অবৈধ বেটিং এপৰ সৈতে জড়িতৰ সন্দেহত ক্ৰিকেটাৰ শিখৰ ধৱনলৈ ই ডিৰ চমন
অবৈধ বেটিং এপৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত জড়িত থকাৰ সন্দেহত জেৰা কৰিবলৈ ক্ৰিকেটাৰগৰাকীলৈ চমন কৰিছে ই ডিয়ে ।

By PTI
Published : September 4, 2025 at 2:40 PM IST
নতুন দিল্লী: সংবাদ চৰ্চালৈ আহিছে ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধৱন ৷ টীম ইণ্ডিয়াৰ প্ৰাক্তন বাওঁহতীয়া অপেনিং বেটছমেন শিখৰ ধৱনৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ দিল্লীৰ ৩৯ বছৰীয়া ক্ৰিকেটাৰগৰাকী অবৈধ বেটিং এপৰ সৈতে সম্পৰ্কিত ধন সৰবৰাহৰ গোচৰত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডিয়ে জাৰি কৰিছে চমন ৷
পি টি আইৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয় ক্ৰিকেটাৰগৰাকীক অবৈধ বেটিং এপ গোচৰৰ সন্দৰ্ভত এই চমন জাৰি কৰা হৈছে । সম্প্ৰতি ধৱন ই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছে আৰু তেওঁৰ সোধাপোছা আৰম্ভ হৈছে ।
VIDEO | Delhi: Former cricketer Shikhar Dhawan arrives at Enforcement Directorate (ED) office.
— Press Trust of India (@PTI_News) September 4, 2025
The ED had summoned Dhawan for questioning in an alleged illegal betting app-linked money laundering case, official sources said. The federal probe agency will record his statement… pic.twitter.com/Oemq6zh4CN
শিখৰ ধৱনৰ ওপৰত ই ডিৰ চোকা নজৰ
চৰকাৰী সূত্ৰই জনোৱা মতে, প্ৰৱৰ্তন সঞ্চালকালয়ে শিখৰ ধৱনক বৃহস্পতিবাৰে অবৈধ বেটিং এপৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ সোধাপোছাৰ বাবে কাৰ্যালয়লৈ মাতিছে । সূত্ৰসমূহে লগতে কয় যে তদন্তকাৰী সংস্থাটোৱে 1xBET নামৰ এটা অনলাইন অবৈধ এপৰ বিৰুদ্ধে চলোৱা তদন্তৰ অংশ হিচাপে ধন সৰবৰাহ প্ৰতিৰোধ আইন (পি এম এল এ) ৰ অধীনত ক্ৰিকেটাৰগৰাকীৰ ভাষ্য ৰেকৰ্ড কৰিব ৷
ভাৰতৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে শিখৰ ধৱনে । ২০১৩ চনত ভাৰতৰ চেম্পিয়নছ ট্ৰফী বিজয়ী দলৰ অংশ আছিল এইগৰাকী ক্ৰিকেটাৰ । এম এছ ধোনীৰ অধিনায়কত্বত ক্ৰিকেটাৰগৰাকীয়ে এই প্ৰতিযোগিতাত বিস্ফোৰক প্ৰদৰ্শন দাঙি ধৰে ৷ ২০১৫ আৰু ২০১৯ চনত বিশ্বকাপ দলৰ অংশ হিচাপে ভাৰতৰ হৈ ধৱনে খেলত অংশগ্ৰহণ কৰিছে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাকো একেটা গোচৰতে ই ডিয়ে সোধাপোছা কৰিছিল ৷
একাংশ বিজ্ঞাপনৰ জৰিয়তে এই এপটোৰ সৈতে জড়িত হৈ আছে ধৱন । জেৰাৰ সময়ত ই ডিয়ে এই এপটোৰ সৈতে ক্ৰিকেটাৰগৰাকীৰ কি সম্পৰ্ক সেয়া জানিবলৈ বিচাৰিছে ৷
লগতে পঢ়ক: বেটিং এপ গোচৰত আজি ইডিয়ে জেৰা চলাব এইগৰাকী প্ৰবীণ ক্ৰিকেটাৰক - ED SUMMONS SURESH RAINA

