ETV Bharat / sports

শুভমিন গিলৰ কান্ধত গুৰু ভাৰ: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত দলত স্থান পালে কোনে কোনে

২০ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ বাবে বি চি চি আয়ে ১৫ জনীয়া দল ঘোষণা কৰিছে ।

IND TEST SQUAD AGAINST ENG
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় টেষ্ট দলৰ নেতৃত্বত শুভমন গিল (IANS)
author img

By ETV Bharat Assamese Team

Published : May 24, 2025 at 3:09 PM IST

5 Min Read
Choose ETV Bharat

মুম্বাই: অৱশেষত জল্পনা-কল্পনাৰ অৱসান । ৰোহিত শৰ্মাৰ অৱসৰ ঘোষণাৰ পিছত নেতৃত্ববিহীন হৈ পৰিছিল ভাৰতীয় টেষ্ট দল । অৱশেষত শনিবাৰে লাভ কৰিলে ভাৰতীয় টেষ্ট দলে নতুন অধিনায়ক ।

২০ জুনৰ পৰা লিডছৰ হেডিংলীত আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলটো শনিবাৰে ঘোষণা কৰা হয় । বি চি চি আয়ে ক্ৰিকেটৰ দীৰ্ঘতম আৰু সবাতোকৈ পুৰণি ফৰ্মেটটোৰ ভাৰতীয় ক্ৰিকেট দলৰ গুৰু ভাৰ প্ৰদান কৰিছে প্ৰতিশ্ৰুতিসম্পন্ন বেটছমেন শুভমন গিলৰ কান্ধত । ইংলেণ্ড ভ্ৰমণৰ বাবে শুভমন গিলৰ নেতৃত্বাধীন দলটোত তেওঁক সহযোগী হিচাপে ঋষভ পণ্টক দায়িত্ব প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ লগে লগে দলটোৱে এক নতুন যুগলৈ অগ্ৰসৰ হৈছে । কিয়নো ইংলেণ্ড ভ্ৰমণলৈ যাবলগা ভাৰতীয় দলটোত কমেও ১১ জন খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে এই ভ্ৰমণ কৰিব ।

ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলটোৰ অধিনায়কত্বৰ দৌৰত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ৰোহিত শৰ্মাৰ অনুপস্থিতিত দুখন মেচকে ধৰি তিনিখন টেষ্টত ভাৰতক নেতৃত্ব প্ৰদান কৰা যশপ্ৰীত বুমৰাহৰ সৈতে শুভমন গিলো আছিল ।

ইফালে গিলে এদিনীয়া আৰু টি-২০ মেচত ভাৰতীয় দলৰ সহ-অধিনায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে । ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ইউ এ ইত ভাৰতৰ চেম্পিয়নছ ট্ৰফীৰ বিজয়ী অভিযানত ৰোহিত শৰ্মাৰ সহকাৰী হিচাপে আছিল গিল । ২৫ বছৰীয়া গিল বিগত কিছু বছৰত এই পদত অধিষ্ঠিত অন্যতম কনিষ্ঠ খেলুৱৈসকলৰ ভিতৰত এজন আছিল । অৱশ্যে যদিও ৰঙা বলৰ ফৰ্মেটত তেওঁৰ অধিনায়কত্বৰ অভিজ্ঞতাৰ অভাৱ, তথাপিও ২০২৪ চনত জিম্বাব'ৱেত পাঁচখন মেচৰ টি-২০ শৃংখলাত ভাৰতক নেতৃত্ব প্ৰদান কৰিছে । গিলে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গুজৰাট টাইটানছৰো অধিনায়কত্বত আছে ।

গিলে ৩২ খন টেষ্টত গড়ে ৩৫.০৫ ৰাণেৰে মুঠ ১,৮৯৩ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ উপৰি কে এল ৰাহুল আৰু ঋষভ পণ্টৰ মাজতো ভাৰতীয় টেষ্ট দলৰ নেতৃত্বৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল । ঘৰুৱা ক্ৰিকেটত আৰু বাংলাদেশত ২৫ বছৰীয়া গিলৰ পৰিসংখ্যা অতি প্ৰশংসনীয় । এছিয়াত ১৯ খন টেষ্ট মেচত (ভাৰতত ১,১৭৭ আৰু বাংলাদেশত ১৫৭) ৩৫ টা ইনিংছত ১,৩৩৪ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৫ টা শত আৰু সম পৰিমাণৰ অৰ্ধশতকেৰে তেওঁৰ গড় ৰাণ সংগ্ৰহ হৈছে ৪১.৬৮ ।

