ফিডে মহিলা দবা বিশ্বকাপৰ খিতাপ দখল দিব্যা দেশমুখৰ, এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা তেওঁ
ফিডে মহিলা দবা বিশ্বকাপ ২০২৫ খিতাপ দখল কৰিছে দিব্যা দেশমুখে । ফাইনেলত ভাৰতৰে কনেৰু হাম্পিক পৰাস্ত কৰে দিব্যাই ।

Published : July 28, 2025 at 5:41 PM IST
হায়দৰাবাদ : ভাৰতৰ ১৯ বছৰীয়া দিব্যা দেশমুখে জৰ্জিয়াৰ বাটুমিত অনুষ্ঠিত ফিডে মহিলা বিশ্বকাপ ২০২৫ৰ খিতাপ দখল কৰে । তেওঁ এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় আৰু ৮৮তম ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হয় ।
সোমবাৰে টুৰ্ণামেণ্টৰ ফাইনেলৰ টাইব্ৰেকত দিব্যা দেশমুখে ভাৰতৰে কনেৰু হাম্পিক ২.৫-১.৫ স্ক’ৰত পৰাস্ত কৰি প্ৰথমগৰাকী ভাৰতীয় চেম্পিয়ন হিচাপে পৰিগণিত হয় । দেশমুখে এতিয়া প্ৰায় ৪৩.২৩ লাখ টকা (৫০,০০০ ডলাৰ) পুৰস্কাৰ লাভ কৰিব, আনহাতে হাম্পিয়ে লাভ কৰিব ৩০.২৬ লাখ টকা (৩৫,০০০ ডলাৰ) ।
টাইব্ৰেকত জয়লাভ কৰে দিব্যা দেশমুখে
এই ফাইনেলৰ ফলাফল টাইব্ৰেকত উপনীত হয় কাৰণ ফাইনেলত দুখন ধ্ৰুপদী খেলৰ অন্তত দুয়োগৰাকী খেলুৱৈয়ে ১-১ ত সমতা স্থাপন কৰে । যাৰ বাবে ফলাফল নিৰ্ভৰ কৰিছিল ১০ মিনিটৰ দুখন ৰেপিড মেচৰ ফলাফলৰ ওপৰত, য’ত প্ৰতিটো খোজৰ পিছত সময় ১০ ছেকেণ্ড বৃদ্ধি পাইছিল ।
🇮🇳 Divya Deshmukh defeats Humpy Koneru 🇮🇳 to win the 2025 FIDE Women's World Cup 🏆#FIDEWorldCup @DivyaDeshmukh05 pic.twitter.com/KzO2MlC0FC
— International Chess Federation (@FIDE_chess) July 28, 2025
ৰেপিড গেম ১ত দিব্যাই টছত জয়লাভ কৰি বগা মোহৰাৰে আৰম্ভ কৰাৰ সিদ্ধান্ত লয় । ১৯ বছৰীয়া দিব্যাই খেলখন আগ্ৰাসীভাৱে আৰম্ভ কৰি হাম্পিক সময় নষ্ট কৰিবলৈ বাধ্য কৰে । সময় শেষ হৈ আহিছিল আৰু হাম্পি হেঁচাত পৰিছিল যদিও তেওঁ নিজৰ স্থিৰতা ৰাখি নিজৰ ৰাণীৰ সৈতে প্ৰতিপক্ষক আক্ৰমণ কৰিবলৈ ধৰিলে ।
হেঁচাত পৰি দিব্যাই অৱশেষত ভুল কৰি নিজৰ মোহৰাক অসংৰক্ষিত কৰি হাম্পিক আক্ৰমণ কৰিবলৈ সুবিধা কৰি দিলে । হাম্পিয়ে দিব্যাক ৰাণী সলনি কৰিবলৈ উচটনি দিছিল যদিও মহাৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে নাকচ কৰে আৰু দুয়োগৰাকী খেলুৱৈৰ মাজত টাই হৈছিল ।
Divya’s hug to her mom says everything ❤️#FIDEWorldCup @DivyaDeshmukh05 pic.twitter.com/jeOa6CjNc1
— International Chess Federation (@FIDE_chess) July 28, 2025
