ETV Bharat / sports

বিশ্ব টাইকোৱাণ্ডো পুমচে চেম্পিয়নশ্বিপ: ভাৰতক প্ৰতিনিধিত্ব আঠ অসমীয়া খেলুৱৈৰ

শীতৰ মায়াময় নিশা হংকং কলেজিয়ামত এক ৰঙীন আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান ৷

WORLD TAEKWONDO POOMSAE
বিশ্ব টাইকোৱাণ্ডো পুমচে চেম্পিয়নশ্বিপ: ভাৰতক প্ৰতিনিধিত্ব আঠ অসমীয়া খেলুৱৈৰ (Gitika Talukdar)
author img

By ETV Bharat Assamese Team

Published : December 2, 2024 at 4:49 PM IST

|

Updated : December 2, 2024 at 5:39 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ক্ৰীড়াৰ ক্ষেত্ৰখনত শেহতীয়াকৈ অসমৰ ইগৰাকীৰ পিছত সিগৰাকী খেলুৱৈয়ে দেশীয় পৰ্যায়তে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ৷ সেয়া লাগিলে যি কোনো খেলতেই নহওক কিয় ৷

অসমৰ খেল জগতখনৰ বাবে আৰু এটা ভাল লগা খবৰ- ৩০ নৱেম্বৰৰ নিশাৰ পৰা হংকঙত অনুষ্ঠিত হোৱা বিশ্ব টাইকোৱাণ্ডো পুমচে চেম্পিয়নশ্বিপত ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰিছে আঠগৰাকীকৈ অসমৰ খেলুৱৈয়ে ৷

বিশ্ব টাইকোৱাণ্ডো পুমচে চেম্পিয়নশ্বিপ: ভাৰতক প্ৰতিনিধিত্ব আঠ অসমীয়া খেলুৱৈৰ (Gitika Talukdar)

এই আঠগৰাকী খেলুৱৈ হৈছে ক্ৰমে হৰ্ষ সিনহা, এৰিণ নবিছ, দেৱ দাস কুমাৰ ৰয়, নৈতিতিক সুমন কলিতা, সৰস্বতী দেৱী, ভাৰ্গৱী সোণোৱাল, লেনিচা নাৰ্জাৰী আৰু জিজ্ঞাসা ফুকন ৷ ই টিভি ভাৰতক হংকঙৰ পৰা এই কথা জানিবলৈ দিছে টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্টচ এণ্ড স্পৰ্টছ এছ’চিয়েশ্বন অৱ আছামৰ সভানেত্ৰী গীতিকা তালুকদাৰে ৷

WORLD TAEKWONDO POOMSAE
উদ্বোধনী অনুষ্ঠানত বিশ্ব টাইকোৱাণ্ডো সংস্থাৰ উপাধ্যক্ষ তথা এচিয়ান টাইকোৱাণ্ডো সংস্থাৰ অধ্যক্ষ ক্যু চিয়ক লি আৰু এচিয়ান টাইকোৱাণ্ডো সংস্থাৰ কাউঞ্চিল মেম্বাৰ জুংকুক হ্য়ুনৰ সৈতে গীতিকা তালুকদাৰ (ETV Bharat Assam)

তেওঁ কয় যে ইতিমধ্যে অসমৰ এগৰাকী খেলুৱৈ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে আৰু বাকীসকলেও ৩ আৰু ৪ ডিচেম্বৰত তেওঁলোকৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিব ৷ ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

WORLD TAEKWONDO POOMSAE
ভাৰতক প্ৰতিনিধিত্ব আঠ অসমীয়া খেলুৱৈ (Gitika Talukdar)

উল্লেখ্য যে ৩০ নৱেম্বৰৰ নিশা হংকং কলেজিয়ামত এক ৰঙীন আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান ৷ চেম্পিয়নশ্বিপৰ প্ৰথম দিনটোতে ৭টা সোণৰ পদক প্ৰদানৰ লগে লগে আৰু ৰঙীন হৈ উঠে উদ্বোধনী অনুষ্ঠানটো ।

WORLD TAEKWONDO POOMSAE
হংকঙত বিশ্ব টাইকোৱাণ্ডো পুমচে চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান (Gitika Talukdar)

মুকলি অনুষ্ঠানৰ আৰম্ভণিতে ৰঙীন পেৰেড আৰু বিশ্ব টাইকোৱাণ্ডোৰ উপ-সভাপতি তথা এছিয়ান টাইকোৱাণ্ডো এছ’চিয়েশ্বনৰ সভাপতি গ্ৰেণ্ড মাষ্টাৰ কিউ চেক লীয়ে ভাষণ প্ৰদান কৰে ।

চীনা টাইপেইৰ ইউ হছুয়ান লিন আৰু কোৰিয়াৰ জিহেই পাৰ্কে ক্ৰমে স্বীকৃতিপ্ৰাপ্ত পূমছাই মহিলা জুনিয়ৰ আৰু মহিলা কেডেট শাখাত জয়লাভ কৰি চেম্পিয়নশ্বিপৰ প্ৰথমটো সোণৰ পদক লাভ কৰে । প্ৰথমদিনাই পদক তালিকাৰ শীৰ্ষস্থান দখল কৰা আমেৰিকাই তিনিটাকৈ সোণৰ পদক লাভ কৰে ।

WORLD TAEKWONDO POOMSAE
হংকঙত বিশ্ব টাইকোৱাণ্ডো পুমচে চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান (Gitika Talukdar)

৬০ বছৰৰ তলৰ মহিলা শাখাত এলভা এডামছ বিজয়ী হয় আৰু ৬০ বছৰৰ উৰ্দ্ধৰ পুৰুষ দল আৰু ৬০ বছৰৰ তলৰ যুটীয়া ইভেণ্টত আমেৰিকাই জয়লাভ কৰে ।

উদ্বোধনী অনুষ্ঠানত বিশ্ব টাইকোৱাণ্ডোৰ উপ-সভাপতি কিউ চেক লি, মহাসচিব জেয়ংকাং ছিও, পৰিষদৰ সদস্য মহম্মদ শ্বাবান, হংকং, চীন টাইকোৱাণ্ডো এছ’চিয়েশ্বনৰ সভাপতি লুই চিং, কুকিৱনৰ সভাপতি ডং ছুপ লি আৰু এছিয়ান টাইকোৱাণ্ডো ইউনিয়নৰ মহাসচিব জং হিয়ন উপস্থিত থাকে ।

WORLD TAEKWONDO POOMSAE
হংকং কলেজিয়ামত ৰঙীন-বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্বোধনী অনুষ্ঠান (Gitika Talukdar)

৭৭ টা এম এন এক প্ৰতিনিধিত্ব কৰা মুঠ ১,৭২৭ জন খেলুৱৈৰ লগতে ব্যক্তিগত নিৰপেক্ষ খেলুৱৈ (এ আই এন)য়েও এই হংকং ২০২৪ বিশ্ব টাইকোৱাণ্ডো পুমছে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক: মই বিচাৰো বৰপথাৰৰ পৰা অলিম্পিকলৈ আৰু খেলুৱৈ যাব লাগে: লাভলীনা

Last Updated : December 2, 2024 at 5:39 PM IST