ETV Bharat / sports

দবা চেম্পিয়ন ডি গুকেশসহ ৪ গৰাকী খেলুৱৈক খেল ৰত্ন বঁটা প্ৰদান

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান । খেল ৰত্ন বঁটা, অৰ্জুন বঁটা আৰু দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে ।

Khel Ratna award
দবা চেম্পিয়ন ডি গুকেশসহ ৪ গৰাকী খেলুৱৈক খেল ৰত্ন বঁটা প্ৰদান (ANI)
author img

By ETV Bharat Assamese Team

Published : January 17, 2025 at 2:50 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰা ভাৰতীয় শ্বুটাৰ মনু ভাকৰ, বিশ্ব দবা চেম্পিয়ন গুকেশ ডোমাৰাজু, ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু পেৰা এথলীট প্ৰবীণ কুমাৰক সন্মানীয় মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা প্ৰদান কৰা হয় । শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে খেলুৱৈসকলক এই বঁটা প্ৰদান কৰে । ইয়াৰ পূৰ্বে ২ জানুৱাৰীত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে এক বিবৃতিযোগে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৪ লাভ কৰাসকলৰ নাম ঘোষণা কৰিছিল ।

ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠান

Khel Ratna award
প্ৰবীণ কুমাৰক খেল ৰত্ন বঁটা প্ৰদান (ANI)

ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৫ প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত হয় য'ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে খেল ৰত্ন, অৰ্জুন বঁটা আৰু দ্ৰোণাচাৰ্য বঁটা প্ৰাপকসকলক বঁটা প্ৰদান কৰে ।

উল্লেখ্য যে মহিলাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত তৃতীয় স্থান লাভ কৰাৰ পিছতে মনু ভাকৰে অলিম্পিকত ভাৰতৰ পদকৰ তালিকা মুকলি কৰে । যাৰ ফলত ভাৰতৰ হৈ অলিম্পিক পদক জয় কৰা তেওঁ প্ৰথমগৰাকী মহিলা শ্বুটাৰ হৈ পৰে । তাৰ পিছত সৰবজ্যোত সিং আৰু মনু ভাকৰে ১০ মিটাৰ এয়াৰ পিষ্টল (মিক্সড টীম) ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

Khel Ratna award
মনু ভাকৰক খেল ৰত্ন বঁটা প্ৰদান (ANI)

ইফালে গুকেশৰ সফলতা ২০২৪ চনত ভাৰতীয় ক্ৰীড়াৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ আছিল । গুকেশে শেহতীয়াকৈ ছিংগাপুৰত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ নিৰ্ণায়ক মেচত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি ইতিহাস ৰচনা কৰে । ইয়াৰ লগে লগে ১৮ বছৰ বয়সত বিশ্ব চেম্পিয়ন হোৱা সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে তেওঁ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় । বিশ্বনাথন আনন্দৰ পিছত তেওঁ ভাৰতৰ দ্বিতীয় বিশ্ব দবা চেম্পিয়ন হৈ পৰে । পেৰা এথলীট প্ৰবীণ কুমাৰে পেৰালিম্পিক ২০২৪ত পুৰুষৰ হাই জাম্প টি৬৪ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

Khel Ratna award
হৰমনপ্ৰীত সিঙক খেল ৰত্ন বঁটা প্ৰদান (ANI)

টকিঅ' অলিম্পিকত ভাৰতীয় হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰে । যিটো দলত হৰমনপ্ৰীত সিং অংশ । হৰমনপ্ৰীত সিং এফআইএইচ প্লেয়াৰ অফ দা ইয়েৰৰ বাবেও মনোনীত হৈছে । সিঙৰ নেতৃত্বত ভাৰতীয় দলে পেৰিছ অলিম্পিকতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

এইসকল খেলুৱৈয়ে লাভ কৰিলে অৰ্জুন বঁটা

ইফালে ভাৰতীয় পুৰুষ হকী খেলুৱৈ যৰমনপ্ৰীত সিং, সঞ্জয়, অভিষেক, সুখজিৎ সিং আৰু মহিলা হকী দলৰ অধিনায়ক চেলিমা টেটেক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয় । ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ বন্তিকা আগৰৱাল আৰু এথলীট জ্যোতি য়াৰাজীকো অৰ্জুন বঁটা প্ৰদান কৰা হয় । পেৰা এথলীট প্ৰীতি পাল, জীৱনজী দীপ্তি, অজিত সিং, শচীন চৰজেৰাও খিলাৰী, ধৰমবীৰ, প্ৰণৱ চূৰমা, হোকাটো চীমা, চিমৰণ আৰু নৱদীপকো অৰ্জুন বঁটা প্ৰদান কৰা হয় ।

দ্ৰোণাচাৰ্য বঁটা

অলিম্পিক পদক বিজয়ী স্বপ্নিল সুৰেশ কুছালে আৰু সৰবজোৎ সিং আৰু পেৰা-অলিম্পিক শ্বুটাৰ মনা আগৰৱালা আৰু ৰুবিনা ফ্ৰান্সিছকো অৰ্জুন বঁটাৰে পুৰস্কৃত কৰা হয় । প্ৰাক্তন ডেম্পো এফ চি আৰু ইষ্ট বেংগলৰ মুখ্য প্ৰশিক্ষক আৰ্মান্দো এগনেলো কোলাকোক জীৱনজোৰা শিতানত দ্ৰোণাচাৰ্য বঁটাৰে পুৰস্কৃত কৰা হয় ।

লগতে পঢ়ক :বছৰ নৌহওঁতেই নষ্ট হ'ল মনু ভাকৰৰ পদক: কি কৰিব পেৰিছ অলিম্পিক কমিটীয়ে ? - MANU BHAKER MEDALS TO REPLACED