ভাৰত-ইংলেণ্ডৰ দ্বিতীয়খন টেষ্টৰ পূৰ্বে ভাৰতৰ বাবে দুটা ডাঙৰ খবৰ, জানিবলৈ পঢ়ক...
দ্বিতীয়খন টেষ্টত জোফ্ৰা আৰ্চাৰ বাহিৰ হোৱাৰ বিপৰীতে যশপ্ৰিত বুমৰাহ নিৰ্বাচনৰ বাবে উপলব্ধ হ’ব ।

Published : July 1, 2025 at 12:28 AM IST
হায়দৰাবাদ : ২ জুলাই বুধবাৰৰ পৰা এডগবাষ্টনত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট মেচ । মেচখনৰ পূৰ্বে টীম ইণ্ডিয়াৰ বাবে দুটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আহিছে । আচলতে ইংলেণ্ডে দ্বিতীয়খন টেষ্টৰ বাবে নিজৰ একাদশ ঘোষণা কৰিছে । য’ত বেগী বলাৰ জফ্ৰা আৰ্চাৰক অন্তৰ্ভুক্ত কৰা হোৱা নাই । আনহাতে প্ৰথমখন মেচ শেষ হোৱাৰ পিছতহে তেওঁক টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু আশা কৰা হৈছিল যে তেওঁ নিশ্চিতভাৱে দ্বিতীয়খন টেষ্টত খেলিব ।
৩০ বছৰীয়া খেলুৱৈগৰাকীয়ে জৰুৰীকালীন অৱস্থাৰ বাবে সোমবাৰে ইংলেণ্ডৰ অনুশীলনত যোগদানো কৰিব নোৱাৰিলেও দ্বিতীয়খন টেষ্টৰ বাবে প্ৰস্তুতি চলাবলৈ মঙলবাৰে দলত যোগদান কৰিব । ২০২১ চনৰ পিছত ইংলেণ্ডৰ টেষ্ট দললৈ ঘূৰি অহা আৰ্চাৰে ইংলেণ্ডৰ হৈ মুঠ ১৩খন টেষ্ট খেলিছে আৰু গড়ে ৩১.০৪ ৰাণত ৪২টা উইকেট দখল কৰিছে ।
ASSISTANT COACH OF TEAM INDIA:
— Johns. (@CricCrazyJohns) June 30, 2025
"Bumrah is ready to Play". 🔥🚨 pic.twitter.com/HxHsT2bLV1
বাচনিৰ বাবে উপলব্ধ হ'ব যশপ্ৰীত বুমৰাহ
ইয়াৰ বাহিৰেও ভাৰতৰ বাবে দ্বিতীয়টো ডাঙৰ খবৰটো হ’ল যে টীম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষকে নিশ্চিত কৰিছে যে মূল বেগী বলাৰ যশপ্ৰীত বুমৰাহ দ্বিতীয়খন টেষ্টৰ বাচনিৰ বাবে উপলব্ধ । অৱশ্যে তেওঁৰ অংশগ্ৰহণ সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই দল পৰিচালনা সমিতিয়ে । সহকাৰী প্ৰশিক্ষকে কয়, "তেওঁ খেলখনৰ বাবে উপলব্ধ, স্পষ্টভাৱে, আমি আৰম্ভণিৰে পৰাই জানো যে তেওঁ পাঁচখন মেচৰ ভিতৰত মাত্ৰ তিনিখনহে খেলিব । শেষৰ টেষ্টৰ পৰা সুস্থ হ’বলৈ তেওঁৰ হাতত আছিল আঠ দিন । কিন্তু পৰিস্থিতি, কামৰ বোজা আৰু আমি ভাবো যে আমি পৰৱৰ্তী চাৰিখন মেচ কেনেকৈ সৰ্বোত্তমভাৱে পৰিচালনা কৰিব পাৰিম, সেই বিষয়ে চালে আমি এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই ।"
ইতিহাস ৰচনা কৰাৰ দিশত বুমৰাহ
উল্লেখ্য যে যদি বুমৰাহক এডগবাষ্টন টেষ্টৰ বাবে নিৰ্বাচিত কৰা হয় আৰু তেওঁ পাঁচটা উইকেট দখল কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ SENA দেশ (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়া)ত এছিয়ান বলাৰ এজনে সৰ্বাধিক পাঁচ উইকেট দখল কৰাৰ বাবে প্ৰাক্তন মহান পাকিস্তানী বলাৰ ৱাছিম আক্ৰাম (১১)ৰ অভিলেখৰ সমান হ’ব ।
দ্বিতীয় টেষ্টৰ বাবে ইংলেণ্ডৰ খেলা একাদশ
বেন ষ্ট’কছ (অধিনায়ক), জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ, জো ৰুট, হেৰী ব্ৰুক, জেমী স্মিথ (উইকেটকীপাৰ), ক্ৰীছ ৱ’কেছ, ব্ৰাইডন কাৰ্ছ, জোছ টংগু আৰু শ্বোয়াইব বছিৰ

