নতুন দিল্লী: বিশ্ব চেম্পিয়ন ডি গুকেশে সোমবাৰে নৰৱে দবা প্ৰতিযোগিতাৰ সপ্তম ৰাউণ্ডত অৰ্জুন এৰিগাইছিৰ বিৰুদ্ধে প্ৰথমটো ক্লাচিকেল জয় সাব্যস্ত কৰে । ক্লাচিকেল দবাত (Classical Chess) প্ৰথমবাৰৰ বাবে বিশ্বৰ ১ নং মেগনাছ কাৰ্লছেনক পৰাস্ত কৰাৰ মাত্ৰ এদিন পিছতেই তেওঁ এই উল্লেখযোগ্য জয়লাভ কৰে । একেৰাহে জয়লাভ কৰি ১৯ বছৰীয়া ভাৰতীয়গৰাকীয়ে পইণ্ট টেবুলৰ ওপৰলৈ গতি কৰে । মেচত ৱেই য়িক পৰাস্ত কৰা ফেবিয়ানো কাৰুয়ানাৰ পিছতে পইণ্ট টেবুলৰ দ্বিতীয় স্থান দখল কৰে ডি গুকেশে ।
ভাৰতীয় খেলুৱৈ দুগৰাকীৰ মাজত হোৱা এই মুখামুখি আশানুৰূপ আছিল । অৰ্জুনে আগতীয়াকৈ অগ্ৰগতি লাভ কৰি মিডলগেমত গুকেশক আউটপ্লে কৰি আচৰিত জয়ৰ বাবে সাজু হোৱা দেখা গৈছিল । গুকেশৰ এটা ডাঙৰ ভুলে তেওঁক দুৰ্বল আৰু অৱস্থানৰ ক্ষেত্ৰত আপোচ কৰাইছিল, বহু বিশ্লেষকে আনকি তেওঁৰ স্থিতিক ‘প্ৰায় হেৰাই যোৱা’ বুলি অভিহিত কৰিছিল ।
Let’s talk about the World Champion!! HE JUST DID IT AGAIN 😱😳💪 #NorwayChess pic.twitter.com/GCIrCFDrKK
— Norway Chess (@NorwayChess) June 2, 2025
অৱশ্যে গুকেশে নিজৰ মনটোক স্থিৰ কৰি এক উজ্জ্বল খেল প্ৰদৰ্শন কৰে । খেলৰ হেঁচাৰ মাজতো তেওঁ লাহে লাহে নিখুঁত আৰু শান্ত হৈ পুনৰ খেললৈ উভতি আহে । এটা ৰোমাঞ্চকৰ টাৰ্ণআউটত তেওঁ অৰ্জুনৰ সুবিধা নিষ্ক্ৰিয় কৰি গতি নিয়ন্ত্ৰণ কৰিবলৈ ধৰে ।
সময় শেষ হোৱাৰ লগে লগে অৰ্জুনে গুকেশক সুযোগ দিবলৈ যথেষ্ট উৎকণ্ঠিত হোৱা দেখা যায় । যাৰ সুবিধা তেওঁ নিখুঁতভাৱে গ্ৰহণ কৰে । ফলত মেচৰ অন্তত অৰ্জুনে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় ।
OMG! GUKESH DOES IT - AGAIN!!! 🔥
— Norway Chess (@NorwayChess) June 2, 2025
From losing to winning this time against ARJUN! 😱
Everything just clicks for the World Champion!#NorwayChess
📷 Norway Chess / Michal Walusza pic.twitter.com/bMPQDF6dkv
এই জয় কেৱল গুকেশৰ বাবে ব্যক্তিগত মাইলৰ খুঁটি নহয়, বিশ্ব মঞ্চৰ অন্যতম কঠিন প্ৰতিযোগী হিচাপে তেওঁৰ স্থিতিও গঢ় লৈ উঠিছে । প্ৰথম দ্বিতীয়খন খেলত পৰাস্ত হোৱাৰ পিছত গুকেশ যিদৰে উভতি আহিছিল, তাৰ ফলত তেওঁৰ অনুৰাগীসকলো সুখী হৈছিল । বিশ্ব চেম্পিয়নগৰাকীৰ অনুৰাগীসকলে ইতিমধ্যে ছ’চিয়েল মিডিয়াত উদযাপন কৰিছে তেওঁৰ জয় ।