ETV Bharat / sports

বিশ্ব দবা চেম্পিয়নৰ হাতত পৰাস্ত নাকামুৰা, নৰৱেৰ দবা প্ৰতিযোগিতাত একেৰাহে দুটা পৰাজয়ৰ পিছত প্ৰথমটো জয় ডি গুকেছৰ

বিশ্ব চেম্পিয়ন ডি গুকেছে নৰৱে দবা খেলত বিশ্বৰ ২ নম্বৰ হিকাৰু নাকামুৰাক পৰাস্ত কৰিবলৈ সক্ষম হয় ৷

D Gukesh Beats Hikaru Nakamura after 2 consecutive loss in first two rounds in Norway Chess 2025
বিশ্ব চেম্পিয়ন ডি গুকেছ (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 12:16 PM IST

2 Min Read
Choose ETV Bharat

ষ্টাভাংগাৰ (নৰৱে): ২০২৫ চনৰ ২৯ মে’ বৃহস্পতিবাৰে ১৯ বছৰত ভৰি দিলে বিশ্ব দবা চেম্পিয়ন ডি গুকেশ ডোমাৰাজুৱে ৷ ১৯ বছৰীয়া এই বিশেষ দিনটোতে এক অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে ডি গুকেশ ৷ বিশ্ব দবা চেম্পিয়নগৰাকীয়ে ১৯ সংখ্যক জন্মদিনত বিশ্বৰ ২ নম্বৰ আমেৰিকাৰ হিকাৰু নাকামুৰাক পৰাস্ত কৰি নৰৱে দবা খেলত ৩ পইণ্ট লাভ কৰে ৷

প্ৰথম দুটা ৰাউণ্ডত বিশ্বৰ ১ নম্বৰ নৰৱেৰ মেগনাছ কাৰ্লচেন আৰু দেশবাসী অৰ্জুন এৰিগাইছিৰ হাতত একেৰাহে পৰাজয়ৰ সন্মুখীন হোৱা গুকেছে ৰেপিড আৰু ব্লিটজৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ নাকামুৰাক ৪২টা খোজত (moves) খেলখন জয় কৰিবলৈ সময়ৰ হেঁচাত পেলাইছিল ।

যোৱা দুখন মেচত অহৰহ সময়ৰ চাপত আছিল গুকেশ । কিন্তু এই মেচখনত তেওঁ ছয়জনীয়া ডাবল ৰাউণ্ড ৰবিন প্ৰতিযোগিতাখনৰ তৃতীয় ৰাউণ্ডত নাকামুৰাক সময়ৰ হেঁচা পেলাবলৈ সক্ষম হ’ল ।

এই মেচত জয়ী হোৱাৰ পাছত ডি গুকেশে কয়, ‘‘মোৰ বৰ ভাল লাগিছে । মই ভাবো মোৰ টাইম মেনেজমেণ্ট আজি আগৰ তুলনাত ভাল আছিল । তেওঁ (নাকামুৰা) ড্ৰ’ কৰাৰ কেইটামান সুযোগ পাইছিল, কিন্তু মই ভাবো, সামগ্ৰিকভাৱে মোৰ প্ৰদৰ্শন ভাল আছিল ৷’’

প্ৰতিযোগিতাখন আগবাঢ়ি যোৱাৰ লগে লগে আৰ্মাগেডনৰ টাই ব্ৰেকত আৰামদায়ক হ’ব নেকি বুলি সোধাত গুকেশে কয়, "হয়, মানে এটা সময়ত ই নিশ্চিতভাৱে আহিব । কিন্তু এতিয়াই, মই মাত্ৰ এই জয়ত সুখী ।’’

যোৱা ডিচেম্বৰ মাহত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি বিশ্ব খিতাপ দখল কৰা গুকেশে স্বীকাৰ কৰে যে তেওঁ পৰাস্ত হোৱা যোৱা দুখন খেল তেওঁৰ বাবে ‘কঠোৰ’ আছিল । তেওঁ কয়, ‘‘যোৱা দুখন খেল অলপ কঠিন আছিল । কিন্তু আজি মই ইয়াক নতুন টুৰ্ণামেণ্টৰ দৰে খেলিবলৈ চেষ্টা কৰিলো । মই আনন্দিত যে মই (তেনেকৈ) খেলিলো ।’’

এই জয় পূৰ্বতকৈ ঘড়ীটো ভালদৰে পৰিচালনা কৰাৰ প্ৰত্যক্ষ ফল নেকি বুলি সোধাত তেওঁ কয়, ‘‘মোৰ টাইম মেনেজমেণ্ট আৰু মোৰ খেল (আজি) বহুত ভাল আছিল ৷ মই সুখী ।’’

লগতে পঢ়ক : ইতিহাস ৰচি বিশ্ব দবা চেম্পিয়নশ্বিপৰ নতুন সম্ৰাট ডি গুকেশ

লগতে পঢ়ক : দবা চেম্পিয়ন ডি গুকেশসহ ৪ গৰাকী খেলুৱৈক খেল ৰত্ন বঁটা প্ৰদান