এদিনীয়া ৰেংকিঙত উল্লেখনীয় উত্তৰণ দীপ্তি শৰ্মাৰ
আই চি চিৰ শেহতীয়া এদিনীয়া ৰেংকিঙত দুটা স্থান জাঁপ মাৰি পঞ্চম স্থান দখল দীপ্তি শৰ্মাৰ ।

By ANI
Published : September 23, 2025 at 6:00 PM IST
নতুন দিল্লী : আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপৰ পূৰ্বে বহুকেইগৰাকী খেলুৱৈয়ে শেহতীয়া এদিনীয়া ৰেংকিঙত উল্লেখযোগ্য উত্থান ঘটাইছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুটা উইকেটৰ সহায়ত ভাৰতৰ দীপ্তি শৰ্মাই দুটা স্থান জঁপিয়াই পঞ্চম স্থান (৬৫১) দখল কৰে ।
পাকিস্তানে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰু ভাৰত-অষ্ট্ৰেলিয়াৰ মুখামুখিৰ সময়ত চাৰিওখন দেশৰ খেলুৱৈয়ে বিশেষকৈ বেটৰ সৈতে নিজৰ স্থান উন্নীত কৰা বুলি আই চি চিৰ ৱেবছাইটত প্ৰকাশ পাইছে ।
ভাৰতীয় ছীমাৰ ক্ৰান্তি গৌড়ে (৩৯ ৰ পৰা ২৩ সংখ্যক স্থান) আন্তঃৰাষ্ট্ৰীয় মেচত সুন্দৰ আৰম্ভণি অব্যাহত ৰাখিছে । আনহাতে, ইংলেণ্ডৰ ছফী এক্লেষ্টনে (৭৯৫ ৰেটিং পইণ্ট) আগন্তুক বিশ্বকাপৰ পূৰ্বে শীৰ্ষ ৰেংকিঙৰ এদিনীয়া বলাৰ হিচাপে ৮৫ পইণ্ট দখল কৰিছে । প্ৰতিকূল পৰিস্থিতিৰ মাজতো লাহোৰত ৩৬ ৰানৰ বিনিময়ত দুটা উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাৰ আয়াবংগা খাকাই তিনিটা স্থান অতিক্ৰম কৰি ১৫ নম্বৰ (৫৪৮) স্থানত উপনীত হৈছে ।
লাহোৰত অনুষ্ঠিত প্ৰটিয়াছ ছিৰিজৰ জয়ত ক্ৰমাগত অপৰাজিত শতাধিক ৰান সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাৰ বেটাৰ টাজমিন ব্ৰিটছে মহিলাৰ এদিনীয়া বেটিং ৰেংকিঙত আটাইতকৈ উল্লেখযোগ্য প্ৰদৰ্শনেৰে ১৫ নম্বৰ স্থানৰ পৰা ষষ্ঠ স্থান (৬৬৯ ৰেটিং পইণ্ট) দখল কৰিছে । ব্ৰিটছৰ ২০২৫ কেলেণ্ডাৰ বৰ্ষত গড় হৈছে ৯১.১৮ । তেওঁ ৯৪.১৪ ষ্ট্ৰাইক ৰেটেৰে ৬৪৩ ৰান সংগ্ৰহ কৰিছে । ২০২৩ চনৰ ছেপ্টেম্বৰৰ আৰম্ভণিতে ৭৩ নং ৰেংকিঙৰ বেটাৰ হিচাপে পৰিগণিত হোৱা ব্ৰিটছে নাটকীয় উত্থান অব্যাহত ৰাখিছে ।
ইফালে পাকিস্তানৰ ছিদ্ৰা আমিনে ১০ নম্বৰ স্থানত উপনীত হৈছে । তিনিখন মেচৰ শৃংখলাত আমিনে অপৰাজিত ১২১ ৰান, ১২২ আৰু অপৰাজিত ৫০ ৰান সংগ্ৰহ কৰে ।
৬৩৬ পইণ্টৰ ৰেটিং হৈছে সোঁহতীয়া আমিনৰ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেটিং । বৰ্তমান তেওঁ শীৰ্ষ ১০ স্থানৰ পৰা মাত্ৰ ১৯ পইণ্ট দূৰৈত ১৩ নম্বৰ স্থানত আছে । ইফালে বেথ মুনীয়ে দুটা স্থান উন্নীত হৈ শীৰ্ষ দুইত স্থান দখল কৰি (৭২৭ পইণ্ট) আছে । অৱশ্যে এতিয়াও শীৰ্ষত থকা স্মৃতি মান্ধনাৰ পৰা যথেষ্ট দূৰত্বত আছে । কেৰিয়াৰৰ সৰ্বোচ্চ ৰেটিং ৮১৮ লৈ মান্ধনা শীৰ্ষত আছে । ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাত স্মৃতিয়ে ক্ৰমাগত দুটা শতক অৰ্জন কৰে ।
ক্ৰিকেট বিশ্বকাপত চকু ৰাখিবলগীয়া আনকেইটামান উল্লেখযোগ্য উত্থানৰ ভিতৰত আছে আছে অষ্ট্ৰেলিয়াৰ জৰ্জিয়া ভল আৰু পাকিস্তানৰ নাটালিয়া পাৰভেজ । তেওঁলোকে শীৰ্ষ ১০০ ৰ বাহিৰত থকাৰ পৰা ক্ৰমে ৬৩ আৰু ৫৪ নম্বৰ স্থানলৈ উন্নীত হৈছে ।
দক্ষিণ আফ্ৰিকাৰ মাৰিজান কেপে আই চি চি মহিলাৰ এদিনীয়া অল ৰাউণ্ডাৰ ৰেংকিঙৰ শীৰ্ষত থকা এশ্ব গাৰ্ডনাৰৰ কাষ চাপিছে । তেওঁ ক্ৰমাগত মেচত এটা শতক আৰু দুটা উইকেটৰ সৈতে হেলী মেথিউছক অতিক্ৰম কৰি দ্বিতীয় (৪২০) স্থান দখল কৰিছে ।
বলৰ সৈতে ৯ টা স্থান উন্নীত কৰি ৩০ নম্বৰ স্থানত (১২৮ পইণ্ট) স্থান পোৱা টাহলিয়া মেকগ্ৰাথো মেগা প্ৰতিযোগিতাখনৰ বাবে সাজু হোৱা দেখা গৈছে ।

