ETV Bharat / sports

ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণ আৰু ব্ৰঞ্জ আজুৰিলে তিনি ছাত্ৰীয়ে

ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণ আৰু ব্ৰঞ্জৰ পদকেৰে জিলিকিলে মৰাণৰ তিনিগৰাকী ছাত্ৰী । পদক লাভ কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ।

Gold and bronze medal won by three student of Moran in National Taekwondo championship organized by CBSE
মৰাণৰ বিজয়ী দলটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 12, 2025 at 5:44 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : ক্ৰীড়া ক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিভাৱান খেলুৱৈসকলে । ইয়াৰ মাজতে উত্তৰ-প্ৰদেশত অনুষ্ঠিত চিবিএচই ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৫ ত সোণ আৰু ব্ৰঞ্জৰ পদকেৰে অসম তথা মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে তিনিগৰাকী ছাত্ৰীয়ে ।

Uttar Pradesh Amneev Vision school-ত ৩ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা CBSE National taekwondo Championship 2025-26ত সোণৰ পদক লাভ কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিছে স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী শ্ৰুতি গগৈয়ে ৷

ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণ আৰু ব্ৰঞ্জ আজুৰিলে তিনি ছাত্ৰীয়ে (ETV Bharat Assam)

সপ্তম শ্ৰেণীৰ ছাত্ৰী শ্ৰুতিয়ে ২৬ কেজি শাখাত সোণৰ পদক লাভ কৰি এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় ৷ আনহাতে বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী হিমাংগী তামাঙে ২৯ কেজি শাখাত ব্ৰঞ্জৰ পদক আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ইনচুমা তামাঙে ৩৫ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

Gold and bronze medal won by three student of Moran in National Taekwondo championship organized by CBSE
মৰাণৰ বিজয়ী দলটো (ETV Bharat Assam)

সামগ্ৰিকভাৱে ১৪ বছৰৰ অনুৰ্দ্ধ শাখাত স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ দলটোৱে দ্বিতীয় স্থান লাভ কৰে ৷ বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ এই সাফল্যৰ পাছতে আজি বিদ্যালয় কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীকে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷

Gold and bronze medal won by three student of Moran in National Taekwondo championship organized by CBSE
ভবিষ্যতে অলিম্পিক খেলাৰ আশা সোণৰ পদক লাভ কৰা শ্ৰুতি গগৈৰ (ETV Bharat Assam)

উল্লেখ্য যে পূৰ্বেও চিবিএছইৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাখনত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে মৰাণৰ তিলৈনগৰত অৱস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ৷

ভবিষ্যতে অলিম্পিক খেলাৰ আশা সোণৰ পদক লাভ কৰা শ্ৰুতি গগৈৰ:

সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই অনা ছাত্ৰী শ্ৰুতি গগৈয়ে কয়, "উত্তৰ প্ৰদেশত অনুষ্ঠিত চিবিএছই ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত খেলিবলৈ গৈছিলো । তাত সোণৰ পদক লাভ কৰো । এই পদক লাভ কৰি যথেষ্ট ভাল লাগিছে । এই ক্ষেত্ৰত বিদ্যালয়ৰ ছাৰ বাইদেউ আৰু মোৰ গুৰু সমুজ্জল ছাৰক ধন্যবাদ জনাইছো ।‌ ক্ৰীড়া ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত মা-দেউতাই বহুত সহযোগিতা কৰে । ভৱিষ্যতে অলিম্পিক খেলাৰ আশা আছে তাৰ বাবে চেষ্টা কৰিম ।"

Gold and bronze medal won by three student of Moran in National Taekwondo championship organized by CBSE
পদক অৰ্জন কৰা ছাত্ৰী তিনিগৰাকী (ETV Bharat Assam)

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৫ জনে অংশগ্ৰহণ কৰিছিল:

খেলুৱৈৰ সফলতাৰ আঁৰত থাকে প্ৰশিক্ষকৰ মূল ভূমিকা । এই সফলতা লাভ কৰি প্ৰশিক্ষক সমুজ্জল গগৈয়ে কয়, "চিবিএছই ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৫ উত্তৰ প্ৰদেশৰ Amneev Vision schoolত হৈছিল । এই প্ৰতিযোগিতাত শ্ৰুতি গগৈয়ে ২৬ কেজি শাখাত সোণৰ পদক, হিমাংগী তামাঙে ২৯ কেজি শাখাত ব্ৰঞ্জৰ পদক আৰু ইনচুমা তামাঙে ৩৫ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় আৰু স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ দলটোৱে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ।‌ এই বিদ্যালয়ৰ পৰা মুঠ পাঁচ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও তিনিজনে পদক লাভ কৰিবলৈ সক্ষম হয় ।"

Gold and bronze medal won by three student of Moran in National Taekwondo championship organized by CBSE
পদক অৰ্জনৰ পিছত মৰাণৰ দলটো (ETV Bharat Assam)

লগতে পঢ়ক: মানুহে নিক্ষেপ কৰিছিল ঠাট্টা-মস্কৰাৰ বাণ, কিন্তু উচিত লক্ষ্যভেদ কৰিলে ৰবিয়ে

মাধৱদেৱৰ তিৰোভাৱ তিথিত হৰিনাম ধ্বনিৰে মুখৰিত ৰাজ্য়