ETV Bharat / sports

আপোনালোকৰ কোনো কাম নাই... ভাৰতীয় সেনাক লক্ষ্য কৰি পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদিৰ কটু মন্তব্য

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত ভাৰতীয় সেনাৰ বিৰুদ্ধে কটু মন্তব্য কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে ।

Pahalgam terror attack
পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদী (ANI)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 9:09 PM IST

2 Min Read
Choose ETV Bharat

পাকিস্তান : পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱা ঘটনাৰ মূল কাৰণ হৈছে ভাৰতীয় সেনাৰ গাফিলতি । পহলগামকাণ্ড সন্দৰ্ভত ভাৰতীয় সেনাক জগৰীয়া কৰি পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে এই মন্তব্য কৰে ।

লগতে এই ঘটনাত যে পাকিস্তান যে জড়িত আছে বুলি সকলোৱে কৈ আছে, তাৰ প্ৰমাণ দিবলৈ তেওঁ ভাৰতীয় সেনাক দাবী কৰিছে ।

  • ভাৰতীয় সেনা সন্দৰ্ভত মন্তব্য কৰে শ্বাহিদ আফ্ৰিদীয়ে

যোৱা ২২ এপ্ৰিলত কাশ্মীৰ উপত্যকাৰ পহলগামৰ বৈছাৰণত সংঘটিত হৈছিল এই আক্ৰমণ । এই ঘটনাৰ পিছত ভাৰতে পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰাৰ লগতে পাকিস্তানৰ সৈতে হোৱা সিন্ধু জল সন্ধিও স্থগিত ৰাখা হৈছে । বৰ্তমান সময়ত সকলোতে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ বিষয় চৰ্চাৰ চলি আছে, এনে সময়তে শ্বাহিদ আফ্ৰিদীয়ে কিছু কটু বক্তব্য আগবঢ়োৱা দেখা গৈছে ।

পাকিস্তানৰ এটা সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাত্‍কাৰত তেওঁ ভাৰতীয় সেনাক লৈ এক অপ্ৰীতিকৰ মন্তব্য কৰে ।তেওঁ কয়, ‘‘আপোনালোকৰ কাশ্মীৰত মাত্ৰ ৮ লাখ সেনা আছে আৰু এনে ঘটনা সংঘটিত হ’ল । অৰ্থাৎ আপোনালোকে ৰাইজক নিৰাপত্তা প্ৰদান কৰিবলৈ সক্ষম নহয় ।''

  • ভাৰতীয় সংবাদ মাধ্যমকো দোষাৰোপ কৰে আফ্ৰিদানে

শ্বাহিদে এই ঘটনাক কেন্দ্ৰ কৰি ভাৰতীয় সংবাদ মাধ্যমকো কটাক্ষ কৰে । তেওঁ কয় যে ভাৰতীয় সংবাদ মাধ্যমে বলীউডৰ দৰে এই বাতৰিবোৰ সম্প্ৰচাৰ কৰিছে ।

ইফালে মঙলবাৰে কাশ্মীৰত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে এক শক্তিশালী বাৰ্তা আগবঢ়ায় ৷ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত গাংগুলীয়ে কয়, ''ভাৰতে পাকিস্তানৰ সৈতে থকা সকলো ক্ৰিকেট সম্পৰ্ক ভংগ কৰিব লাগে আৰু লগতে আই চি চি আৰু এছিয়ান প্ৰতিযোগিতাত তেওঁলোকৰ সৈতে খেলিব নালাগে ৷''

লগতে পঢ়ক : পাকিস্তানৰ সৈতে ক্ৰিকেটৰ সকলো সম্পৰ্ক ভংগ কৰিব লাগে: সৌৰভ গাংগুলী

লগতে পঢ়ক : চতুৰ্থবাৰৰ বাবে যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ; কুপৱাৰা-পুঞ্চ ছেক্টৰত নিশা গুলীচালনা পাক সেনাৰ