২০২২ চনত অৱসৰ লোৱা এগৰাকী প্ৰখ্যাত ক্ৰিকেটাৰে লৈছে প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত
৪১ বছৰ বয়সত অৱসৰ লোৱা ক্ৰিকেটাৰে কৰিব প্ৰত্যাৱৰ্তন । কোনখন দেশৰ হৈ খেলিব তাৰকা ক্ৰিকেটাৰজনে জানেনে ?

Published : September 5, 2025 at 2:58 PM IST
নতুন দিল্লী : ক্ৰিকেট জগতখনত কি হ'ব পাৰে কোনেও নাজানে ? আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ এবাৰ চাঞ্চল্যকৰ ঘটনা ঘটিল । এই সমগ্ৰ বিষয়টো নিউজীলেণ্ড ক্ৰিকেট দলৰ কিংবদন্তি ক্ৰিকেটাৰ ৰছ টেইলৰৰ সৈতে জড়িত । তেওঁৰ এক ঘোষণাই সকলোকে স্তম্ভিত কৰি তুলিছে ।
অৱসৰৰ প্ৰায় ৪ বছৰ পিছত প্ৰত্যাৱৰ্তন
নিউজীলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰছ টেইলৰে ৪১ বছৰ বয়সত অৱসৰৰ পৰা প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত লৈছে । তেওঁ নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰিছে । তেওঁৰ এই ঘোষণাৰ পিছতে ক্ৰিকেট অনুৰাগী আৰু সকলো ক্ৰিকেট বিশেষজ্ঞৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে প্ৰায় ৪ বছৰ পূৰ্বে অৰ্থাৎ ২০২১ চনৰ ৩০ ডিচেম্বৰত ৰছ টেইলৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল । ইয়াৰ পিছত তেওঁ ২০২২ চনত বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন টেষ্ট মেচ খেলিছিল । ২০২২ চনৰ এপ্ৰিল মাহত অন্তিমখন টি-২০ মেচ খেলিছিল । ইয়াৰ পিছতে সকলো ফৰ্মেটত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ।
এতিয়া অৱসৰৰ পৰা প্ৰত্যাৱৰ্তন কৰি নিউজীলেণ্ডৰ খেলুৱৈগৰাকীয়ে পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ সিদ্ধান্ত লৈছে । অৱশ্যে তেওঁক নিউজীলেণ্ড দলৰ হৈ খেলা দেখা নাযাব । কাৰণ তেওঁ ওচেনিয়াৰ এখন দেশ ছামোয়াৰ হৈ ক্ৰিকেট খেলিব । অহা বছৰ অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২৬ৰ কোৱালিফায়াৰত টেইলৰে মাতৃৰ জন্ম দেশ ছামোয়াক প্ৰতিনিধিত্ব কৰিব ।
সামাজিক মাধ্যমত ৰছ টেইলৰৰ পোষ্ট
ৰছ টেইলৰে পোষ্ট কৰিছে, "এয়া অফিচিয়েল । মই গৌৰৱ অনুভৱ কৰিছো যে মই নীলা জাৰ্চি পৰিধান কৰি ক্ৰিকেটত ছামোয়াক প্ৰতিনিধিত্ব কৰিম । এয়া কেৱল মই ভালপোৱা খেলখনলৈ ঘূৰি অহাই নহয়, মোৰ শিপা, সংস্কৃতি, গাঁও আৰু পৰিয়ালক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে এক বৃহৎ সন্মান । এই সুযোগ পাই মই অতি উৎসাহিত হৈছো । এতিয়া মই খেলখনলৈ উভতি অহাৰ সুযোগ পাম, দলত যোগদান কৰিম আৰু খেলপথাৰৰ ভিতৰত আৰু বাহিৰত মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিম ।"
নিউজীলেণ্ডৰ হৈ টেইলৰৰ কেৰিয়াৰ
টেইলৰে ১১২ খন টেষ্ট মেচত ৭৬৮৪ ৰাণ সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত তেওঁৰ ১৯ টা শতক আৰু ৩৫ টা অৰ্ধশতক আছিল । তেওঁ ২৩৬ খন এদিনীয়াত ৮৬০২ ৰাণ সংগ্ৰহ কৰিছিল । লগতে তেওঁৰ নামত ২১ টা শতক আৰু ৫১ টা অৰ্ধশতক আছে । টেইলৰে ১০২ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত ১৯০৯ ৰাণ সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত তেওঁ ৭ টা অৰ্ধশতক কৰিছিল ।
আঞ্চলিক পৰ্যায়ত উন্নত প্ৰদৰ্শনেৰে ছামোয়া দলে টি-২০ বিশ্বকাপ ২০২৬ৰ কোৱালিফায়াৰত স্থান লাভ কৰে । দলটোৱে ভানুআটু, কুক দ্বীপপুঞ্জ আৰু ফিজিৰ দৰে দলক পৰাস্ত কৰিছে । এতিয়া ওমানত অনুষ্ঠিত হ'বলগীয়া ৯ টা দলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ছামোয়াই ।
লগতে পঢ়ক :এছিয়া কাপ ২০২৫ৰ বাবে নিজৰ দল ঘোষণা আয়োজক দলৰ, জানক ৮টা দলৰ স্কোৱাড - ASIA CUP 2025

