নতুন দিল্লী : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ত সোমবাৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ । কিন্তু খেলখনৰ পূৰ্বে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে হায়দৰাবাদ । কাৰণ তেওঁলোকৰ তাৰকা অ’পেনাৰ ট্ৰেভিছ হেড Covid-19 পজিটিভ বুলি ধৰা পৰিছে আৰু ইয়াৰ বাবেই তেওঁ লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (LSG)ৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খেলখনত অংশ ল’ব নোৱাৰিব ।
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখ্য প্ৰশিক্ষক ডেনিয়েল ভেট্টৰীয়ে দেওবাৰে প্ৰকাশ কৰে যে দলটোৰ অষ্ট্ৰেলিয়ান অ’পেনাৰ ট্ৰেভিছ হেডৰ কৰ’ণা পজিটিভ পোৱা গৈছে । ইয়াৰ বাবে তেওঁ সময়মতে ভাৰতলৈ ঘূৰি আহিব নোৱাৰিলে আৰু লগতে দলৰ পৰৱৰ্তী মেচতো খেলিব নোৱাৰিব ।
অষ্ট্ৰেলিয়াৰ পৰা উভতি নাহিল ট্ৰেভিছ হেড
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে এসপ্তাহৰ বাবে বন্ধ হৈ পৰে আই পি এল ২০২৫ । যাৰবাবে সকলো বিদেশী খেলুৱৈ নিজ নিজ ঘৰলৈ উভতি যায় । ট্ৰেভিছ হেডেও নিজৰ দেশ অষ্ট্ৰেলিয়ালৈ গৈছিল । আই পি এল পুনৰ আৰম্ভ হোৱাৰ সময়ত তেওঁলোকৰ অধিনায়ক পেট কামিন্স ভাৰতলৈ উভতি আহিছিল যদিও ট্ৰেভিছ হেড ঘূৰি নাহিল । এই কথাত সকলোৱে আচৰিত হৈছিল আৰু এতিয়া ইয়াৰ আঁৰৰ কাৰণ সকলোৱে জানে ।
🚨Shocking : Australian Cricketer Travis Head tested positive for Covid.
— The Frustrated Indian (@FrustIndian) May 18, 2025
He is set to miss the remainder of IPL 2025. pic.twitter.com/QCTBSlB84t
কি ক’লে প্ৰশিক্ষক ডেনিয়েল ভেট্টৰীয়ে
ছানৰাইজাৰ্ছৰ প্ৰশিক্ষক ভেট্টৰীয়ে শনিবাৰে সংবাদমেলত প্ৰকাশ কৰে যে অষ্ট্ৰেলিয়াত থকাৰ সময়তে হেড কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছিল । যাৰ বাবে তেওঁ তৎক্ষণাত ভাৰতলৈ ঘূৰি আহিব নোৱাৰিলে আৰু এতিয়া সোমবাৰে পুৱাহে ইয়াত উপস্থিত হ’ব । সেয়ে লক্ষ্ণৌৰ বিৰুদ্ধে আজিৰ খেলখনত তেওঁ খেলিব নোৱাৰিব, কিন্তু পৰৱৰ্তী মেচত খেলিব পাৰিব নে নোৱাৰে সেয়া পৰীক্ষণৰ পাছতহে সিদ্ধান্ত লোৱা হ’ব ।
অৱশ্যে হেডৰ অনুপস্থিতিয়ে হায়দৰাবাদত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে কিয়নো ইতিমধ্যে দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে আৰু প্লে অফত প্ৰৱেশ কৰাত ব্যৰ্থ হৈছে ।
Travis Head tested positive for COVID19.
— Mufaddal Vohra (@mufaddal_vohra) May 18, 2025
- He's unlikely to play Vs LSG. pic.twitter.com/hMOZFH86Mm
৪ বছৰৰ পিছত আই পি এলত কৰ’ণাৰ প্ৰৱেশ ?
আশ্চৰ্যজনকভাৱে যোৱা ৪ বছৰত আই পি এলত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ এয়া প্ৰথম ঘটনা । ইয়াৰ পূৰ্বে আই পি এল ২০২১ সংস্কৰণত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল । যাৰবাবে প্ৰতিযোগিতাখন মাজভাগত বন্ধ কৰিবলগীয়া হৈছিল আৰু বাকী প্ৰতিযোগিতাখন কেইমাহমানৰ পিছত সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হৈছিল ।
তেতিয়াৰ পৰা পৰৱৰ্তী তিনিটা সংস্কৰণত কোনো সমস্যা নোহোৱাকৈ পাৰ হৈ গ’ল । যদিও এই বিষয়টো অষ্ট্ৰেলিয়াত চলি থকা আই পি এলৰ পৰা পোহৰলৈ আহিছে, তথাপিও ইয়াৰ বাবে আই পি এলৰ আন দলসমূহো সতৰ্ক হৈ থাকিব ।