ETV Bharat / sports

ৰোহিত শৰ্মাৰ পৰা খুছদিল শ্বাহলৈকে… অনুৰাগীৰ সৈতে বিবাদত লিপ্ত হোৱা কেইগৰাকীমান ক্ৰিকেটাৰ - CRICKETERS FIGHT WITH FANS

ক্ৰিকেটৰ ইতিহাসত বহু সময়ত খেলুৱৈয়ে নিয়ন্ত্ৰণ হেৰুৱাই বিবাদত লিপ্ত হয় দৰ্শক তথা অনুৰাগীৰ সৈতে ৷ পঢ়ক এই বিশেষ খবৰ…

Cricketers Fight with Fans
ফাইল ফটো: খুছদিল শ্বাহ (AFP)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 10:27 PM IST

3 Min Read

নতুন দিল্লী: লাইভ একচন উপভোগ কৰাৰ লক্ষ্যৰে ষ্টেডিয়ামলৈ আহে ক্ৰিকেট অনুৰাগী তথা দৰ্শকসকল ৷ বেটছমেনৰ বৃহৎ বৃহৎ শ্বট তথা বলাৰৰ বিধ্বংসী বলিঙে উপস্থিত দৰ্শকক দিয়ে মনোৰঞ্জন ৷

অৱশ্যে কেতিয়াবা কেতিয়াবা ক্ৰিকেটাৰ আৰু অনুৰাগীৰ মাজত দুৰ্বাদল কাজিয়া হোৱা পৰিলক্ষিত হয় ৷

শেহতীয়াকৈ নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত তৃতীয়খন এদিনীয়া খেলৰ সময়ত পাকিস্তানী ক্ৰিকেটাৰ খুছদিল শ্বাহে অনুৰাগীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল ৷ যাৰ কেইবাখনো ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ।

দৰ্শকৰ সৈতে ক্ৰিকেটাৰৰ তৰ্ক বা বাদ-বিবাদ হোৱাটো এয়াই প্ৰথম নহয় । এনে বহু ঘটনা আগতেও ঘটিছে আৰু এই প্ৰতিবেদনৰ জৰিয়তে এনে উদাহৰণবোৰ উল্লেখ কৰি পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিব বিচাৰিছো ।

মুৰলী বিজয়

তামিলনাডু প্ৰিমিয়াৰ লীগ (টি এন পি এল) ৰ এখন খেলৰ সময়ত ভাৰতীয় বেটছমেনগৰাকীক ৰাইজে উপহাস কৰিছিল । যাৰ বাবে ক্ৰিকেটাৰগৰাকীয়ে ষ্টেণ্ডত বহি থকা অনুৰাগীক আক্ৰমণ কৰে ৷ সোঁহতীয়া বেটছমেনগৰাকীক লীগ পৰ্যায়ৰ এখন খেলৰ সময়ত দীনেশ কাৰ্তিকৰ নামৰে ৰাইজে উপহাস কৰিছিল ৷

Cricketers Fight with Fans
ফাইল ফটো: মুৰলী বিজয় (AFP)

মহম্মদ ছামী

২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ সময়ত ভাৰতীয় ফাষ্ট বলাৰগৰাকী খঙত জ্বলি-পকি উঠিছিল । ফাইনেল মেচখনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ পিছতে ছামীয়ে নিজৰ স্থিৰতা হেৰুৱাই পেলায় । ১৮০ ৰাণত পৰাস্ত হৈ ড্ৰেছিং ৰুমলৈ উভতি আহিছিল ভাৰতীয় দলটো । ভাৰতৰ পৰাজয়ৰ সন্দৰ্ভত এজন অনুৰাগীয়ে কটু মন্তব্য কৰিছিল আৰু ছামীয়ে সেই অনুৰাগীজনৰ ফালে ক্ৰুৰ দৃষ্টিৰে চাইছিল ৷ অৱশ্যে অধিনায়ক কুল ধোনীয়ে ভাৰতীয় ফাষ্ট বলাৰগৰাকীক ড্ৰেছিং ৰুমৰ দিশে লৈ গৈছিল, যাতে যিকোনো ধৰণৰ বিতৰ্কৰ পৰা হাত সাৰিব পাৰে ।

Cricketers Fight with Fans
ফাইল ফটো: মহম্মদ ছামী (AFP)

ৰোহিত শৰ্মা আৰু প্ৰবীণ কুমাৰ

২০১২ চনত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ভাৰতীয় যুটি ৰোহিত শৰ্মা আৰু প্ৰবীণ কুমাৰে প্ৰেংকত লিপ্ত হৈছিল । অনুশীলনৰ সময়ত ৰোহিত আৰু প্ৰবীণে এজন ব্যক্তিৰ সৈতে তীব্ৰ কাজিয়াত লিপ্ত হৈছিল, যাৰ ভিডিঅ’ আজিও ইণ্টাৰনেটত উপলব্ধ ৷

Cricketers Fight with Fans
প্ৰবীণ কুমাৰ আৰু ৰোহিত শৰ্মা (AFP)

ইনজামাম উল হক

এই বিখ্যাত ঘটনাটো সংঘটিত হৈছিল ১৯৯৭ চনত চাহাৰা কাপৰ সময়ত । এইখন আছিল শৃংখলাৰ দ্বিতীয়খন মেচ, যিখন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল । সাধাৰণতে ইনজামাম শান্ত আচৰণৰ বাবে পৰিচিত যদিও তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই এজন ভাৰতীয় অনুৰাগীক ‘আলু’ বুলি অভিহিত কৰি আক্ৰমণ কৰে ৷

Cricketers Fight with Fans
ফাইল ফটো: ইনজামাম উল হক (AFP)

ইফতিখাৰ আহমেদ

পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-২০ ত ইফতিখাৰ আহমেদে তেওঁক ‘চাচু’ বুলি অভিহিত কৰা এজন দৰ্শকৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে । এই কাজিয়া কেমেৰাত ধৰা পৰিছিল ৷

Cricketers Fight with Fans
ইফতিখাৰ আহমেদ (AFP)

লগতে পঢ়ক: নভবাকৈয়ে ইচ্ছা পূৰণ হ'ল এগৰাকী অনুৰাগীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.