ETV Bharat / sports

ৱৰ্ল্ড মাষ্টাৰ্ছ গেমছ -২০২৫ ত পদক আজুৰিলে এটি সন্তানৰ মাতৃয়ে - GITANJALI BORA WON MEDALS

টাইৱানত অনুষ্ঠিত ৱৰ্ল্ড মাষ্টাৰ্ছ গেমছ-২০২৫ ত ট্ৰিপল জাম্পত ৰূপৰ পদক আৰু লং জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰি কঢ়িয়াই আনিলে গৌৰৱৰ বতৰা ৷

Gitanjali Bora from Tinisukia won medals at World Masters Games 2025
ৱৰ্ল্ড মাষ্টাৰ্ছ গেমছ-২০২৫ অৰ্জন কৰিলে পদক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 8, 2025 at 4:00 PM IST

4 Min Read

তিনিচুকীয়া: এগৰাকী মাতৃ হোৱাৰ লগতে এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হোৱাৰ পাছতো বহু ত্যাগ স্বীকাৰ কৰি অসমৰ লগতে ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিছে গৌৰৱৰ বতৰা । তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ হাতীগড় গাঁৱৰ সু-যোগ্য কন্যা গীতাঞ্জলি বড়াই টাইৱানত অনুষ্ঠিত ৱৰ্ল্ড মাষ্টাৰ্ছ গেমছ-২০২৫ ত অসমৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিলে ৷

গীতাঞ্জলি বড়াই ১৭ মে’ পৰা ৩০ মে’ লৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ৪০ বছৰ অনুৰ্ধৰ শাখাত অংশগ্ৰহণ কৰি ট্ৰিপল জাম্পত ৰূপৰ পদক আৰু লং জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰি কঢ়িয়াই আনে গৌৰৱৰ বতৰা । বাৰেকুৰিৰ গৌৰৱ গীতাঞ্জলি বড়াৰ সফলতাক লৈ শনিবাৰে লেছেংকাৰ খেলপথাৰত বাৰেকুৰি আঞ্চলিক যুৱ সংঘ, বাৰেকুৰি আঞ্চলিক ক্ৰীড়া সন্থা আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিয়ে গীতাঞ্জলি বড়াক উৎসাহ দিয়াৰ উদ্দেশ্যৰে এক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰে ৷

ৱৰ্ল্ড মাষ্টাৰ্ছ গেমছ-২০২৫ ত পদক আজুৰিলে এটি সন্তানৰ মাতৃয়ে (ETV Bharat Assam)

বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ সম্পাদক গগণ চুতীয়াই আঁতধৰা সভাখনত সভাপতিত্ব কৰে সভাপতি মানৱ চুতীয়াই ৷ লগতে উপস্থিত থাকে বাৰেকুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি সীমান্ত মৰাণ, সম্পাদক অচ্যুত মৰাণ, বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী মাইনা দুৱৰা মৰাণ, সম্পাদিকা বৃন্দাবনী মৰাণকে আদিকৰি কেইবাগৰাকীও স্থানীয় গণ্যমান্য ব্যক্তি । জাপি, ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰই সম্বৰ্ধনা জ্ঞাপন কৰি আগন্তুক দিনসমূহত গীতাঞ্জলি বড়াই আৰু আগুৱাই যোৱাৰ কামনা কৰে ।

সমান্তৰালভাৱে সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ লগতে কেইবাগৰাকীও ব্যক্তিয়ে গীতাঞ্জলি বড়াক সম্বৰ্ধনা জ্ঞাপন কৰে।সম্বৰ্ধনা গ্ৰহণ কৰি গীতাঞ্জলি বড়াই আপ্লুত হৈ পৰে আৰু কয়, “১৯৯৬ চনত ষষ্ঠ শ্ৰেণীত পঢ়ি আছিলো আৰু তেতিয়াই বাৰেকুৰিৰ বৰগাঁৱত আয়োজন কৰা এথলেটিকচ্‌ প্ৰতিযোগিতাত প্ৰথম অংশগ্ৰহণ কৰি দুটা বিভাগত দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছিলো, সেয়াই আছিল ক্ৰীড়াৰ জগতত আৰম্ভণি ৷"

Gitanjali Bora from Tinisukia won medals at World Masters Games 2025
গীতাঞ্জলি বড়াক সম্বৰ্ধনা (ETV Bharat Assam)

