ETV Bharat / sports

পাকিস্তান ক্ৰিকেট দলত চলিল জেচিবি; বাবৰ-শ্বাহিনকে ধৰি চাৰি ক্ৰিকেটাৰক দেখুৱালে ঘৰৰ ৰাস্তা

Dropped from test: পাকিস্তান ক্ৰিকেটৰ নিৰ্বাচকসকলে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় আৰু তৃতীয় টেষ্ট মেচৰ বাবে ঘোষণা কৰিছে দল ।

ENG VS PAK TEST SERIES
পাকিস্তানৰ দলটো (AP PHOTO)
author img

By ETV Bharat Sports Team

Published : October 13, 2024 at 7:14 PM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক, 13 অক্টোবৰ: ইংলেণ্ডৰ বিৰুদ্ধে মূলতানৰ প্ৰথম টেষ্টত শোচনীয় পৰাজয়ৰ পিছত বৃহৎ সালসলনি ঘটোৱা হৈছে পাকিস্তান ক্ৰিকেট দলত ৷ আয়োজক দলৰ নিৰ্বাচকসকলে দ্বিতীয় আৰু তৃতীয় টেষ্ট মেচৰ বাবে দলৰ পৰা বাদ দিছে চাৰিগৰাকীকৈ ক্ৰিকেটাৰক ৷ তেওঁলোক হৈছে ক্ৰমে- বাবৰ আজম, নাছিম শ্বাহ, চৰফৰাজ আহমেদ আৰু শ্বাহিন শ্বাহ আফ্ৰিদী ৷

নিৰ্বাচকসকলে কয় যে, পাকিস্তান ক্ৰিকেট দলৰ ভৱিষ্যতৰ দায়িত্বৰ কথা বিবেচনা কৰি, এইকেইগৰাকী শীৰ্ষ খেলুৱৈক বিশ্ৰাম দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।

পাকিস্তান ক্ৰিকেট দলত বৃহৎ পৰিৱৰ্তন

নিৰ্বাচকসকলে বাদ দিয়া চাৰিজন খেলুৱৈৰ স্থান লৈছে হাচিবুল্লাহ, মেহৰান মুমতাজ, কামৰান গোলাম আৰু ফাষ্ট বলাৰ মহম্মদ আলীয়ে । ইয়াৰোপৰি অফ স্পিনাৰ চাজিদ খানক স্পিনাৰ আব্ৰাৰ আহমেদৰ পৰিৱৰ্তে দলত অন্তৰ্ভুক্ত কৰা হৈছে ৷ যি স্বাস্থ্যজনিত কাৰণত আছিল দলৰ বাহিৰত । প্ৰথম টেষ্টত দলত অন্তৰ্ভুক্ত কিন্তু পিছত বাদ পৰা নৌমান আলী আৰু জাহিদ মাহমুদকো বৰ্তমানৰ 16 জনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

দ্বিতীয়খন টেষ্ট 15 অক্টোবৰৰ পৰা মুলতানত আৰু তৃতীয়খন টেষ্ট 24 অক্টোবৰৰ পৰা ৰাৱালপিণ্ডিত অনুষ্ঠিত হ'ব । তিনিখন মেচৰ টেষ্ট শৃংখলাত ইংলেণ্ডে 1-0 ত অগ্ৰগতি লাভ কৰিছে ।

দ্বিতীয় আৰু তৃতীয় টেষ্টৰ বাবে পাকিস্তানৰ দলটো

শ্বান মাছুদ (অধিনায়ক), চাউদ চাকিল (সহ অধিনায়ক), আমিৰ জামাল, আব্দুল্লাহ চফিক, হাচিবুল্লাহ (উইকেটকীপাৰ), কামৰান গোলাম, মেহৰান মুমতাজ, মীৰ হামজা, মহম্মদ আলী, মহম্মদ হুৰাইৰা, মহম্মদ ৰিজৱান (উইকেটকীপাৰ), নৌমান আলী, ছেম আয়ুব, চাজিদ খান, চলমান আলী আঘা আৰু জাহিদ মাহমুদ ।

প্ৰথম টেষ্টত পৰাজয়ৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পুৰুষৰ দল বাছনি সমিতিতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছিল ৷ য’ত প্ৰাক্তন টেষ্ট খেলুৱৈ আকুইব জাভেদ, আজহাৰ আলী, ক্ৰীড়া বিশ্লেষক হাছান ছিমা আৰু আম্পায়াৰ আলীম দাৰ অন্তৰ্ভুক্ত আছিল । প্ৰাক্তন টেষ্ট বেটছমেন আশাদ চফিক ইতিমধ্যে সমিতিৰ অংশ আছিল ।

লগতে পঢ়ক: ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰাৰ সম্ভাৱনা বাবৰ আজম