ৰেপিড গেম ২ত ১৯ বছৰীয়া দিব্যাই পুনৰবাৰ উজ্জ্বল আৰম্ভণি কৰি হাম্পিক নিজৰ সীমালৈ ঠেলি দিয়ে । তিনিবাৰৰ অলিম্পিয়ান স্বৰ্ণপদক বিজয়ী দিব্যাই ৪০ সংখ্যক খোজত বিৰতি লাভ কৰিছিল যেতিয়া তেওঁৰ প্ৰতিদ্বন্দ্বীয়ে মোহৰাৰ সৈতে ভুল কৰিছিল, যাৰ ফলত যুৱখেলুৱৈগৰাকীয়ে নিজৰ ৰাণীক সক্ৰিয় কৰিবলৈ সক্ষম হৈছিল । অনুভবী দিব্যাই সংগ্ৰাম কৰিছিল আৰু ই আছিল ৰুক এণ্ডগেম, য'ত যুৱ খেলুৱৈগৰাকীৰৰ হাতত অতিৰিক্ত মোহৰা আছিল ।
শেষ মুহূৰ্তত হাম্পিয়ে কৰা এটা ভুলে দিব্যাৰ জয়ৰ দুৱাৰ মুকলি কৰি দিয়ে আৰু অৱশেষত ৭৫ সংখ্যক খোজত পৰাজয় স্বীকাৰ কৰে প্ৰবীণ খেলুৱৈগৰাকীয়ে । এই জয়েৰে দিব্যাই প্ৰাৰ্থী প্ৰতিযোগিতাৰ বাবেও অৰ্হতা নিশ্চিত কৰিছে ।
জয়ৰ পিছত কি ক'লে দিব্যা দেশমুখে
দিব্যা দেশমুখে এই জয়ৰ পিছত কয়, "এইটো বুজিবলৈ সময় লাগে । মই ভাবো যে ভাগ্যৰ কথা আছিল যে মই এনেকৈ গ্ৰেণ্ডমাষ্টাৰৰ খিতাপটো পাইছো । এই প্ৰতিযোগিতাখনৰ আগতে মোৰ এটাও মানদণ্ড নাছিল । সঁচাকৈয়ে ইয়াৰ অৰ্থ বহুত । এতিয়াও বহুখিনি লাভ কৰিবলগীয়া আছে । আশাকৰোঁ এইটো মাত্ৰ আৰম্ভণিহে ।" এই বিজয়ৰ পিছত দিব্যাক আবেগিক দেখা গৈছিল আৰু মাতৃৰ সৈতে উদযাপন কৰি থাকোঁতে তেওঁৰ চকু চকুলোৰে ভৰি পৰিছিল ।
🇮🇳 Divya Deshmukh, just 19 years old, is the Winner of the 2025 FIDE Women’s World Cup! 🏆
— International Chess Federation (@FIDE_chess) July 28, 2025
With this incredible victory, she:
✨ Becomes a Grandmaster
✨ Secures a spot at the next Women’s Candidates#FIDEWorldCup @DivyaDeshmukh05 pic.twitter.com/fNlkRrzvr1
কোন দিব্যা দেশমুখ
২০০৫ চনত নাগপুৰত জন্মগ্ৰহণ কৰা দিব্যা দেশমুখে সৰুৰে পৰা দবা খেল ভাল পাইছিল আৰু ৫ বছৰ বয়সৰ পৰাই খেলিবলৈ আৰম্ভ কৰিছিল । তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই চিকিৎসক হোৱাৰ বাবে তেওঁৰ পৰিয়ালৰ দবা খেলৰ সৈতে কোনো সম্পৰ্ক নাছিল ।
২০১২ চনত দিব্যাই ৭ বছৰ বয়সত অনূৰ্ধ্ব-৭ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত আধিপত্য বিস্তাৰ কৰি প্ৰতিযোগিতাখনত জয়লাভ কৰে । ২০২১ চনত মহিলা গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ লাভ কৰা দিব্যায়ে ২০২৩ চনত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰৰ খিতাপো লাভ কৰিছে । এইবাৰ তেওঁ ২০২৫ চনৰ ফিডে মহিলা দবা বিশ্বকাপৰ খিতাপো দখল কৰে ।

