাৰিলে, তথাপিও ৫৪ বলত ৯৭ ৰাণৰ অপৰাজিত ইনিংছ তেওঁৰ দলৰ বাবে এক বৃহৎ কৃতিত্ব আছিল, তেওঁ নিজৰ ইনিংছত ১১টা চাৰি আৰু চাৰিটা ছয় কৰে । তেওঁৰ উজ্জ্বল ইনিংছৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচৰ বঁটাও প্ৰদান কৰা হয় ।

