ETV Bharat / sports

অলিম্পিকত অন্তৰ্ভুক্ত হ'ল ক্ৰিকেট; কিমান দলে কৰিব পাৰিব অংশগ্ৰহণ ? - LA 2028 OLYMPICS

২০২৮ লছ এঞ্জেলছ অলিম্পিকত নতুনকৈ ৫ টা খেল অন্তৰ্ভুক্ত হ'ব । তাৰ ভিতৰত ক্ৰিকেট অন্যতম ।

LA 2028 OLYMPICS
অলিম্পিকত অন্তৰ্ভুক্ত হ'ল ক্ৰিকেট (AFP Photo)
author img

By ETV Bharat Assamese Team

Published : April 10, 2025 at 3:58 PM IST

2 Min Read

নতুন দিল্লী : বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগীয়ে ২০২৮ লছ এঞ্জেলছ অলিম্পিকৰ বাবে গভীৰ আগ্ৰহেৰে ৰৈ আছে । কিয়নো আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে (IOC) নিশ্চিত কৰিছে যে ১২৮ বছৰত প্ৰথমবাৰৰ বাবে অলিম্পিকত ক্ৰিকেট খেল অন্তৰ্ভুক্ত হ'ব । অৰ্থাৎ অহা অলিম্পিকত পুৰুষ আৰু মহিলাৰ ক্ৰিকেটকলৈ বৃহৎ ঘোষণা আহিছে ।

টি-২০ ফৰ্মেটত হ'ব ক্ৰিকেট :

ক্ৰীড়াৰ মহাকুম্ভ খ্যাত অলিম্পিকত টি-২০ ফৰ্মেটত ক্ৰিকেট খেলা যাব । অৱশ্যে ২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকত মাত্ৰ ৬ টা দল স্বৰ্ণ পদকৰ দাবীদাৰ হ'ব । উল্লেখ্য যে ১৯০০ চনত পেৰিছত অলিম্পিকত মাত্ৰ এখন ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল । অৱশ্যে ১২৮ চনৰ পিছত ই পুনৰ অলিম্পিকলৈ উভতি আহিব । পৰৱৰ্তী ২০৩২ চনৰ ব্ৰিছবেন অলিম্পিকতো ক্ৰিকেট থাকিব ।

৬ টা দলে কৰিব অংশগ্ৰহণ :

আয়োজকে বুধবাৰে নিশ্চিত কৰিছে যে ২০২৮ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট খেল অনুষ্ঠিত হ'ব । পুৰুষ আৰু মহিলা দুয়োটা শাখাতে হ'ব প্ৰতিযোগিতা । প্ৰতিটো প্ৰতিযোগিতাত মুঠ ৯০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । যাৰ ভিতৰত প্ৰতিটো দলতে ১৫ জন সদস্য থাকিব ।

কেনেকৈ যোগ্যতা অৰ্জন কৰিব :

২০২৮ চনৰ অলিম্পিকৰ বাবে যোগ্যতা কিধৰণে নিশ্চিতকৰণ কৰা হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (ICC) অধীনত ১২ খন পূৰ্ণ সদস্যৰ ৰাষ্ট্ৰ আছে । আনহাতে ৯০ ৰো অধিক দেশ সহযোগী সদস্য হিচাপে টি-২০ ক্ৰিকেট খেলি আছে । যিহেতু আমেৰিকাত অলিম্পিক হ'ব সেয়ে নিশ্চিতভাৱে ইউএইৰ দলটোৱে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব । বাকী দলসমূহৰ ভিতৰত কেৱল ৫ দলেহে যোগ্যতা অৰ্জন কৰিব পাৰিব ।

উল্লেখ্য যে আগন্তুক অলিম্পিকত অন্তৰ্ভুক্ত হ'বলগীয়া ৫ টা খেলৰ ভিতৰত ক্ৰিকেট অন্যতম । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে বেছবল/ছফটবল, ফ্লেগ ফুটবল, লেক্ৰ'ছ (ছিক্স) আৰু স্কোয়াছৰ লগতে ক্ৰিকেট অন্তৰ্ভুক্ত কৰাত মঞ্জুৰী দিছে ।

লগতে পঢ়ক :টীম ইণ্ডিয়াৰ ঘৰুৱা শৃংখলাৰ সূচী ঘোষণা - TEAM INDIA HOME SERIES ANNOUNCED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.