ETV Bharat / sports

বাৰেকুৰিত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা;অৰুণাচলৰ লেকাং স্পৰ্টছ ক্লাৱৰ জয়লাভ

বিগত বছৰৰ দৰে বাৰেকুৰিত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি । চূড়ান্ত খেলত ৪-১ গ'লত বিজয়ী অৰুণাচলৰ লেকাং স্পৰ্টছ ক্লাবৰ দল ।

football tournament
বাৰেকুৰিত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 22, 2024 at 2:25 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ ২১ খনকৈ গাঁৱেৰে গঠিত বাৰেকুৰি অঞ্চলৰ ফুটবল দলে দুভৰিৰ যাদুৰে ইতিমধ্যে মন জয় কৰিছে ৰাজ্যবাসীৰ । ফুটবল বুলি ক'লেই বাৰেকুৰিত আছে এক সুকীয়া মাত্ৰা । সেই বাৰেকুৰিৰেই যজ্ঞোখোৱা ৰাজহুৱা খেলপথাৰত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত যজ্ঞোখোৱা জ্যোতিৰ্ময় যুৱ সংঘৰ উদ্যোগত ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা দশম বাৰ্ষিক দিবা-নৈশ প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ শনিবাৰে নিশা সফলভাৱে সামৰণি পৰে ।

ফুটবল প্ৰতিযোগিতা

বাঘজান স্পৰ্টছ ক্লাৱ বনাম অৰুণাচল প্ৰদেশৰ লেকাং স্পৰ্টছ ক্লাবৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলৰ আনুষ্ঠানিক কাৰ্যসূচীৰ আঁতধৰে বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ সম্পাদক মানৱ চেতিয়াই আৰু চূড়ান্ত খেলখনৰ শুভ উদ্বোধন কৰে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই । পৰৱৰ্তী সময়ত কেইবাশ দৰ্শকৰ উপস্থিতিত ৯০ মিনিটৰ অতি উত্তেজনাপূৰ্ণ খেল সমাপ্ত হয় ।

বাৰেকুৰিত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা (ETV Bharat)

অৰুণাচল প্ৰদেশৰ লেকাং স্পৰ্টছ ক্লাৱৰ জয়লাভ

অৰুণাচল প্ৰদেশৰ লেকাং স্পৰ্টছ ক্লাৱৰ ফুটবল দলে বাঘজান স্পৰ্টছ ক্লাৱৰ ফুটবল দলক ৪-১ গ'লত পৰাস্ত কৰি বিজয়ী হয় । চূড়ান্ত খেল শেষ হোৱাৰ পাছতে প্ৰতিদ্বন্দ্বিতা কৰা বিজয়ী দল অৰুণাচল প্ৰদেশৰ লেকাং স্পৰ্টছ ক্লাৱক নগদ ৩০ হাজাৰ টকাসহ ট্ৰফী আৰু বিজিত দল বাঘজান স্পৰ্টছ ক্লাবক নগদ ২০ হাজাৰ টকাসহ ট্ৰফী প্ৰদান কৰে উদ্যোক্তাই । সমান্তৰালভাৱে শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গ'লকীপাৰকো বঁটা প্ৰদান কৰা হয় ।

উক্ত অনুষ্ঠানত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ নীল ফুকন, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ অৰুণজ্যোতি মৰাণ, অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়া, সাধাৰণ সম্পাদক জয়কান্ত মৰাণ, আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমৰজ্যোতি গোঁহাই, আছুৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰতীম নেওগকে ধৰি বহুকেইগৰাকী অতিথিৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে, বাৰেকুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ ফুটবল দলে ১৪ ডিচেম্বৰত দ্বিতীয় প্ৰটেক্ট গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগত গুৱাহাটীৰ চানৰাইছ্‌ এথলেটিক ক্লাৱক ১৩-১ গ'লত পৰাস্ত কৰি সৰ্বাধিক গ'লৰ অভিলেখ গঢ়ি বাৰেকুৰিলৈ গৌৰৱ কঢ়িয়াই অনা বাৰেকুৰিৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ ফুটবল দলটোক ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :মহাধিবক্তা পদ বিতৰ্ক; দেৱজিৎ লন শইকীয়াৰ বিৰুদ্ধে দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ দেবব্ৰত শইকীয়াৰ - ADVOCATE GENERAL OF ASSAM