ETV Bharat / sports

ডব্লিউ টি চি ফাইনেলৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰৰ অৱসৰ ঘোষণা - GLENN MAXWELL RETIREMENT

টি-২০ ক্ৰিকেটত মনোনিৱেশ কৰাৰ উদ্দেশ্যে অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে এদিনীয়া ক্ৰিকেটৰ পৰা গ্ৰহণ কৰে অৱসৰ ৷

GLENN MAXWELL RETIREMENT
সতীৰ্থৰ সৈতে কোনো মেচৰ মাজত মেক্সৱেল (IANS PHOTO)
author img

By PTI

Published : June 2, 2025 at 2:33 PM IST

3 Min Read

হায়দৰাবাদ: ১১ জুনৰ পৰা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ ৰ ফাইনেল । ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে দুয়োটা দলে ৷ যাৰ বাবে ইতিমধ্যে দুয়োটা দল ঘোষণা কৰা হৈছে ৷

এই ফাইনেলৰ মাত্ৰ ১০ দিন পূৰ্বে অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে অৱসৰ ঘোষণা কৰি সকলোকে হতবাক কৰি তোলে ৷ দৰাচলতে টি-২০ ক্ৰিকেটত মনোনিৱেশ কৰিবলৈ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা সদৰী কৰে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীয়ে ৷

ক্ৰিকেট অষ্ট্ৰেলিয়াই ঘোষণা কৰে যে ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ পৰিপ্ৰেক্ষিতত মেক্সৱেলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । ব’ৰ্ডে লগতে কয় যে মেক্সৱেলে বিগবেছ লীগ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ ওপৰত গুৰুত্ব দিব বিচাৰে ।

অৱশ্যে মেক্সৱেলে এতিয়াও টেষ্টৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা নাই আৰু নিৰ্বাচকসকলেও তেওঁক টেষ্ট দলত অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰা নাই । এই পৰ্যন্ত তেওঁ মুঠ ৭ খন টেষ্ট মেচ খেলিছে ।

GLENN MAXWELL RETIREMENT
দৰ্শনীয় ইনিংছ খেলাৰ পিছত দৰ্শকৰ অভিবাদন গ্ৰহণ (IANS PHOTO)

এদিনীয়া মেচৰ পৰা অৱসৰ লোৱাৰ সন্দৰ্ভত কি ক’লে মেক্সৱেলে ?

এদিনীয়া মেচৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তৰ বিষয়ে এটা প’ডকাষ্টত মেক্সৱেলে কয়, ‘‘মই ক্ৰিকেট অষ্ট্ৰেলিয়াৰ নিৰ্বাচক সমিতিৰ অধ্যক্ষ জৰ্জ বেইলীৰ সৈতে কথা পাতিছিলো আৰু তেওঁক কৈছিলো যে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ পৰ্যন্ত মই খেলিব নোৱাৰিম ।’’

তদুপৰি কেইটামান ব্যক্তিগত কাৰণতো খেলুৱৈগৰাকীয়ে এদিনীয়া ক্ৰিকেটৰ পৰা অব্যাহতি ল’ব বিচাৰিছিল ৷ পৰৱৰ্তী এদিনীয়া বিশ্বকাপৰ বাবে তেওঁৰ সলনি আন খেলুৱৈ বিচাৰিবলৈ দল পৰিচালনা সমিতিক যথেষ্ট সময় দিব বিচৰা বুলিও ক্ৰিকেটাৰগৰাকীয়ে উল্লেখ কৰে ।

এতিয়া টি-২০ ক্ৰিকেটৰ ওপৰত গুৰুত্ব দিব মেক্সৱেলে

৩৬ বছৰীয়া মেক্সৱেলে অৱসৰৰ পিছত ২০২৬ চনৰ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰস্তুতি, বিগবেছ লীগ আৰু অন্যান্য ইভেণ্টসমূহক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লৈছে । অৰ্থাৎ এতিয়া মেক্সৱেলে কেৱল টি-২০ ক্ৰিকেটতহে গুৰুত্ব দিব । মেক্সৱেলে চলিত ছিজনৰ আই পি এলত পঞ্জাব কিংছৰ হৈ খেলিছে যদিও আঘাতৰ বাবে আধাতে প্ৰতিযোগিতাখন এৰি নিজ দেশলৈ উভতি যায় ৷

GLENN MAXWELL RETIREMENT
বলিং কৰাৰ সময়ত অষ্ট্ৰেলিয়াৰ খেলুৱৈগৰাকী (IANS PHOTO)

এদিনীয়া ক্ৰিকেটত মেক্সৱেলৰ প্ৰদৰ্শন

এদিনীয়া ক্ৰিকেট কেৰিয়াৰত মেক্সৱেলে মুঠ ১৪৯ খন খেল খেলি গড়ে ৩৩.৮১ ৰাণে মুঠ ৩,৯৯০ ৰাণ সংগ্ৰহ কৰিছে ৷ মেক্সৱেলৰ নামত আছে ৪ টা শতক আৰু ২৩ টা অৰ্ধশতক ৷ অপৰাজিত ২০১ ৰাণৰ ইনিংছটো হৈছে ক্ৰিকেটাৰগৰাকীৰ এদিনীয়া ক্ৰিকেট কেৰিয়াৰৰ শ্ৰেষ্ঠ ইনিংছ, যিটো ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল ৷

ইয়াৰোপৰি মেক্সৱেল এগৰাকী দক্ষ অফ স্পিনাৰ আৰু তেওঁ দখল কৰিছে ৭৭ টা উইকেট ৷ একেটা ফৰ্মেটত ৯১ টা কেচ আয়ত্ব কৰাৰ বাবে এজন দক্ষ ফিল্ডাৰ হিচাপেও পৰিচিত হৈছিল মেক্সৱেল ৷

কেৰিয়াৰৰ অন্তিমখন এদিনীয়াত অৰ্থাৎ আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া পৰাজিত হৈছিল । ২০১৫ আৰু ২০২৩ চনত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী দলৰ অংশও আছিল মেক্সৱেল ।

লগতে পঢ়ক: পঞ্জাব নে বেংগালুৰু ! ১৭ বছৰে দেখা সপোন পূৰণ হোৱাৰ দিশে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.