ETV Bharat / sports

ইতিহাস ৰচি বিশ্ব দবা চেম্পিয়নশ্বিপৰ নতুন সম্ৰাট ডি গুকেশ

ভাৰতৰ গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে বিশ্ব দবা চেম্পিয়নশ্বিপ ২০২৪ জিকি ইতিহাস সৃষ্টি কৰিছে। তেওঁ আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হৈছে।

WORLD CHESS CHAMPIONSHIP 2024
ডি গুকেশ (ANI Photo)
author img

By ETV Bharat Sports Team

Published : December 12, 2024 at 7:40 PM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক: দবা জগতৰ বাবে এক সুখবৰ ৷ বৃহস্পতিবাৰে বিশ্ব দবা চেম্পিয়নশ্বিপৰ (ডব্লিউ চি চি) 14 নং খেলখনত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি ভাৰতৰ গ্ৰেণ্ডমাষ্টাৰ ডোমৰাজু গুকেশে সৰ্বকনিষ্ঠ বিশ্ব দবা চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ৷

মাত্ৰ 18 বছৰ বয়সতে ভাৰতৰ ডি গুকেশে চতুৰ্দশ তথা অন্তিমখন খেলত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰিছে । 6.5-6.5 পইণ্টৰে আৰম্ভ হোৱা খেলখন অন্তিম পৰ্যায়ত অমীমাংসিত হোৱাৰ দিশে গতি কৰা যেন হৈছিল যদিও গুকেশে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় । চীনা খেলুৱৈ ডিং লিৰেনৰ এটা ভুলৰ বাবেই গুকেশে খেলখনত জয়লাভ কৰে ।

2012 চনত বিশ্বনাথন আনন্দৰ পিছত বিশ্ব দবা চেম্পিয়নৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয়ত পৰিণত হৈছে গুকেশ । দেশৰ দবাক্ষেত্ৰৰ লগতে গুকেশৰ বাবেও এই বছৰটো আছিল এটা সাফল্যমণ্ডিত বছৰ ৷ চলিত বছৰতে প্ৰাৰ্থীগৰাকীয়ে দবা অলিম্পিয়াডত স্বৰ্ণ জয় কৰিছিল ।

গুকেশ এই অবিশ্বাস্য কৃতিত্ব অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় ৷ ভাৰতৰ কিংবদন্তী দবা খেলুৱৈ তথা প্ৰাক্তন গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দ এই অভিজাত তালিকাৰ অংশ হোৱা একমাত্ৰ ভাৰতীয় । আনন্দে 5 বাৰকৈ বিশ্ব দবা চেম্পিয়নশ্বিপৰ আকাংক্ষিত খিতাপ জয় কৰিছে ।

বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ দবা খেলৰ আটাইতকৈ সন্মানীয় সাফল্য । 1886 চনৰ পৰা মাত্ৰ 17 গৰাকী খেলুৱৈয়ে বিশ্ব দবা চেম্পিয়নৰ এই আকাংক্ষিত খিতাপ দখল কৰিছে । এই তালিকাত স্থান লাভ কৰা গুকেশ সম্প্ৰতি 18 নং বিশ্ব দবা চেম্পিয়নত পৰিণত হৈছে ।

লগতে পঢ়ক: 17 বছৰীয়া ডি গুকেশৰ শিৰত বিশ্ব চেম্পিয়নৰ খিতাপ - FIDE Candidates 2024