ৰ’নাল্ডোৰ চকুত চকুপানী; দ্বিতীয়বাৰৰ বাবে ইউয়েফা নেশ্যনছ লীগ খিতাপ দখল পৰ্তুগালৰ
তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ নেতৃত্বত পর্তুগালে স্পেইনৰ বিৰুদ্ধে পেনাল্টি শ্বুট আউটত জয়লাভ কৰি দ্বিতীয়বাৰৰ বাবে ইউয়েফা নেশ্যনছ লীগৰ খিতাপ দখল কৰে ৷

Published : June 9, 2025 at 2:50 PM IST
মিউনিখ: দুবাৰকৈ ইউ এফ এ নেশ্যনছ লীগ জয় কৰা প্রথমখন দেশত পৰিগণিত হৈছে পর্তুগাল ৷ তাকে দেখি হুকহুকাই কান্দি উঠে তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো ৷
মিউনিখত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেল মেচখনত পৰ্তুগালে পেনাল্টিত ৫-৩ গ’লত পৰাস্ত কৰে বিপক্ষক ৷ পৰ্তুগীজ ষ্ট্ৰাইকাৰগৰাকীয়ে নিজৰ দলৰ হৈ দ্বিতীয়টো গ’ল দি সমতা স্থাপন কৰে যদিও আঘাতৰ বাবে আধাতে খেলপথাৰ ত্যাগ কৰিবলগীয়া হয় ।
🏆 #NationsLeague-Champions 2025: Congrats, @selecaoportugal! 🙌🤩🎉
— UEFA Nations League DE (@EURO2024DE) June 8, 2025
#Portugal | #POR | #PORESP pic.twitter.com/LjQzlFO22K
অন্তিমখন খেলত দুয়োটা দলে আৰম্ভণিৰে পৰাই আগ্ৰাসী মনোভাৱৰে খেলপথাৰত নামে ৷ স্পেইনৰ হৈ এটা গ’ল দি মেচখনত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰে মাৰ্টিন জুবিমেণ্ডিয়ে । কিন্তু, ৫ মিনিটৰ পাছত নুনো মেণ্ডেছে পৰ্তুগালক সমতা স্থাপন কৰাত সহায় কৰে । অৱশ্যে হাফটাইমত মাইকেল অয়াৰজাবালে এক উজ্জ্বল ফিনিছিঙৰে স্ক’ৰ ২-১ কৰে ।
🏆 #NationsLeague-Champions 2025: Congrats, @selecaoportugal! 🙌🤩🎉
— UEFA Nations League DE (@EURO2024DE) June 8, 2025
#Portugal | #POR | #PORESP I.E. 5:3 pic.twitter.com/pZsihgWWQ9
দ্বিতীয়াৰ্ধৰ ১৫ মিনিটৰ ভিতৰতে ছুপাৰষ্টাৰ ৰ’নাল্ডোৱে কেৰিয়াৰৰ ৯৩৮ সংখ্যক গ’লটো দি মেচখনত ২-২ গ’লত সমতা স্থাপন কৰে । নিৰ্ধাৰিত সময়ৰ ভিতৰতে ৰ’নাল্ডোৱে গোৰোহাত আঘাত পোৱাৰ পিছতো পৰ্তুগালে অতিৰিক্ত সময়ত চাপ অব্যাহত ৰাখিছিল । কিন্তু নিয়মীয়া সময়ত দুয়োটা দলে জয় সাব্যস্ত কৰিব নোৱাৰিলে আৰু মেচখন পেনাল্টিলৈ যায় । অৱশেষত ৰুবেন নেভেছে নিৰ্ণায়ক পেনাল্টিটো দি পৰ্তুগালৰ ৫-৩ গ’লত জয় নিশ্চিত কৰে ।
🏆 #Respect, Cristiano Ronaldo. 👏👏👏#NationsLeague | #CristianoRonaldo pic.twitter.com/3hUGQXz6AF
— UEFA Nations League DE (@EURO2024DE) June 8, 2025
পেশীৰ আঘাতৰ সমস্যাৰ বাবে তাৰকা ফুটবলাৰগৰাকীয়ে ৮৮ মিনিটত খেলপথাৰ ত্যাগ কৰিবলগীয়া হয় ৷ খেলৰ শেষত খেলপথাৰৰ মাজলৈ দৌৰি আহি নিজৰ কেৰিয়াৰৰ তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় ট্ৰফী লাভ কৰাৰ পিছত চকুলো টুকিছিল তাৰকা খেলুৱৈজনে ।
É NOSSA!!!!!! 🏆 pic.twitter.com/YPqYflKKiE
— Cristiano Ronaldo (@Cristiano) June 9, 2025
ইউয়েফা নেশ্যনছ লীগৰ এয়া আছিল ৰ’নাল্ডোৰ দ্বিতীয়টো জয় আৰু ২০১৬ চনত তেওঁ ইউৰো কাপতো জয়লাভ কৰিছিল ।
খেলখনৰ অন্তত স্প’ৰ্ট টিভিৰ সৈতে হোৱা কথা-বতৰাত ৰ’নাল্ডোৱে কয়, ‘‘কি আনন্দৰ কথা । প্ৰথমতে এনে সন্মানৰ যোগ্য এই প্ৰজন্মৰ বাবে, আমাৰ পৰিয়ালৰ বাবে । মোৰ সন্তান ইয়ালৈ আহিছিল, মোৰ পত্নী, মোৰ ভাই, মোৰ বন্ধুসকল আহিছিল । পৰ্তুগালৰ হৈ জয়লাভ কৰাটো সদায় বিশেষ । ক্লাবৰ সৈতে মোৰ বহু খিতাপ আছে ৷ কিন্তু পৰ্তুগালৰ হৈ জয়ী হোৱাতকৈ ভাল একোৱেই নাই । এয়া আনন্দৰ চকুলো । ই কৰ্তব্যৰ নিষ্পত্তি আৰু বহুত সুখ ।’’
Cristiano Ronaldo kneeling and crying after Portugal defeated Spain in the UEFA Nations League final, but no other player approached him.#PortugalVsSpain #PORSPA pic.twitter.com/38uHhWb2yd
— Klipeleven.com (@Klip11com) June 8, 2025
ফুটবলাৰগৰাকীয়ে কয়, ‘‘পৰ্তুগালৰ কথা ক’লে সদায় এক বিশেষ অনুভৱ হয় । এই প্ৰজন্মৰ অধিনায়ক হোৱাটো গৌৰৱৰ বিষয় । জাতীয় দলৰ হৈ খিতাপ জয় কৰাটো সদায়ে উচ্চ ।’’
লগতে পঢ়ক: কাৰ্লোছ আলকাৰাজে ইতিহাস ৰচিলে, একেৰাহে দ্বিতীয়বাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ খিতাপ দখল