ইফালে সংবাদমেল সম্বোধন কৰি বি চি চি আইৰ বাছনি সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰে প্ৰকাশ কৰে যে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচোখন টেষ্টত যশপ্ৰীত বুমৰাহ উপলব্ধ নহ’ব । আগৰকাৰে কয় যে ফিজিঅ’থেৰাপিষ্টে দিয়া পৰামৰ্শ অনুসৰি ইংলেণ্ডৰ বিৰুদ্ধে পাঁচোখন টেষ্টৰ বাবে ভাৰতীয় পেচ আক্ৰমণৰ গুৰি ধৰোতা যশপ্ৰীত বুমৰাহ উপলব্ধ নহ’ব ।

আনহাতে, ২০২৫ চনত আই পি এলত এক ব্যতিক্ৰমী প্ৰদৰ্শনৰ পিছত সাই সুদৰ্শন (৬৩৮ ৰাণ) আৰু অৰ্শদীপ সিঙে (১৬ উইকেট) প্ৰথমবাৰৰ বাবে টেষ্ট দললৈ আমন্ত্ৰণ লাভ কৰিছে । সাই সুদৰ্শনে ২০২৪ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ হৈ ৩খন এদিনীয়া মেচ খেলাৰ বিপৰীতে অৰ্শদীপ সিঙে ভাৰতৰ হৈ বগা বলৰ ফৰ্মেটত ধাৰাবাহিক প্ৰদৰ্শন আগবঢ়াই আহিছে । তেওঁ টি-২০ বিশ্বকাপ ২০২৪ আৰু ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী দলৰো সদস্য আছিল । আনহাতে, ২০২৪-২৫ চনৰ ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পিছত অভিমন্যু ঈশ্বৰণে দলত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে ।

ইয়াৰ উপৰি যোৱা বছৰ ঘৰুৱা ক্ৰিকেটত প্ৰদৰ্শন কৰা উজ্জ্বল প্ৰদৰ্শনৰ পুৰস্কাৰ লাভ কৰে কৰুণ নায়াৰে । তেওঁ ৮ বছৰৰ দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত পুনৰ ৰাষ্ট্ৰীয় দললৈ উভতি আহিছে । অৱশ্যে যোৱা বছৰ ৰঞ্জী ট্ৰফীত এক অসাধাৰণ প্ৰদৰ্শন কৰাৰ পাছতো শ্ৰেয়স আয়াৰে দলত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল ।

ইফালে টেষ্ট মেচৰ বলিং ফিটনেছ এতিয়াও লাভ নকৰাৰ বাবে পুনৰ বিবেচনা কৰা নহ’ল মহম্মদ ছামীক । ২০২৩ চনৰ ইংলেণ্ডত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ফাইনেলৰ পিছত ছামীয়ে ভাৰতৰ হৈ কোনো টেষ্ট খেলা নাই । আকাশ দীপক ৰিজাৰ্ভ বেঞ্চত ৰখা হৈছে ।

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় টেষ্টৰ দল : শুভমন গিল (অধিনায়ক), ঋষভ পণ্ট (উইকেটৰক্ষক আৰু সহ-অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, অভিমন্যু ঈশ্বৰণ, কৰুণ নায়াৰ, নীতিশ ৰেড্ডী, ৰবিন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, শাৰ্দূল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ, অৰ্শদীপ সিং, কুলদীপ যাদৱ ।

লগতে পঢ়ক :ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত আঘাত, অধিনায়ক ৰজত পাটিদাৰক জৰিমনা বি চি চি আইৰ - RAJAT PATIDAR FINED
লগতে পঢ়ক :পোলেণ্ডত ত্ৰিৰংগ উৰুৱালে নীৰজ চোপ্ৰাই; অৱশ্যে বঞ্চিত হ'ল স্বৰ্ণ পদকৰ পৰা - NEERAJ CHOPRA WIN SILVER IN POLAND