খেলুৱৈগৰাকীয়ে লগতে কয়, "তাৰ পাছত ক্ৰমান্বয়ে ১৯৯৮ চনত শিৱসাগৰত আয়োজিত ১৪ বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পাঁচটাকৈ পদক লাভ কৰো । ১৯৯৮ চনতেই গোলাঘাটৰ ছাইৰ বাবে নিৰ্বাচন হওঁ ৷ গোলাঘাটৰ ছাইত সেই সময়ত কয়লাৰ ট্ৰেক আছিল ৷ বাৰিষাৰ সময়ত অনুশীলন কৰাত যথেষ্ট কষ্ট হৈছিল ৷ গতিকে ৩ বছৰৰ পাছত গুৱাহাটীলৈ সলনি হৈ গৈছিল ৷ বহু কষ্টৰ পাছত ১ মিনিটত ৪০০ মিটাৰ দৌৰ সম্পন্ন কৰিবলৈ সক্ষম হওঁ । সেই সময়তেই ভাৰতীয় ৰে’লৱে বিভাগত ১ মিনিটত ৪০০ মিটাৰ দৌৰৰ বিজ্ঞাপন ওলাই আৰু সেই বিজ্ঞাপন লাভ কৰিয়েই ৪০০ মিটাৰ অংশগ্ৰহণ কৰি নিযুক্তি লাভ কৰো ।"

পূৰ্বৰ কথা সুঁৱৰি গীতাঞ্জলিয়ে কয়, "কিন্তু ২০০৪ চনত ভৰিত কিছু আঘাত পোৱাৰ বাবে আন্তৰাষ্ট্ৰীয় পয্যায়ত এচিয়ানচ্‌ গেমৰ বাবে নিৰ্বাচন হৈছিলো যদিও খেলিবলৈ যাব নোৱাৰিলো, গতিকে মই ভাগি পৰিছিলো । কিন্তু মই আন্তঃৰাষ্ট্ৰীয় পদক ল'মেই বুলি অনুশীলন কৰি আহিছিলো । তেনে সময়তে ২০০৯ চনত মোৰ গুৰু স্বৰ্গগামী হোৱাত মই দিশহাৰা হৈ পৰিছিলো ।"

নিজৰ লক্ষ্যত স্থিৰ হৈ থকা বড়াই কয়, "কিন্তু মই নিজৰ লক্ষ্যৰ পৰা কোনোদিনে বিচলিত নহৈ অনুশীলন কৰি গৈছিলো ৷ অনুশীলনৰ মাজতে প'ল কাটি বাধা দিছিল ৷ তেনে বাধাৰ মাজতো ২০২৩ চনত ছাউথ কোৰিয়াত দুটাকৈ বিভাগত প্ৰথম স্থান দখল কৰো ৷ চাকৰি পোৱাৰ পাছতে বহি নাথাকি খেলি গৈছো ৷ বিগত দুটা বছৰে বহুত কষ্ট কৰি আহিছো ৷ গতিকে মোক এনেধৰণৰ মানসিক সাহস লাগে ৷ কিন্তু এতিয়া খেলৰ কাৰণে ছাত্ৰছাত্ৰীসকলল পঢ়াত বাধা হয় বুলি ভৱাটো ভুল নহয়, সেয়ে সময় মিলাই কামখিনি কৰি যাব লাগে ৷”

ইফালে, শনিবাৰে সন্ধিয়াই হাতীগড় গাঁওস্থিত গীতাঞ্জলি বড়াৰ জন্মগৃহত বাৰেকুৰি পৰিৱেশ আৰু পৰ্যটন উন্নয়ন সমিতিৰ মুখ্য উপদেষ্টা কমলেশ্বৰ চুতীয়া, সভাপতি সত্যজিৎ দুৱৰা আৰু সম্পাদক বিদ্যুৎ বড়াৰ নেতৃত্বত এটা দল উপস্থিত হৈ গীতাঞ্জলি বড়াৰ সফলতাক লৈ সম্বৰ্ধনা জ্ঞাপন কৰে । এখন ফুলাম গামোছা আৰু এখন সম্বৰ্ধনা পত্ৰৰে গীতাঞ্জলি বড়াক সম্বৰ্ধনা জ্ঞাপন কৰি আগন্তুক দিনসমূহত গীতাঞ্জলি বড়াই আৰু আগুৱাই যোৱাৰ কামনা কৰে ।

লগতে পঢ়ক: উত্তৰাখণ্ডত জিলিকিল অসমৰ টাইকোৱাণ্ডো দল: ৰাষ্ট্ৰীয় জুনিয়ৰ চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব অৰ্জন - ASSAM TAEKWONDO TEAM

কেৱল এখন ষ্টেডিয়ামৰ নাম দিলে কি হ’ব ? কেবিনেটৰ সিদ্ধান্তত কিয় এনেদৰে ক’লে প্ৰবীণ ক্ৰীড়াবিদগৰাকীয়ে - ARJUN BHOGESWAR BARUAH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.