ETV Bharat / sports

বেংগালুৰুৰ পৰা কলকাতালৈ... ভাৰতীয় ষ্টেডিয়ামত সংঘটিত ৫টা আটাইতকৈ ভয়ংকৰ দুৰ্ঘটনা

ভাৰতত এতিয়ালৈকে এনে বহু ঘটনা সংঘটিত হৈছে, য'ত দুৰ্বল পৰিচালনাৰ বাবে ষ্টেডিয়ামত উপস্থিত থকা বহু খেলুৱৈ-অনুৰাগীৰ মৃত্যু হৈছে ।

Stampedes at stadiums in India
ষ্টেডিয়ামত সংঘটিত দুৰ্ঘটনা (PTI Photo)
author img

By ETV Bharat Assamese Team

Published : June 5, 2025 at 7:47 PM IST

4 Min Read
Choose ETV Bharat

বেংগালুৰু : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৫ত ইতিহাস ৰচিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু(RCB)য়ে । ২০০৮ চনত লীগৰ প্ৰথম সংস্কৰণৰ পিছৰে পৰা প্ৰতিযোগিতাখনৰ অংশ হিচাপে থকা দলটোৱে ১৭ বছৰৰ দীৰ্ঘ অপেক্ষাৰ অন্তত ২০২৫ চনৰ ৩ জুন মঙলবাৰে প্ৰথমবাৰৰ বাবে আই পি এল ট্ৰফী লাভ কৰে ।

ৰজত পাটিদাৰৰ নেতৃত্বত আৰু বিৰাট কোহলীৰ দৰে তাৰকা বেটছমেনেৰে সজ্জিত RCB-ৰ দলটোৱে কোনো ভুল নকৰাকৈয়ে এইবাৰৰ IPL-ৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল । প্ৰায় ১৭ বছৰৰ দীঘলীয়া পৰিক্ৰমাৰ অন্তত RCB-এ নিজৰ ডাই হাৰ্ড অনুৰাগীৰ ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হ’ল ।

এই ঐতিহাসিক জয়ৰ পিছত আৰ চি বি ফ্ৰেঞ্চাইজিয়ে সিদ্ধান্ত লয় যে এই জয়ৰ তেওঁলোকে অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিব । ২০২৫ চনৰ ৪ জুনৰ সন্ধিয়া বেংগালুৰুত দলটোৰ বাবে বিজয় পেৰেডেৰে সন্মানীয় চিন্নাস্বামী ষ্টেডিয়ামত এই ঐতিহাসিক বিজয় উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হয় ।

কিন্তু আৰক্ষী প্ৰশাসনে সঠিক নিৰাপত্তা ব্যৱস্থাৰ বাবে কিছু সময় বিচাৰিছিল, তথাপিও খৰখেদাকৈ সকলো সিদ্ধান্ত লোৱা হৈছিল । ফলত ২ লাখৰো অধিক লোকে পেৰেডত যোগদান কৰিবলৈ সমবেত হয় আৰু পদপিষ্টৰ ঘটনাত ১১জন লোকৰ মৃত্যু হয় । একে সময়তে ৩৩জন লোক আহত হয় ।

এই দুৰ্ঘটনাৰ পিছত স্বাভাৱিকতে বিজয়ৰ আনন্দ পৰিণত হয় শোকলৈ । কৰ্ণাটক চৰকাৰ, কৰ্ণাটক ক্ৰিকেট এছ’চিয়েচন (KSCA) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB) ফ্ৰেঞ্চাইজিয়ে মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে । এই ঘটনাৰ পিছত সমগ্ৰ দেশতে এক শোকৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছে ।

বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত সংঘটিত এইটোৱেই প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও ষ্টেডিয়ামত এনে হুলস্থূলীয়া পৰিৱেশত ক্ৰীড়াপ্ৰেমীয়ে প্ৰাণ হেৰুৱাইছে । ইয়াৰ পূৰ্বেও ষ্টেডিয়ামত উপযুক্ত ব্যৱস্থা নথকাৰ বাবে বহুলোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ।

  • ভাৰতৰ ষ্টেডিয়ামত পদপিষ্টৰ ঘটনা

০৫ ফেব্ৰুৱাৰী ২০২৫ : কটক

০৯ ফেব্ৰুৱাৰীত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়াৰ টিকট বিক্ৰীৰ সময়ত কটকৰ বাৰাবাটি ষ্টেডিয়ামৰ বাহিৰৰ অফলাইন টিকট কাউণ্টাৰত হুলস্থূলৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত কমেও ১০ জন লোক অচেতন হৈ পৰে ।

০৫ জুলাই ২০২৪ : মুম্বাই

দক্ষিণ মুম্বাইত টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ বিজয় পেৰেডৰ পথত বিপুল জনসমাগম হোৱাৰ পিছত সামান্য আঘাত বা মূৰ ঘূৰোৱা অৱস্থাত কমেও ১১ জন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি এজন বিষয়াই জনায় ।

২২ ছেপ্টেম্বৰ, ২০২২: হায়দৰাবাদ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলখনৰ টিকটৰ বাবে হুলস্থূল আৰু হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ বিষয়াসকলৰ উদাসীন মনোভাৱৰ ফলত জিমখানা খেলপথাৰত হুলস্থূলৰ সৃষ্টি হয় । এই ঘটনাত দুজন আৰক্ষীকে ধৰি ৭জন লোক আহত হয় । পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় ।

১৯৮০ চনৰ ১৬ আগষ্ট : কলকতা

কলকাতা মোহন বাগান-ইষ্ট বেংগল কলকাতা ফুটবল লীগ (চি এফ এল)ৰ খেলৰ সময়ত ইডেন গাৰ্ডেনৰ ভিতৰত হোৱা হুলস্থূল আৰু সংঘৰ্ষত ১৬ জন লোকৰ মৃত্যু হয় ।

১৯৬৯ চনৰ ১৭ ডিচেম্বৰ : কলকাতা

অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত চতুৰ্থ টেষ্ট অনুষ্ঠিত হোৱা ইডেন গাৰ্ডেনৰ দৈনিক টিকট কাউণ্টাৰৰ বাহিৰত হোৱা হুলস্থূলত ছয়জন লোক নিহত হয় আৰু প্ৰায় ১০০ জন আহত হয় ৷ ইয়াৰে ১৪ জন গুৰুতৰভাৱে আহত হৈছিল ।

লগতে পঢ়ক : আসন ৩৫ হাজাৰ, মানুহ গোট খাইছিল ৩ লাখ: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাৰ মূল কাৰণ

লগতে পঢ়ক : বেংগালুৰুৰ ঘটনাৰ বাবে বি চি চি আই দায়বদ্ধ নহয়: স্পষ্ট কৰি দিলে দেৱজিৎ শইকীয়াই

লগতে পঢ়ক : আৰ চি বিৰ বিজয় উৎসৱত অঘটন: পদপিষ্ট হৈ ১১ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ৪৭ গৰাকী আহত

লগতে পঢ়ক : বেংগালুৰুৰ পদপিষ্টৰ ঘটনাক লৈ বিভিন্ন জনৰ প্ৰতিক্ৰিয়া; ন্যায়িক তদন্তৰ দাবী বিজেপিৰ