ETV Bharat / sports

আই পি এল 2025: দিল্লী কেপিটেলছৰ অধিনায়কৰ নাম ঘোষণা

অৱশেষত শুকুৰবাৰে দিল্লী কেপিটেলছে নিজৰ অধিনায়কৰ নাম ঘোষণা কৰে । কোনগৰাকী খেলুৱৈৰ ওপৰত দিয়া হৈছে এই গুৰু দায়িত্ব ?

IPL 2025
দিল্লী কেপিটেলছৰ দলটোৰ একাংশ (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : March 14, 2025 at 4:37 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক সংস্কৰণৰ পূৰ্বে শুকুৰবাৰে দিল্লী কেপিটেলছে নিজৰ অধিনায়কৰ নাম ঘোষণা কৰে । দিল্লী কেপিটেলছে আই পি এল ২০২৫ ৰ অধিনায়ক হিচাপে ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ অক্ষৰ পেটেলক নিযুক্তি দিছে ।

দিল্লী কেপিটেলছৰ অধিনায়ক হ’ল অক্ষৰ পেটেল

২০১৯ চনৰ পৰা দিল্লী কেপিটেলছৰ সৈতে থকা অক্ষৰ পেটেলক মেগা নিলামৰ পূৰ্বে ১৬.৫০ কোটি টকাৰ বিপুল ধনত দলত ৰখা হৈছিল । লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ নেতৃত্ব দিয়া ঋষভ পন্তৰ ঠাইত দিল্লী কেপিটেলছৰ অধিনায়ক হ’ব অক্ষৰ পেটেল ।

দলটোৰ সৈতে ছয়টাকৈ ছিজনত পেটেলে খেলিছে ৮২ খন খেল । এই সময়ছোৱাত খেলুৱৈগৰাকীয়ে ৭.০৯ ৰাণৰ উৎকৃষ্ট বলিং ইক’ন’মিৰে ৯৬৭ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে লাভ কৰিছে ৬২ টা উইকেট ৷

সামগ্ৰিকভাৱে অক্ষৰে ১৫০ খন আই পি এল মেচ খেলিছে ৷ ২০১৬ চনত কিংছ একাদশ পঞ্জাৱ (বৰ্তমান পঞ্জাব কিংছ) ৰ হৈ ৫ টা বলত ৪ টা উইকেটৰ হেট্ৰিককে ধৰি ১,৬৫৩ ৰাণ সংগ্ৰহ কৰাৰ লগতে ১২৩ টা উইকেট দখল কৰিছে ।

অধিনায়কত্বৰ বাবে সাজু অক্ষৰ

ফ্ৰেঞ্চাইজিটোৱে প্ৰকাশ কৰা এক বিবৃতিত অক্ষৰ পেটেলে কয় যে, ‘‘দিল্লী কেপিটেলছৰ অধিনায়ক হোৱাটো মোৰ বাবে এক সন্মান ৷ মোৰ দলৰ স্বত্বাধিকাৰী আৰু সহায়ক কৰ্মচাৰীসকলে মোৰ ওপৰত যি আস্থা প্ৰকাশ কৰিছে, তাৰ বাবে মই অতিশয় কৃতজ্ঞ’’ ।

তেওঁ লগতে কয়, ‘‘কেপিটেলছত মোৰ কাৰ্যকালত মই এজন ক্ৰিকেটাৰ আৰু এজন ব্যক্তি হিচাপে নিজকে উন্নত কৰাৰ সুযোগ পাইছো ৷ এই দলটোক নেতৃত্ব দিবলৈ মই সাজু আৰু তাৰবাবে মই আত্মবিশ্বাসী অনুভৱ কৰিছো । আমাৰ প্ৰশিক্ষক আৰু স্কাউটসকলে মেগা নিলামত এক শক্তিশালী দল গঠন কৰি এক সুন্দৰ কাম কৰিছে ৷ যাৰ খিতাপ দখল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । অনুৰাগীৰ অপৰিসীম মৰম আৰু সমৰ্থনৰ সৈতে কেপিটেলছৰ বাবে অতি সফল ছিজনৰ বাবে আমি দলত যোগদান কৰিবলৈ আগ্ৰহী’’ ।

ঘৰুৱা ক্ৰিকেটত অধিনায়কত্বৰ অভিজ্ঞতা

অক্ষৰ পেটেলৰ আই পি এলৰ অধিনায়কত্বৰ অভিজ্ঞতা সীমিত যদিও তেওঁ ঘৰুৱা ক্ৰিকেটত গুজৰাটক নেতৃত্ব প্ৰদান কৰিছিল ৷ চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতৰ টি-২০ শৃংখলাত দলৰ সহ-অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

বৰ্তমান অক্ষৰৰ নেতৃত্বাধীন দিল্লী কেপিটেলছৰ দলটোৱে ২৪ মাৰ্চত বিশাখাপট্টনমৰ এ চি এ - ভি ডি চি এ ক্ৰিকেট ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আই পি এল ২০২৫ ত অভিযান আৰম্ভ কৰিব ।

আই পি এলৰ বিগত ছিজনত তেওঁ প্ৰায় ৩০ ৰাণৰ গড়ে মুঠ ২৩৫ ৰাণ সংগ্ৰহ কৰি ৭.৬৫ ইক‘ন’মিৰে ১১ টা উইকেট দখল কৰিছিল । ভাৰতৰ বিগত দুটা আই চি চি খিতাপ জয়ত ক্ৰিকেটাৰগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । বিগত বৰ্ষৰ টি-২০ বিশ্বকাপৰ দৰে অক্ষৰে ভাৰতৰ চেম্পিয়নছ ট্ৰফী অভিযানতো দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে ।

লগতে পঢ়ক: ৰাজস্থান ৰ'য়েলছ বনাম কলকাতা নাইট ৰাইৰ্ডাছৰ খেলৰ টিকট মুকলি - IPL 2025