১০ মিটাৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ পদকেৰে ৰাষ্ট্ৰীয় অভিলেখ ভাৰতীয় শ্বুটাৰ ইলাভেনিল ৱালাৰিভানৰ
মহিলাৰ ২৫ মিটাৰ পিষ্টল প্ৰিচিচন ৰাউণ্ডত ১৫ নম্বৰ স্থান লাভ পেৰিছ ২০২৪ৰ পদক বিজয়ী মনু ভাকৰৰ ।

By ANI
Published : June 11, 2025 at 6:01 PM IST
মিউনিখ, (জাৰ্মানী): জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপ ২০২৫ত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ পদক লাভ কৰি দুবাৰৰ অলিম্পিয়ান ইলাভেনিল ৱালাৰিভানে ভাৰতৰ অভিযান আৰম্ভ কৰে । ফাইনেল ইলাভেনিলৰ নিয়ন্ত্ৰণত থকা যেন দেখা গৈছিল আৰু তেওঁ ২১০.৮ স্ক’ৰেৰে আগবাঢ়ি আছিল । কিন্তু, শেষৰ শ্বটৰ আগৰ শ্বটটোত ৯.৮ স্ক’ৰে তেওঁক শীৰ্ষ দুটাত স্থান লাভ কৰাত বাধা দিয়ে আৰু ২৩১.২ স্ক’ৰেৰে ইলাভেনিলই তৃতীয় স্থান দখল কৰে ।
লীমাত চলি থকা আই এছ এছ এফ বিশ্বকাপ ২০২৫ত চীনৰ ৱাং জিফেইয়ে ২৫৪.৮ ছেকেণ্ডৰ বিশ্ব অভিলেখ গঢ়ি কোৰিয়াৰ কোৱান ইউন-জীক ০.১ পইণ্টেৰে পৰাস্ত কৰি ২৫২.৭ স্ক’ৰেৰে স্বৰ্ণ পদক লাভ কৰে । ইলাভেনিলে অৰ্হতাত ৬৩৫.৯ শ্বট দি নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দ্বিতীয় স্থান দখল কৰে । ৱাঙে পুনৰ উন্নত প্ৰদৰ্শন কৰি ৬৩৭.৯ স্ক’ৰেৰে বিশ্ব অভিলেখ ভংগ কৰে ।
কেৱল ৰেংকিং পইণ্ট (আৰ পি অ’)ৰ বাবে খেলি থকা এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী ৰমিতা জিন্দালে শ্বুটিঙৰ পিছত ৬৩২.৬ স্ক’ৰেৰে ১৩ নম্বৰ স্থান দখল কৰে । আনহাতে অনন্যা নাইডুৱে ৬৩২.৪ স্ক’ৰেৰে ১৫ নম্বৰ স্থান দখল কৰে ।
পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত বৰুণ টোমাৰে ১৬০.৩ স্ক’ৰেৰে ষষ্ঠ স্থান দখল কৰে । চীনৰ হু কাই (২৪২.৩) কাজাখস্তানৰ ভেলেৰী ৰাখিমজিয়ানক (২৪১.৯) পৰাস্ত কৰি সোণৰ পদক লাভ কৰে । ব্ৰঞ্জৰ পদক লাভ কৰে জাৰ্মানীৰ ক্রিষ্টিয়ান ৰাইটজে (২২০.৮) ।
টোমাৰে অৰ্হতাত ৫৮৫ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰিছিল । ইফালে ২০২৪ চনৰ পেৰিছত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ ব্ৰঞ্জৰ পদক বিজয়ী মনু ভাকৰৰ অংশীদাৰ সৰবজোৎ সিঙে ৫৮৩ স্ক’ৰ সংগ্ৰহ কৰি নৱম স্থান দখল কৰিছিল যদিও আৰ পি অ’ শাখাত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ।
মহিলাৰ ২৫ মিটাৰ পিষ্টল প্ৰিচিচন ৰাউণ্ডত ঈৰ্ষা সিঙে ২৯৪ স্ক’ৰেৰে চতুৰ্থ স্থানত থকাৰ বিপৰীতে দুবাৰৰ অলিম্পিয়ান মনু ভাকৰে ২৯০ স্ক’ৰেৰে ১৫ নম্বৰ স্থানত আছে আৰু পদক দৌৰত তেওঁ থাকিবলৈ হ’লে বুধবাৰে ৰেপিড ফায়াৰ ৰাউণ্ডত ভাল প্ৰদৰ্শন কৰিব লাগিব ।
বুধবাৰে পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনৰ অৰ্হতা ৰাউণ্ডত অংশগ্ৰহণ কৰিব পেৰিছ ২০২৪ৰ ব্ৰঞ্জৰ পদক বিজয়ী স্বপ্নিল কুছালে । মিউনিখত অনুষ্ঠিত এইখন হৈছে তৃতীয়টো আই এছ এছ এফ বিশ্বকাপ । ভাৰতে এইবাৰ বুয়েনছ আয়াৰ্ছত চাৰিটা স্বৰ্ণ আৰু লীমাত ৭টা স্বৰ্ণসহ মুঠ ৮টা পদক লাভ কৰে ।
মিউনিখত ৭৮খন দেশৰ প্ৰায় ৭০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । প্ৰতিজন ব্যক্তিগত স্বৰ্ণ পদক বিজয়ীয়ে এই ডিচেম্বৰ মাহত ডোহাত অনুষ্ঠিত হ’বলগীয়া আই এছ এছ এফৰ বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব ।
লগতে পঢ়ক : কানাডাৰ যুৱ সাঁতোৰবিদৰ ইতিহাস ৰচনা: ২০০ মিটাৰ ব্যক্তিগত মেডলীত বিশ্ব অভিলেখ ভংগ

